মহাপলায়ন
[এইটো সঁচা ঘটনা। কাল একে ৰাখি স্থানৰ নাওমান আৰু পাত্ৰ মানে ঘটনাটোৰ নায়কসকলৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি নামবোৰ সম্পূৰ্ণ সলনি কৰা হৈছে। লেখাটো ঘটনাটোৰ নায়কসকল আৰু লেখাটোত টেগ কৰাসকলৰ প্ৰতি উচৰ্গিত]
তেতিয়া ১৯৯৯-২০০০ চন মান হ’ব। অনুপম গুৱাহাটীৰ বাসিন্দা হোৱাৰ বেচ কিছুদিন হ’ল। অনুপমৰ একে গাঁৱৰে অকণৰ বি.এ. ৰ ৰিজাল্ট তেতিয়া ওলাইছে মাত্ৰ। অকণৰ এম.এ. কৰাৰ কোনো ইচ্ছা নাছিল। সি বিচাৰিছিল ঠিকা-ঠুকলি কৰিব- পিছে বাপেক নাচোৰবান্দা। বাপেকে আল্টিমেটাম দি দিলে- ঠিকা মুঠেই নহ’ব। ঠিকা-ঠুকলিৰ বাবে ভুলতো পইছা দিয়া নাযাব। খঙতে বাপেক পুতেক দুয়োৰে এখুন্দা লাগিলেই। এই খুন্দাটো দুদিনমান শীতল যুদ্ধলৈ পৰিণত হৈ চলি থাকিল আৰু ঘৰৰ বাকীসকলৰ অবিৰত অসহযোগৰ বাবে শেষত চেঁচা পৰি দুয়োপক্ষই যুদ্ধবিৰতি ঘোষণা কৰিবলৈ বাধ্য হ’ল। চুক্তি হ’ল- পিতৃধৰ্মৰ ৰোল মতে বাপেকে পইছা দিব, কিন্তু ঠিকা কৰি টিকা উলিয়াবলৈ নহয়। অকণৰ সংগীতত ৰাপ আছিল, ভাল গান লিখে, ধুনীয়া সুৰ কৰে- লখিমপুৰত পঢ়ি থাকোঁতে গানৰ কেছেটো উলিয়াইছিল, এতিয়াৰ এজন বিখ্যাত গায়কক সিয়েই প্ৰথম গীত গোৱাবলৈ উলিয়াই আনিছিল। সিদ্ধান্ত হ’ল যে অকণ গুৱাহাটীলৈ যাব, গুৱাহাটীলৈ গৈ সংগীতৰ ক্ষেত্ৰখনত ভাগ্যৰ সন্ধান কৰিব। ঠিকা-ঠুকলিৰ পৰা মন আঁতৰাবলৈ বাপেকে এইকণ ৰিক্স লৈ পেলালে।
অচিৰেই অকণ গুৱাহাটীলৈ বুলি ওলাল আৰু একে ঠাইৰে অনুপমৰ লগ লাগিলগৈ। দুয়োটাই হেঙেৰাবাৰীৰ ফালে ঘৰ ভাড়া লৈ নিজৰ নিজৰ ভাগ্যৰ সন্ধানত ব্যস্ত হৈ পৰিল। তেনেকুৱাতে অভিনয়ত ৰাপ থকা অভিনৱো আহি সিহঁতৰ লগ লাগিলহি। লাহে লাহে দিনবোৰ বাগৰি গৈ গৈ ২০০১ ত সোমাল। একে ঠাইৰে আকাশো মেট্ৰিক পাছ কৰি নাটক শিকাৰ লগতে কলেজ পঢ়িম বুলি অনুপমহঁতৰে একেটা কেম্পাছতে সোমালহি। আকাশ আহি পোৱা কেইদিনমান হৈছিলহে- কিবা কামত অনুপম ঘৰলৈ বুলি ওলাল। ওলাল যি ওলাল, মাকৰ ঘৰলৈ জীয়েক গ’লে আঠা লাগি ধৰাৰ দৰে অনুপমো ঘৰলৈ গৈ বজ্ৰলেপটোৰ দৰে লাগি ধৰিলে। দিন যায় হে যায়, ইফালে অনুপম অহাৰ নাম-গোন্ধেই নাই। ইফালে ঘৰ ভাড়া দিয়াৰ শান্তিপূৰ্ণ তাৰিখ পাৰেই হওঁ হওঁ। হাতত থকা পইছাকেইটাও দুয়োটাৰে ঢুকাওঁ ঢুকাওঁ, যিকেইটা পইছা বাকী আছেগৈ, অনুপম নাহিব লাগিলে পেটত গামোচা বান্ধিবলগীয়া হ’ব এতিয়া। ডেকাদাৰ দোকানত আগৰে বাকী কেইটামান দিবলৈ আছেই, নতুনকৈ বাৰু কোনটো নাকেৰে খোজে।
