short story

মাজ নিশাৰ চিঞৰ

#assamese-literature #short-story #মাজ নিশাৰ চিঞৰ

==মাজ নিশাৰ চিঞৰ==

(খণ্ড ১)

ক’ৰ পৰা জানো আৰম্ভ কৰোঁ? বাৰান্দাত বহি মানুহৰ আলেখলেখ চোৱা, শহাকণীয়া হৈ চুবুৰীয়াৰ শাহুৱেক বোৱাৰীয়েকৰ উখনা-উখনিৰ উমান লোৱা বা পাকৈত চোৰাংচোৱাৰ দৰে কাৰ জীয়েক কাৰ লগত পলাই যোৱাৰ সম্ভাৱনা কিমান সেইবোৰৰ পাৰ্মুটেছন-কম্বিনেছন কৰি থকা— না না না, সেইবোৰ কৰি থাকিবলৈ মোৰ সিমান সময় নাই। ডাউন মেম’ৰি লেন জাৰ্নি ৰোমাঞ্চকৰ; পিছে চকীখনত বহি বা বিচনাত বাগৰি গৰুৱে ঘাঁহ পাগুলি থকাৰ দৰে কেৱল সেইবোৰ পাগুলিয়াই থাকিবলৈ মোৰ সিমানো বয়স হোৱা নাই দিয়কচোন।

তথাপি মাজে মাজে স্মৃতিৰ জলঙাইদি জুমি চাবলৈ ভাল লাগে। জলঙাৰ ইটো মূৰত কুঁৱলিৰ দৰে ধূসৰ অনেক চৰিত্ৰই ভুমুকি মাৰে, লুকাভাকু খেলে। লুইতৰ শিহুটোৰ দৰে কিছুৱে স্মৃতিপটত ভুটুঙাই ওলায়, ধৰা দিব খুজিও পিছ মুহূৰ্তত হেৰাই যায়। আমাৰ কৈশোৰ যৌৱনৰ কিছু চৰিত্ৰ পিছে স্মৃতিৰ হাৰ্ড ডিস্কত এনেদৰে ৰৈ গ’ল যে মোহাৰিব খুজিলেও আকৌ ধৰা দিয়েহি। হেৰাই যাব খুজিও হেৰাই যাব নোৱাৰা তেনেকুৱা দুটামান চৰিত্ৰৰ আমোদজনক কাহিনী এইটো।

তেন্তে ক’ৰ পৰা কাহিনী আৰম্ভ কৰোঁ? আমাৰ আপোন থকা ঠাইখনৰ পৰাই আৰম্ভ কৰোঁ দিয়ক। মোৰ জন্ম ঠাই নাতিদূৰৰ বৰদলনি হ’লেও দেউতাৰ চাকৰিসূত্ৰে ঘিলামৰাতে আমাৰ স্থায়ী ঘৰখন হ’লগৈ। পশ্চিমে চামপৰা নৈ, পূৱে গোপালপুৰৰ ওচৰত কুমতীয়া আৰু কঢ়া নৈৰ সংগমস্থলী। ঘিলামৰাৰ ফুকন গাঁৱত উদ্ধাৰ হোৱা তাম্ৰলিপিত উল্লেখিত তথ্যমতে ১৩শ শতিকাতে বৰ্ষামুখৰ পৰা হাবুঙলৈ এই বৃহৎ অঞ্চলটোত মানুহ থকাৰ উমান পোৱা যায়। আহোম ৰজাৰ দিনৰ দুটা পুখুৰী য’ত যুদ্ধৰ পাছত অস্ত্ৰ-শস্ত্ৰবোৰ ধুইছিল এতিয়াও ডেউডুবিত অক্ষত অৱস্থাত আছে(ৰণচালি পুখুৰী)। সৰহসংখ্যক কৃষিজীৱিলোকৰ বাসস্থান এই অঞ্চলটোত কিছু চাকৰিয়াল আৰু সম্প্ৰতি কিছু ব্যৱসায়ী আছে। বাহিৰৰ পৃথিৱীখনত বহু পৰিৱৰ্তন হ’লেও এটা আচৰিত কথা— আমি সৰুৰে পৰা দেখি অহা ঘিলামৰাখনৰ বৰ বিশেষ এটা চকুত পৰা পৰিৱৰ্তন হোৱা দেখা পোৱা নাই।

