poetry

মুৰ্গীৰ অংক

#assamese-poetry #poetry #মুৰ্গীৰ অংক

== মুৰ্গীৰ অংক ==

(সৰু ল’ৰা ছোৱালীৰ বাবেহে)

এক আছিল বেপাৰী নাম তাৰ মণি ধনী হোৱাৰ হাউছত বেচিছিল কণী গোটে পতি দুটকা লাভে কুৰি-পাঁচ গণ্ডা বেচে এশ টকা পেট পুহোঁতে যায় কেইটকানো সাঁচে চিৎ খাই মাৰলি লেখি বিচনাত মণি এনেকৈ হ’লে কিমান দিন লাগিব হ’বলৈ বাৰু ধনী ভাবি চিন্তি মণিয়ে নাপায় আদি অন্ত ধনী হোৱাৰ আছেনে কিবা মহা গুপুত মন্ত্ৰ ভাৱনাতে বোলে হয় সিদ্ধি জ্ঞানীলোকে কয় আনে যদি কৰিব পাৰে নোৱাৰিম কিয় মই সেইবুলি মণিয়ে ভাবিলে দিন আৰু ৰাতি লুটিয়াই পেলালে পুথি-পাঁজি জ্বলাই বিজুলী বাতি বিজুলী বাতি চাৎকৈ এদিন মনৰ মাজত জ্বলিল ধনীৰ হোৱাৰ মন্ত্ৰ বিচাৰি ফণীৰ গৃহে চলিল ফণী আছিল লাং খাই মণি উঠিল দাং খাই ক’চোন ক’ হেৰৌ ফণী হ’লি তই কেনেকৈ ধনী মোৰ কথা মন দি শুন তেহে বুজিবি মণি ধনী হবলৈ নিতৌ তই নেলাগে বেচিব কণী গুপুত কথা কাণে কাণে কওঁ মন দি তই শুন কণীতকৈ মুৰ্গীৰহে আছে ধনী কৰোৱাৰ গুণ পোহ এজনী মুৰ্গী মুৰ্গীয়ে পাৰিব কণী কণীৰ পৰা আকৌ মুৰ্গী জগিব নালাগে যদিহে শনি কণীৰ পৰা মুৰ্গী মুৰ্গীৰ পৰা কণী কাৰবাৰটো চলাব জানিলে হৈ যাবি তই ধনী একোজনী মুৰ্গী বছৰি
দুশ পইষষ্ঠি কণী বাকীখিনি বেচি এশ দিয়াবি উমনি আধাখিনি যদি মুৰ্গী আধাখিনি মুৰ্গা হয় চিন্তা তই নকৰিবি মণি নপৰিবি তই জঁয় ছমাহৰ মূৰত মুৰ্গীয়ে পাৰিব পাৰে কণী দুবছৰৰ বাবে কণীবোৰ যাবি তই গণি দুবছৰ বয়স হ’লে কুকুৰা বেচিবি তই দাম কিমান ল’ব লাগিব নকওঁ বাৰু মই

দহবছৰৰ মূৰত ধন পাবি জাননে কিমান অংক জানিলে তেনেই উজু ধনীৰ ধন যিমান…