উপায় নাপাই অৱশেষত অকণ আৰু অভিনৱে সিদ্ধান্তটো লৈ ল’লে। সিদ্ধান্ত মানে- সিহঁতৰ হাতত যিহেতু পইছা নায়েই গতিকে ভাড়া দিব নোৱাৰাৰ বাবে মালিকৰ গালি শুনি থকাতকৈ দুয়োটা পলোৱাই ভাল। পিছে পলোৱা যায় কেনেকৈ? দুয়োটা আছিল বুদ্ধিত বৃহস্পতি। মূৰ খজুৱাই বুদ্ধি এটা উলিয়াই পেলাবলৈ কেতপৰ। সিহঁত দুটাই এইবোৰ গুণাগথাঁ কৰি থাকোঁতে আকাশো আহি সিহঁতৰ ৰুম পালেহি। সি প্ৰথমে একো তলা-নলা ধৰিব পৰা নাছিল যদিও কিবা এটা সন্দেহ হোৱাত পেৰি পেৰি সুধি দেখিলে কথা সৰ্বনাশ। অকণহঁত পলাবলৈ হ’লে উৰহৰ খং ভগা ঢাৰিত পৰাৰ দৰে ঘৰৰ মালিকে একে ঠাইৰে বুলি তাৰ পিঠিতে ঔফুল বাছিব। আকাশ তেনেই লেতু-সেতু হৈ পাৱে পৰি হৰি কাকুতি ঘোষা গোৱাত লাগিল। অকণহঁতেও ভাবিলে- কথাটো হয়, ইয়াক এনেদৰে দলনিত পোনা মেলি থৈ যোৱাটো ভাল নহ’ব। কাজেই আকাশো টিমত চামিল হ’ল।
সন্ধিয়াৰ আগে আগে অকণ আৰু অভিনৱক ভূতে খেদা মানুহৰ দৰে দৌৰি দৌৰি হেঙেৰাবাৰী তিনিআলিটোৰ পৰা ভাড়াঘৰৰ মালিকৰ ঘৰলৈ অহা দেখা গ’ল। হেঁপাই-ফোঁপাই অহা দুয়োটাকে দেখি ঘৰৰ মালিকনীয়ে(মালিকজন ঘৰত নাছিল) সুধিলে- “কি হ’ল তোমালোকৰ“। দুয়োটাই কোৰাছ গালে যে এই অলপ সময়ৰ আগতে আমাৰ লোকেল ল’ৰাৰ লগত কাজিয়া হৈছে, এতিয়া সিহঁতে আমাক মাৰিবলৈ বিচাৰি ফুৰিছে। কেনেবাকৈ পালেই শেষ। মালিকনীকো চিন্তিত হোৱা দেখা গ’ল। মালিকনীয়ে সুধিলে - “কি কৰিবা এতিয়া“? অভিনৱৰ উত্তৰটো ৰিহাৰ্ছেল কৰাই আছিল- “খুৰী আমি সেইকাৰণে আজি গধুলিয়েই কোনেও নেদেখাকৈ ইয়াৰ পৰা বস্তু-বাহানিলৈ যাওঁ বুলি ভাবিছোঁ, আকাশকো লৈ যাওঁ, নহ’লে একে ঠাইৰে বুলি তাকে ধৰিব ল’ৰাবোৰে। আপোনাৰ ভাড়াটো পিছত আহি দি থৈ যাম, হ’বনে বাৰু খুৰী“? মালিকনীও তিৰোতা মানুহ- ল’ৰাৰ বিপদ দেখি সহিব নোৱাৰি অনুমতি দি দিলে।
সন্ধিয়া হোৱাৰ লগে লগে তিনিওটাই বস্তু-বাহানিবোৰ সামৰি গাড়ীত উঠাই যাবলৈ লওঁতেহে মনত পৰিল যে কেইদিনমানৰ আগতে কিনা অনুপমৰ দামী উডলেণ্ড জোতাযোৰ থাকি আহিল। সৰ্বনাশ, সেইযোৰ এৰি থৈ আহিব লাগিলে সিজনাই আহি কলিজা খাবহি। অকণ:- “ঐ অভিনৱ, যুধিষ্ঠিৰৰ খৰমযোৰ থকি আহিল নহয়, সেইযোৰ লৈ আনোগৈ ব’ল, নহ’লে অনুপমদাই আহি সুদাই নেৰিব আমাক”। কাজেই দুটা ছাঁয়ামূৰ্তি পুনৰ ভাড়াঘৰৰ দুৱাৰমুখত উপস্থিত হোৱা দেখা গ’ল। লাইট-চাইটসোপা গোটেই খুলি নিয়াৰ বাবে ভিতৰখন চোৰে চৰ মাৰিলেও নেদেখা আন্ধাৰ।এফালে মহৰ কামোৰ, আনফালে ঘৰৰ খৰুছ মালিকজন ঘূৰি অহাৰ ভয়। ভয়ে ভয়ে দুয়োটাই মজিয়াত পেট পেলাই পানীত সাঁতোৰাৰ দৰে অনুপমৰ জোতা বিচৰাত লাগিল। অলপ সময় মহক ৰক্তদান কৰাৰ পাছত ঈপ্সিত বস্তুটিত হাত লগাৰ পাছতহে দুয়োটাৰ মুখলৈ পানী আহিল। এইবাৰলৈ বাছিলোঁ বুলি মনৰ আনন্দতে তিনিওটাই অটোত বহি ৰাজগড়ৰ নতুন ভাড়াঘৰলৈ পোনাই দিলে।
নতুন ভাড়াঘৰত আকাশৰ হাতত থকা পইছাকেইটাৰে এডভাঞ্চ দিয়াৰ পাছত ৰাতিটোলৈ ভাতসাঁজৰ যোগাৰটো যেনিবা হ’লগৈ। কাল ক্যা হৌগা দেখা যায়গা বুলি তিনিওটাই অনুপম ঘূৰি নহাৰ বাবে সমজুৱা গালি এচাট পাৰি শান্তিৰে সেইৰাতিলৈ নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল।