দুটামান দিশত কিন্তু ঠাইখন আগৰণুৱা- সেই কথাটো স্বীকাৰ নকৰিলে ভুল হ’ব। এটা সময়ত অসমৰ আটাইতকৈ ডাঙৰ গড়কাপ্তানি বিভাগৰ ডিভিজনটো ঘিলামৰাতে আছিল। সাংস্কৃতিক আৰু শিক্ষা এই দুটা ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজ বৰ আগ্ৰহী। সত্তৰৰ দশকত প্ৰতিষ্ঠা হোৱা ঘিলামৰা সংগীত মহাবিদ্যালয়খন ওচৰৰ ধেমাজি, মাছখোৱা, বৰদলনি, গোগামুখ, ঢকুৱাখনা এই সমগ্ৰ অঞ্চলৰ একমাত্ৰ সংগীত শিক্ষাৰ প্ৰতিষ্ঠান আছিল। কণ্ঠসংগীতত মল্লিক মহাশয়, তবলাত মনু ভূঞা, কথকত পংকজ বৰা, সত্ৰীয়াত শ্ৰীধৰ বৰুৱা এইসকলে অঞ্চলটোৰ সংগীত শিক্ষাৰ গুৰু আছিল। মৰিও দেৱতা হোৱা এইসকল নমস্য ব্যক্তিৰ এজন শ্ৰীধৰ বৰুৱাদেৱৰ তত্বাৱধানত ঘিলামৰা কৃষ্টিভৱনত শ্ৰীকৃষ্ণ ৰাসলীলা প্ৰথম অভিনীত হৈছিল। পাছলৈ প্ৰথম বেট্‌ছৰ শিক্ষাৰ্থী পুতুল বৰুৱা, গংগা প্ৰসাদ হাজৰিকা, প্ৰাঞ্জল হাজৰিকা, হিৰণ্য হাজৰিকা(Hiranya Hazarika), শান্তনু শইকীয়া , কবিতা হাজৰিকা, লক্ষীমাই হাজৰিকা, বিজয়া গগৈ, মঞ্জুলা গগৈ- এইসকলেই ওচৰৰ অঞ্চলবোৰত সংগীত শিক্ষাৰ পাতনি মেলিছিল। এটা সময়ত এনেকুৱা আছিল যে ল’ৰা হ’লে তবলা বা কাচিৎ কণ্ঠসংগীত আৰু ছোৱালী হ’লে কথক বা কণ্ঠসংগীতত নামভৰ্ত্তি কৰোৱাটো মাক-দেউতাকবোৰৰ বাবে অৱধাৰিত কৰ্ম আছিল। পিছে দুটামান ব্যতিক্ৰমো নোহোৱা নহয়। কলীয়া অৰ্থাৎ ব্ৰজেন ল’ৰা হৈয়ো তবলাত নাম নভৰাই কথক শিকিবলৈ ছোৱালীমখাৰ লগত তা-থেই-থেই-তা কৰি থকাটো আমাৰ বাবে আচহুৱা আৰু ফিচিঙাফিচিঙি কৰিবলগীয়া বিধৰ কথা আছিল।

