poetry

সীমা

#assamese-poetry#poetry#সীমা

==সীমা==

আকাশ, বায়ু, জল, অগ্নি আৰু
পৃথিৱীৰ শূন্যতা ছেদি
ঘনঘোৰ কুহেলিকাৰ প্ৰহেলিকা ভেদি
আমি পাহাৰ বগাওঁ
আলাসৰ শুভ্ৰ এটুকুৰা ডাৱৰ হৈ
প্ৰাচীন শিলৰ নিজৰা বুকুত লৈ
ওখৰ পৰা আৰু ওখ হৈ যাওঁ

অংসত আমাৰ জ্ঞানৰ জোলোঙা
যুক্তিৰ শিলাময় বাটেৰে খুপি খুপি
এদেও দুদেও
সাৱধানী ছেও
নমনিলেই চিতভোলোঙা

জ্ঞান আমাৰ—
প্ৰজ্ঞা-তীৰ্থত স্নাত গঙ্গাচিলনীৰ নিতিতা ডেউকা
যুক্তি আমাৰ—
অস্মিতাৰ মহাভাৰ
পাৰ পালে ইপাৰ
নাপালে সিপাৰ
সন্দেহভঞ্জন মানেই সত্য প্ৰতিষ্ঠা বুলি ভবা তেনেই লেহুকা

কাল নিৰৱধি—
পাছে আছে তাৰো অৱধি
সময়ৰো যদি থাকে আদি আৰু অন্ত
লোভ আৰু ভোগৰ হেঁপাহ তেনে কিয়বা অনন্ত

আমি সীমা নিচিনোঁ
আক্ৰোশৰ অন্ত ক’ত নাজানোঁ
কিমান ওখ হ’লে আমাৰ আকাশ
প্ৰজ্ঞাৰ আলোকৰ হয় প্ৰকাশ
আমি বুজিব নোখোজোঁ

শিশু কৃষ্ণৰ মুখগহ্বৰত যশোদাই কৰিছিল ব্ৰহ্মাণ্ড দৰ্শন
ছোৱালীজনীয়ে মুখ মেলিলে পাছে ময়ো দেখোঁ ত্ৰিভুৱন
তাইৰ ক্ষুধা নিবাৰণ অথবা আব্দাৰ পূৰণ
তাতেই অন্ত মোৰ ব্ৰহ্মাণ্ডৰ সীমা
পৰৰ শিশুৰ ক্ষুধাতুৰ ক্ৰন্দনে নোৱাৰে চুব তাৰ পৰিসীমা
গৰুৰ খোজৰ পানীয়েই আমাৰ আকাশ
আমাৰ বাবে আকাশৰ
সেয়াইতো সীমা

বাসনাৰ দৌৰৰ সীমাৰ আছেনে শেষ
বাসনাক পিন্ধাওঁ যুক্তিৰ পোচাক
সত্য মিথ্যা নিৰ্বিশেষ
পাছে, ছফুট মাটিতেই দেখোন পেহমৰ দৌৰ শেষ
মইৰ সীমা সীমিত নহ’লে
সময়ত অশেষো নিঃশেষ

সীমা পাহৰাৰ বাবে সীতা এদিন পালেগৈ লংকা
কাজেই—
স্বৰ্ণ-লংকা তচনচ
ৰামৰো বুকু উদি
তথৈবচ