পিছদিনা ৰাতিপুৱা অভিনৱ ওলাল কামৰ সন্ধানত। ৰাজগড়েই তাৰ কৰ্মৰ সন্ধানৰ ক্ষেত্ৰ বাবে পইছাৰ চিন্তা তাৰ নাছিল- দিনটো তাতে ক’ৰবাত খাই দিব পৰা যাব। ইফালে অকণৰ হাতত আছে মাত্ৰ ১০ টকা। আকাশৰ হাতত থকা কেইটাতো ভাড়া দিওঁতেই গ’ল। সেই ১০ টকাৰে আকাশৰ কলেজলৈ যোৱাৰ ভাড়াও দিব লাগিব আৰু ৰাতিটোলৈ ভাতমুঠি যোগাৰ কৰিবও লাগিব। অকণ অলপ দ্বায়িত্বশীল ধৰণৰ আছিল। সি এই নিমিলা অংকটো মিলাবৰ বাবে আকৌ নতুনকৈ প্লেন এটা কৰি পেলালে। বাকী থকা ১০টকাৰ ৬ টকা আকাশক কলেজলৈ যাবৰ বাবে দি সি নিজেও ৰাজগড়ৰ ষ্টুডিঅ’লৈ বুলি কামৰ সন্ধানত ওলাই গ’ল।
ষ্টুডিঅ’ৰ কাম-বন সামৰি অকণে চানমাৰীৰ ফ্লাই-অভাৰৰ ওপৰেৰ সি ৰাতিপুৱা কৰি থোৱা প্লেনটোৰ মতে গণেশগুৰিৰ ফালে যাবলৈ বুলি কমাৰ্ছৰ ষ্ট’পেজটোৰ ফাললৈ আহি থাকোঁতে দেখিলে সিফালৰ পৰা আকাশ কলেজৰ পৰা ঘূৰি ভোকে-লঘোণে লবেজান হৈ আহি আছে। সৰ্বনাশ এতিয়া, ই দেখা পাব লাগিলে হাতত থকা পইছাকেইটাৰে যাবলৈহে হ’ব, ঘূৰি আহোঁতে খোজ কাঢ়িহে আহিব লাগিব দেখোন। সেইবুলি অকণে আকাশক নেদেখাৰ ভাও জুৰি কোবাকুবিকৈ তাক পাৰ হৈ যাওঁ বুলি ধৰোঁতেই দুৰ্বল কণ্ঠেৰে আকাশে মাত দিলে- “অকণ দা, আপুনি ক’লৈ যায়? ময়ো যাম“।
(আগলৈ)
[যোৱা সংখ্যাৰ পিছৰ পৰা]
তাক বাগি দি সাৰিম বুলি ভবা অকণৰ বুদ্ধিটো নাখাটিল। তাক যেন এইমাত্ৰ দেখা পালে এনেকুৱা এটা ভাৱত অকণে বচন মাতিলে—
: আৰ্ৰে, আকাশ দেখোন— কলেজৰ পৰা আহি আছ নেকি? তই ৰুমলৈ যাচোন, মই অলপ গণেশগুৰিৰ পৰা আহোঁ ৰহ—কাম এটা আছে : নাই। ময়ো যাম আপোনাৰ লগত :হেৰৌ, তই গৈ কৰিবি কি? মোৰ কাম আছে, তই মিছাতে যাব নালাগে, ভাগৰে-জুগৰে আহিছহে।
আচলতে আকাশৰ টেনছনটো হ’ল— ৰুমত গৈ কৰিবনো কি? খাবলৈতো একোডাল নায়েই। এইজনে সুৰুঙা পাই মোক অথাই সাগৰত পেলাই থৈ লগৰ কাৰোবাৰ ৰুমত মস্তি মাৰি খাবলৈহে ওলাইছে এথোন। নাই নাই, নহ’ব। কোনোপধ্যেই লগ এৰা নহ’ব। এইজনৰ লগত থাকিলে অন্ততঃ কিবা অকন পেটত পৰাৰ চান্স আছে , নহ’লে ৰাতিলৈ পেট চিলাব লাগিব। সিজনাৰটো চিন্তাই নাই, কাৰোবাৰ তাত মাৰিয়েই আহিব এপেট।
ওৱা, ই দেখোন তেনেই চেলাপেটী জোক লগাদি লাগিল। মুঠতে যাবই যাব। আকাশে যিভাগে অকণক যাম বুলি হেঁচা মাৰি ধৰিলে যেন যাম মানে পাৰিলে যেনিবা অকণৰ পিঠিত লাফ মাৰি উঠিহে ল’ব।
: ঠিক আছে, ব’ল বাৰু। পিছে মোৰ হাতত আছে মাত্ৰ ৪ টকা। এইকেইটাৰে আমাৰ দুটাৰ যাবলৈহে হ’ব, ঘূৰি আহোঁতে খোজ কাঢ়ি আহিব লাগিব কিন্তু। আৰু খবৰদাৰ, ক’ত যাম, কি কৰিম একো সুধিব নোৱাৰিবি। মই য’লৈ যাওঁ, মাত-মুত নামাতি গৈ থাকিবি মাত্ৰ। হ’বনে নাই ক?
