poetry

প্ৰেম

#assamese-poetry#poetry#love#প্ৰেম

==প্ৰেম==

প্ৰেম বুলিলে—
ভঙা কলিজা আৰু কাঁইটীয়া ৰঙা গোলাপ
দশোদিশ, পঞ্চেন্দ্ৰিয় আৰু এপিয়লা নৱৰসৰ
প্ৰচ্ছন্ন বিভোৰ বিলাপ
যেন—
দুপৰৰ তৰাবছা আকাশৰ জোনাক তিমিৰ
আৰু মেঘে ঢকা লাজুকী জোনৰ স’তে
মৌন আলাপ নিবিড়

কানসমনীয়াৰ অব্যৰ্থ নিচান নিবৃত্তিৰ ভেমত
প্ৰেমিকাৰ সাৰমেয়
তাইৰ বাবেই কবিৰ জীৱন-গণিত আৰু
যতমানে প্ৰমেয়

দিনটোলৈ কবি উৰুলিপুঙা
অথবা পদূলিশুঙা।

কবি এটি লহমাৰ অপেক্ষাত
আগচোতালৰ বননিৰ বন ফৰিং এটি হৈ
উদং উদাস দুপৰীয়াটোৰ ৰিং এটি গৈ
কিজানিবা মেলি দিয়ে
ৰুদ্ধ সিয়ান হৃদয় কপাট

এদিন হঠাৎ
চক্ৰবাত…..
আবতৰীয়া বিজুলীৰ চমকনি
আৰু নখে মাটি লেখা খোজৰ উচুপনি
আৰু—
ডবহা হাতৰ আঙুলিৰ
ফৰফৰনি আৰু ধৰফৰনি
দিনতে দেখি তৰা আৰু সৰিয়হৰ ফুল
চক্ৰাকাৰে ঘূৰে কবিৰ প্ৰেমৰ ভূগোল

সেই তেতিয়াৰে পৰা কবি স্বাধীন

আৰু তেতিয়াৰে পৰা—
কবি ভাবুক, উদাস তপস্বী
কেতিয়াবা বুদ্ধ, কেতিয়াবা অছ’
কেতিয়াবা ঋষি তেজস্বী