হ’বনে নাই!! আৰে,সেইটো কি সুধিবলগীয়া কথা? নোহোৱাৰ কথাই নাই। পানীত পৰা মানুহে খেৰকুটা সাৱটি ধৰাৰ দৰে সেইসময়ত অকণদা তাৰ বাবে লাইফবয়ডাল হৈ আছে। সেইমুহূৰ্তত খোজ কঢ়া কি, দৰকাৰ পৰিলে সি গণেশগুৰিৰ পৰা বগুৱা বাই আহিবলৈও প্ৰস্তুত।
গণেশগুৰিত চিটিবাছৰ পৰা নামি চিধাই অকণে হেঙেৰাবাৰীৰ পিনে মূৰ কৰি দিলে। অ’, এইজন আকৌ ক’লৈ যায়? কালি তাৰপৰা পলাই আহিবলগাৰ হোৱা কথা পাহৰিলেই নেকি বাৰু? আকৌ বাঘৰ মুখত পৰিবলৈ সেইফালে পোনাইছে যে, কাণ্ড কি? সুধোঁ বুলি আকাশে মুখ মেলিছিলহে, অকণৰ পেন্দোৱা চাৱনি পাই সি সেইফালেই তাপ মাৰিলে। নাই, মাত মতা মানা আছে, ন’হলে কেনেবাকৈ এৰি থৈ যাব লাগিলে ৰাতিলৈ টেকেলি কাতি হোৱাটো খাটাং। অনিচ্ছাস্বত্বেও আকাশ অকণৰ লগে লগে গৈ থাকিল। আৰু কিমান দূৰ বুলি সুধিবও নোৱাৰি নহয়- মানা কৰা আছে।
গৈ থাকিল মানে, গৈ গৈ আকৌ কালি এৰি থৈ অহা ভাড়াঘৰৰ পৰা এক ফাৰ্লঙমান দূৰৰ ডেকাদাৰ দোকানৰ মুখতহে অকণৰ গতি থমকিল। আকাশৰ বুকুখন ঢিপ্লিঙ্কৈ মাৰিলে। সৰ্বনাশ, ঘৰৰ মালিকে কেনেবাকৈ দেখিব লাগিলে কি হ’ব? অকণদা কি মানুহ বাৰু? আহিবলৈ আৰু জেগা বিচাৰি নাপালে। ডেকাদাক দেখোন আগৰে বাকী দিবলৈ আছেই।
: কিহে, কালিৰ পৰা মানুহকেইটা দেখা দেখি নাই যে? ক’ত গৈছিলা? : কৈ আছোঁ ৰ’ব। খালি এতিয়া মোক বস্তু দুটামান দিয়ক। : কি কি দিম কোৱা : ৩ কেজি চাউল,২ কেজি আলু, আধা কেজি দালি আৰু আধা কেজি পিঁয়াজ
বস্তুকেইটা বান্ধি হোৱাৰ পিছত —
: মোক এতিয়া আপুনি আৰু বিশ টকা দিব লাগিব।
ডেকাদা যেন আকাশৰ পৰাহে পৰিল। এইকেইটাত হ’ল ডেৰশ টকা, আগৰ বাকী আছেই, আকৌ উপৰঞ্চি বিশ টকাও দিব লাগিব? হায় হায়, আজি ৰাতিপুৱা কাৰ মুখ দেখিছিলোঁ বুলি ডেকাই ভাবি থাকোঁতে অকণে মাত লগালে—
: নহয় অ’ ডেকাদা, বৰ বিপদত পৰিহে আপোনাৰ ওচৰলৈ আহিছোঁ। কালি লোকেল ল’ৰাৰ লগত কাজিয়া এখন হোৱাৰ বাবে আমি ইয়াৰ পৰা ৰাতিয়েই যাবলগীয়া হ’ল। আমি এতিয়া উজান বজাৰত। ৰাতিলৈ খাবলৈ একো এটা নাই বুলিহে ইমান দূৰৰ পৰা আপোনাৰ ওচৰলৈ আহিছোঁ। নহ’লে আকৌ ইয়ালৈ আহিব পাৰোঁনে বাৰু, ভাবি চাওকচোন ডেকাদা— আপুনি পইছা নিদিলে এতিয়া ইমান দূৰ আকৌ খোজেৰে যাব লাগিব।
ভাবি চাবলৈ ডেকাদাই অকণৰ কথা শুনিছেনে নাই সন্দেহ। সিজন সিফালেই চৰগ পৰা মানুহৰ দৰে হ’ল। পৰিস্থিতি দেখি কপালত উঠা ডেকাদাৰ চকুযোৰ আকৌ নৰ্মেল পজিছনলৈ আহিবলৈ জোখতকৈ বেছি সময় লগা যেন দেখি অকণে শক্তিশেল প্ৰয়োগ কৰিবলৈ বাধ্য হ’ল—
: কি ডেকাদা— আপোনাৰ কি মোৰ ওপৰত ইমানকনো বিশ্বাস নাই? ইমানদিনে কি আপুনি মোক এইকণহে চিনি পালে? বৰ দুখ পালোঁ দেই ডেকাদা।
বিশ্বাসৰ প্ৰশ্ন আহিলেই ডেকাদা ভাবুক হৈ পৰে। বিশ্বাসৰ ফাউণ্ডেশ্বন আৰু বাকীখোৱা গ্ৰাহকৰ ইটাৰেইটো ডেকাদাৰ দোকান থিয় দি আছে। সেইহেন বিশ্বাসৰ মাজত অবিশ্বাসক আনিব নোৱাৰি নহয়। সেইকাৰণে অকণৰ অমোঘ অস্ত্ৰইও ডেকাদাৰ মৰ্মস্থান ভেদ কৰি যাবলৈ বেছি দেৰি নালাগিল। সিজনা তেনেই বিগলিত কৰুণা জাহ্নৱী যমুনা হৈ পৰিল। বিশ টকা কিয়, পাৰিলে দুশ টকাই দি দিব যেন।
সোনকালেই বাকীসহ এই বিশটকাও ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি অকণ আৰু আকাশ বিশ্ববিজয়ী ন-জোৱানৰ দৰে ডেকাদাৰ দোকানৰ পৰা প্ৰস্থান কৰিলে। ইমান সময়ে চবকাত পৰা গৰুটোৰ দৰে ফ্ৰিজ হৈ ৰোৱা আকাশৰ মুখলৈ এতিয়াহে পানী আহিল।
: আপোনাৰ বিশেষ কামটো তেতিয়াহ’লে এইটোহে আছিল। আপুনি কিন্তু সাংঘাটিক মানুহ দেই অকণ দা, মানি গ’লোঁ আপোনাক।
হাতলৈ অহা বিশ টকাটোৱে আকাশৰ চকুযোৰ তিনিআলিটোত ৰৈ থকা ৰিক্সা এখনৰ ফালে টানি নিছিলেই —
:খবৰদাৰ, সেইবোৰ চিন্তা ভুলতো মনলৈ নানিবি। ব’ল, যেনেকৈ আহিছিলি তেনেকৈ ঘূৰি ব’ল। এই টকাকেইটাৰে বহুত কাম কৰিবলগীয়া আছে এতিয়াও।
অনিচ্ছাস্বত্বেও আকাশে এট্কেন মেট্কেনকৈ অকণৰ আগে পিছে পুনৰ গণেশগুৰিলৈ বুলি খোজ ল’লে। তেতিয়া ঠিক সাঁজ লাগিবলৈ অলপ বাকী। মানুহৰ মুখবোৰ এতিয়াও মনিব পৰা হৈ আছে। দুয়োটা আহি আহি ফৰেষ্ট গেট পাইছিলহি— তেনেতে গণেশগুৰিৰ ফালৰ পৰা আহি থকা ৰিক্সা এখন সিহঁতৰ ওচৰত হঠাৎ ৰৈ দিলে। ঘৰৰ মালিকেই ওলালহি নেকি বুলি দুয়োটাৰে চুলিৰ আগে জীৱ যোৱা যেন লাগিল। মৰসাহ কৰি ৰিক্সাৰ পৰা কোন নামিল বুলি মূৰ তুলি চাওঁতে সন্ধিয়াৰ আন্ধাৰ পোহৰৰ মাজতো জান নিজানকৈ ভাঁহি আহিল এখন চিনাকি মুখ-
: আ..ৰ…ৰে, বা বা, কণ ভা…ই, তুই ইয়াত। হাঃ হাঃ , পাই গ’লোঁ আজি তোহাক। ক’ত সাৰিবি আজি। চ’ল চ’ল মোৰ ৰুমত এতিয়াই-
উৱা, এয়া দেখোন অলকেশ দা।
[অহা সংখ্যাত সমাপ্ত]
[শেষ-খণ্ড]
অলকেশ দা দিলদাৰ মানুহ। তাতে লখিমপুৰত পঢ়ি থকা দিনৰে চিনাকি। অলকেশ দাই যি ধৰণেৰে দুই হাত মেলি আগবাঢ়ি আহিল এতিয়া নেদেখা ভাও ধৰি মূৰ পুলুকা মৰাৰো কোনো উপায় নোহোৱা হ’ল। ইফালে ৰুমলৈ গ’লেও গোটেইখন গোমৰ ফাঁক হোৱাৰ ভয়। হাজাৰ হওক এক্স ৰুমমেট— এইহেন পানীত হাঁহ নচৰা হোৱা অৱস্থাৰ কথা জানিবলৈ দিব নোৱাৰি নহয়। কিন্তু অলকেশ দাই মাতিলে নাযাওঁ বুলি কোৱা কোনো মাইকা লাল পয়দা হোৱাটো বাদেই, লালৰ মাকৰ বিয়াখনৰ যা-যোগাৰেই আজিলৈকে হোৱা নাই। কি কৰিব কি নকৰিব ভাবি নাপাই অকণে জোৰ কৰি কৃত্ৰিম হাঁহি এটা মুখত ফিক্সড কৰি এইমাত্ৰহে যেন অলকেশক দেখিলে তেনেকুৱা এটা এক্সপ্ৰেছন দিলে।
অলকেশদাৰ ‘চ’ল ৰুমলৈ চ’ল’ মানে চি.এম. দৰে কাঢ়া নিৰ্দেশ। অলকেশদাৰ আহ্বানলৈ সঁহাৰি জনালে সিহঁত দুটাৰ বাৰু আজি ৰাতিলৈ যহন তহন চলি যাব— কিন্তু অভিনৱৰ কি হ’ব? পিছে উপায়ো নাই, যাবই লাগিব। ন’ যযৌ ন’ তস্থৌ অগা পিছা ভৰিটিৰ দৰে হোঁহকা পিছলা কৰি থাকিলেও অৱশেষত তিনিওটাই অলকেশদাৰ নিৰ্দেশত ওচৰৰ বিদেশী পানীয়ৰ বিপনীলৈ বুলি ডবল কুইক মাৰ্চ আৰম্ভ কৰি দিলে। উদ্দেশ্য গোলাপীৰ ৰাগি কাম গাহৰি মাংসৰ সৈতে টাইম ট্ৰেভেল মানে— ডাওন মেম’ৰি লেন জাৰ্নি—— সম্ভৱ হ’লে অহোৰাত্ৰ।
অচিৰেই— ফৰেষ্ট গেটৰ অলকেশৰ বিখ্যাত ৰুমটোত দুই এক্স ৰুমমেটৰ স্মৃতিৰ কেটেটং যাত্ৰাৰ পূৰ্ব-প্ৰস্তুতি আৰম্ভ হৈ হ’ল। জুনিয়ৰ হিচাপে আকাশ এই যাত্ৰাৰ সহযাত্ৰী হ’বলৈ পাৰ্মিছন পোৱাৰ কোনো চান্স নাই। তাক সেইবাবে বাহিৰৰ ৰুমটোলৈ চালান দি দুই বন্ধুৱে সোঁৱৰণিৰ এক্সপ্ৰেছ চলাবলৈ আৰম্ভ কৰি দিলে। দুৰ্ভগীয়া আকাশেও বাহিৰৰ ৰুমৰ বিচনাখনতে হৰাইজণ্টেল প’জিছনলৈ আহি চিত খাই মাৰলি লেখাৰ বাদে অন্য উপায় নেদেখিলে। এতিয়া নেচাৰছ্ কল আহিলেও মাজৰ ৰেডক্লিফ্ লাইন পাৰ হৈ ভায়া সিটো ৰুমেৰে বাথৰুমলৈও যোৱাও নিষেধ।
গোলাপীৰ ৰাগিৰ ইন্ধনেৰে চলা সোঁৱৰণিৰ এক্সপ্ৰেছৰ প্ৰথমটো ষ্ট’পেজ পৰিল নৱ-বৰ্ষৰ আৰম্ভণিতে অকণে ছোৱালীবোৰৰ পৰা পোৱা ডেৰশখন গ্ৰিটিংছ কাৰ্ডৰ প্ৰথমগৰাকী দাতাৰ স’তে মুখামুখি হোৱা ক’লেজৰ চাৰিআলিটোত। আহ্, কি যে সোণালী দিন আছিল সেইবোৰ। নতুন বছৰ আহিলেই ছোৱালীবোৰৰ মাজত জনপ্ৰিয়, সুদৰ্শন অকণৰ হাতলৈ আহে এখন দুখন নহয় ডেৰশখনকৈ গ্ৰিটিংছ কাৰ্ড। বাপেকে পঠিওৱা সেইমাহৰ খৰছকেইটা গ্ৰিটিংছ কাৰ্ডৰ বিনিময় দিওঁতেই শেষ হয়। হাজাৰ হওক ইজ্জতৰ কথা আছে- ছোৱালীয়ে দিয়া গ্ৰিটিংছৰ উত্তৰ হাঁহি এটাৰে দি পাল মাৰিব নোৱাৰি নহয়। পিছে অত’সোপা গ্ৰিটিংছ কাৰ্ডেও কিন্তু অকণৰ মন গলাব পৰা নাছিল।
প্ৰেম সম্পৰ্কে অকণৰ কনচেপ্টেই সুকীয়া— এক কথাত ইউনিক। ছোৱালী ধুনীয়া হ’লেই প্ৰেমত পৰিব লাগিব এনে কোনো কথা অকণৰ ৰুলবুকত নাছিল। অকণ প্ৰেমত পৰিবলৈ হ’লে দুটা চৰ্ত থাকিব লাগিব। এক— ছোৱালীজনী আগতে আনে ভাল পোৱা বা বৰ্তমান আনৰ প্ৰেমিকা হ’ব লাগিব। ল’জিকটো হ’ল — আনে যদি তোমাক ভাল পোৱাই নাই তেন্তে তোমাৰ কোৱালিটিয়েই নাই। সেইবাবে এই হিষ্ট’ৰি নথকা ছোৱালী অকণৰ ৱেইটিং লিষ্টতো ঠাই নাপায়। দুই নম্বৰ চৰ্তটো হ’ল — ছোৱালীজনীয়ে অকণক প্ৰেমত লাঠ মাৰিব লাগিব। এইটো ল’জিক পাঠকৰ মূৰত যে সোমোৱা নাই সেইটো মই বুজি পাইছোঁ। মোৰো সোমোৱা নাছিল। কিন্তু যেতিয়া ইয়াৰ এক্সপ্লেনেছনটো আহিল তেতিয়াহে গ’ম পালোঁ যে প্ৰেম সম্পৰ্কে আমাৰ কনচেপ্ট তেনেই চালুকীয়া। প্ৰেমত লাঠ খাবলৈ সদা প্ৰস্তুত অকণৰ ল’জিকটো হ’ল— লাঠ মাৰিলে অন্তৰত দুখ লাগিব, অন্তৰত দুখ লাগিলে দুখবোৰ গীত হৈ কলমেৰে নিগৰি নিগৰি ওলাই আহিব। আপোনালোকৰ মনত আছে চাগৈ— আগতেই কৈছিলো যে অকণে ধুনীয়া গীত লিখে আৰু সুৰ কৰে।
লখিমপুৰত থাকোঁতে দুই ৰুমমেট এবাৰ ট্ৰেজেডি ফালিবলৈ বুলি নাতিদূৰৰ ৰেল লাইনটোত বহি লৈছিলগৈ বুলি গ’ম পাইছিলোঁ। ট্ৰেজেডি ফালিবলৈ অত’সোপা ৰেষ্টোৰাঁ থাকোঁতেও ৰেললাইনটোহে কিয় বাছি ল’লে তাৰ লজিকটো দুই বন্ধুৱে মোক এক্সপ্লেইন নকৰিলেও যথেষ্ট চিন্তা-চৰ্চা কৰি ইয়াৰ এটা উত্তৰ পোৱা যেন লাগিছে। ৰেললাইনৰ চিৰিদুডাল যে গৈ থাকে গৈয়েই থাকে, গৈ গৈ ক’ৰবাত একেলগ হোৱা দেখিছেনে কেতিয়াবা? ময়ো দেখা নাই। ঠিক তেনেদৰে আমাৰ লাইফলাইনৰো সুখ আৰু দুখৰ সমান্তৰাল চিৰিদুডাল ক’তো লগ নাখায়— কিন্তু হাতত ধৰাধৰিকৈ গৈ থাকে, গৈয়েই থাকে— জীৱনৰ শেষৰ ষ্ট’পেজটো নোপোৱা পৰ্য্যন্ত। সেই লজিকটোৱেই দুই বন্ধুৰ চাব কনচিয়াছ মাইণ্ডত ক্ৰিয়া কৰি দুয়োজনকে স্বয়ংক্ৰিয়ভাৱে তালৈ লৈ গৈছিল বুলি মোৰ ভিতৰৰ স্বয়ম্ভু মনোবৈজ্ঞানিকজনে মন্তব্য প্ৰকাশ কৰিছে। যি কি নহওক গোলাপীৰ ৰাগি আৰু ৰিবৰিবকৈ মৰা বতাহৰ চুমাত দুয়োজন সিফালেই নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিছিলেই—দেৰিকৈ অহা ইণ্ডিয়ান ৰেলৰ নিয়মটোৰ বাবেহে দুয়ো বন্ধু সেইবাৰলৈ ৰক্ষা পৰিল। নহ’লে আজিৰ ইতিহাস বেলেগ ধৰণে লিখা গ’লহেঁতেন।
দুই বন্ধুৱে সোঁশৰীৰে ফৰেষ্ট গেটৰ ঘৰটোৰ সিটো ৰুমত থাকিলেও স্মৃতিৰ ৰেলত উঠি দুইজন তেতিয়া অজান্তি মুলুকত বিৰাজমান। ইফালে ৰেডক্লিফ লাইনৰ এইটো মূৰৰ দুৰ্ভগীয়া আকাশ পেটৰ ভোকত কাতৰ হৈ চিলমিলকৈ কেতিয়ানো টোপনিৰ কোলাত ঢলি পৰিল টলকিবই নোৱাৰিলে। টোপনিয়ে আকাশক ফৰেষ্ট গেটৰ পৰা আনি ঘিলামৰাৰ কৃষ্টি ভৱনৰ মঞ্চ পোৱালেহি। সুদৃশ্য ডাইনিং টেবুলৰ ইটো মূৰে আকাশ, আনটো মূৰত অগণন দৰ্শক, মাজত দমৰা গৰুৱে দেই যাব নোৱাৰা ভাতৰ কাঁহী — দৰ্শকৰ হাত চাপৰিৰ তালে তালে গোগ্ৰাসে খাওঁ বুলি আকাশে হাত মেলিব খুজিছিলহে তেনেতে বেকগ্ৰাউণ্ডৰ পৰা ভায়লিনৰ কৰুণ আৱহ সংগীত ভাহি আহিল— কাঁ…উ…ট…কাঁ… উ… ট… । সেইমুহূৰ্তত আকাশৰ ভাব হ’ল এয়া যেন ভায়’লিনৰ মাত নহয় , ভোকত তাৰ পেটৰ নিগনিকেইটাই কৰা কৰুণ বিননিহে। নহয় এয়া ভায়’লিনৰ মাত নহয়। এয়া সঁচাকৈয়ে তাৰ পেটৰ পৰা ওলোৱা শব্দই আছিল।
আগতেই কৈছোঁ অকণ দ্বায়িত্বশীল ল’ৰা। মনেৰে সেইমুহূৰ্তত সুদূৰ অমৰাৱতীত থাকিলেও অকণে কিন্তু ৰিণি ৰিণি ভাঁহি অহা আকাশৰ পেটৰ ফিফ্টি ডেচিবেলৰ শব্দও আল্ট্ৰা চাউণ্ডৰ দৰে শুনা পালে। অহ্ ভোকত সেইটো অচেতন হ’ব এতিয়া। ৰাতি তেতিয়া এক বাজিছে। স্মৃতিচাৰণ পৰ্ব সিমানতে সামৰি সেইৰাতিলৈ বুলি দুয়োজন চাংমাই শালত সোমাল আৰু কিবা এমুঠি পেটত পেলাই তিনিওটাই সেইদিনালৈ বুলি টোপনিৰ কোলাত ঢলি পৰিল।
যি কি নহওক কাহিনী চমুৱাই আনোঁ। পিছদিনা ৰাতিপুৱা ডেকাদাৰ দোকানৰ পৰা অনা বিশ টকাটোৰে আকাশক কলেজলৈ যাবলৈ দি অকণে অলকেশদাই চিগাৰেট আনিবলৈ দিয়া পাঁচ টকাৰ আঢ়ৈ টকাটো হস্তগত কৰি বীৰদৰ্পে হাতত ৰেচন পাতি লৈ ৰাজগড়ৰ নতুন ঘৰটোত ভৰি দিলেহি। পাঠকসকলৰ নিশ্চয় জানিবলৈ মন গৈছে যে যোৱাৰাতি অভিনৱৰ কি হ’ল বাৰু। প্ৰথমে অভিনৱে মুখ খোলা নাছিল। কি মোৰ কি এইকনো চিনাকি নাই নেকি বুলি প্ৰথম দুয়োটাকে উভটি ধৰিলেও শেষত উপৰ্যুপৰি প্ৰশ্নবাণৰ সন্মুখীন হৈ আগৰাতিৰ ইতিহাস ফাদিল কৰিবলৈ বাধ্য হ’ল। যোৱাৰাতি বেচেৰাই যেতিয়া দেখিলে যে ঘৰত অকণ আৰু আকাশ এটাও নাই তেতিয়াই গ’ম পালে এইকেইটা লগৰ কাৰোবাৰ ৰুমত মস্তি মাৰি খাবলৈ গৈছে। উপায় নাপাই সি য’ত যি পাৰে খুঁচৰি চাই দুটকা এটা পালে আৰু সেইটোকে লৈ ঘৰৰ গাতে লাগি থকা পাঠকৰ দোকানলৈ গ’ল। পাঠকৰ দোকানৰ পৰা কুকুৰাক দিবলৈ চাউল লাগে বুলি দুটকাৰ চাউল কিনি আনি সেইকেইটাকে বনাই খাই শুই থাকিল।
[সমাপ্ত]
[মূল প্ৰটাগ’নিষ্ট তথা মাষ্টাৰমাইণ্ড অকণৰ অনুমতি সাপেক্ষেহে এই লেখাটো প্ৰকাশ কৰা হৈছে। নায়ক কেউজনেই এতিয়া নিজৰ জীৱনত সু-প্ৰতিষ্ঠিত। অভিনেতা হ’ম বুলি গুৱাহাটীলৈ অহা আকাশ এতিয়া ভ্ৰাম্যমাণৰ এজন দক্ষ অভিনেতা, অভিনৱে বহু কেইখন ছিনেমাৰ পৰিচালনা/সহ-পৰিচালনাৰ কাম কৰি এতিয়া এটা বাতৰি প্ৰতিষ্ঠানৰ দ্বায়িত্বশীল কৰ্মচাৰী, অলকেশ এজন শিক্ষক হিচাপে কৰ্মৰত আৰু বিভিন্ন সামাজিক কামেৰে অঞ্চলটোৰ এজন জনপ্ৰিয় ব্যক্তি। মূল নায়ক অকণ যি ঠিকা কৰিবলৈ নাপাই গুৱাহাটীলৈ সংগীতৰ বাবে আহিছিল সি বহুকেইটা জনপ্ৰিয় গীতৰ উপহাৰ দি বৰ্তমান এজন সফল ঠিকাদাৰ আৰু সমাজ-কৰ্মী হিচাপে নিজ অঞ্চলত সু-প্ৰতিষ্ঠিত। অ’ ক’বলৈ পাহৰিছোঁ— ডেকাদাৰ দোকানৰ বাকী আৰু ভাড়াঘৰৰ মালিকৰ পাওনা সিহঁতে কেতিয়াবাই আদায় দিলে।]