তাহানি আমি নাটক, ভাওনা, সাংস্কৃতিক সন্ধিয়া বুলিলে পাগল। তেতিয়াৰ দিনৰ সাংস্কৃতিক সন্ধিয়া বুলিলে হাৰমনিয়াম,তবলা, কংগো, ঢোলক, গীটাৰ, একৰ্ডিয়ন এইবোৰেই বাদ্যযন্ত্ৰ আছিল। অনাতাঁৰ শিল্পী মানে আজিৰ দিনৰ গ্লেমাৰ। মানুহ ভাগি-ভুঁহৰি আহিছিল। কম ৱাটৰ ছাউণ্ড ছিষ্টেমটোত (আচলতে ছাউণ্ড চিষ্টেম বোলাতকৈ মাইক বুলিলেহে শুদ্ধ হ’ব) শিল্পীসকলে এনে ধুনীয়াকৈ সংগীত পৰিৱেশন কৰিছিল যে শ্ৰোতা মন্ত্ৰমুগ্ধ হৈ চাই ৰৈছিল। তাৰ তুলনাত আজিৰ সৰহসংখ্যক গায়কেই উচ্চ প্ৰাৱল্যৰ ছাউণ্ড ছিষ্টেমতো ইমান বেসুৰাকৈ গীত পৰিৱেশন কৰে যে গীত শুনাৰ আনন্দই নাপাওঁ। একেবাৰেই নগ’লে নোহোৱা অনুষ্ঠানৰ বাদে আজি বহুদিন নিজ মনেৰে, পৰম উৎসাহেৰে সংগীত সন্ধিয়া উপভোগ কৰিবলৈ যোৱা নাই।

আৰু ভ্ৰাম্যমান থিয়েটাৰ বুলিলেতো ক’বই নালাগে। ঘৰৰ ওচৰতে থিয়েটাৰ হোৱা ফিল্ডখন আছিল বাবে পুৱতি নিশা থিয়েটাৰৰ পেণ্ডেল, আঁচবাববোৰ ধুপ্‌ধাপ্‌কৈ পেলোৱাৰ শব্দ শুনিলে আমাৰ টোপনি নাহে—কেনেবাকৈ স্কুলৰ পৰা আহি নাকে কাণে এমুঠি পেটত পেলাই চিধাই দৌৰ দিওঁ ফিল্ডলৈ বুলি। উদ্দেশ্য — কেনেকৈনো ইমান বিশাল পেণ্ডেলটো দিনটোৰ ভিতৰতে সাজি পেলায় তাক তন্নতন্নকৈ চোৱাটো। ৰংবিৰঙৰ লাইটবোৰ, মিউজিক বক্সৰ মাজতে থকা এসোপামান চুইট্‌ছেৰে ভৰা মেইন লাইট বৰ্ডখন, মঞ্চৰ ওপৰৰ লাইটৰ চাং কেইখন, ছেটিং সজা পাত্তা কেইখন— এইবোৰ আমাৰ বাবে পৰম বিষ্ময়কৰ আছিল। এইবোৰ চাই আমি যিমান আচৰিত হৈছিলোঁ সমান্তৰালভাৱে আমাৰ বাবে আচহুৱা গুৱাহাটীয়া ঠাঁচৰ কথা-বতৰাবোৰ শুনি আমি সিমানেই ভাল পাইছিলোঁ। আমাৰ বাবে থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীসকল আছিল পৃথিৱীৰ আটাইতকৈ সৌভাগ্যৱান মানুহ। এবাৰ এগৰাকী কম বয়সৰ অভিনেত্ৰীৰ অভিনয়ে আমাৰ দাদা এজনৰ মন এনেকৈ মুহি পেলালে যে বেচেৰাই —“ইতিত হিৰো হোন্দা চলাই ফুৰা ল’ৰাটো” বুলি চিঠি লিখিবলৈ বাধ্য হৈ গ’ল। পাছত হিৰোইনৰ ককায়েকৰ হস্তক্ষেপত প্ৰেমৰ জাহাজ পানীতেই নামিবলৈ নাপালে বুলি ঘুনুক-ঘানাককৈ শুনিবলৈ পাইছিলোঁ।

এই যে তন্নতন্নকৈ চোৱা কথাবোৰ— এইবোৰ এনেয়ে নাছিল কিন্তু। ইয়াৰ অন্তৰালত আছিল ভ্ৰাম্যমাণৰ দৰে অবিকল মিনি পেণ্ডেল এটা আমি নিজেই সাজি তাত নাট মঞ্চস্থ কৰাৰ দুৰ্নিবাৰ হেঁপাহ। স্কুলৰ পৰীক্ষাৰ সময়ত মাৰ লগত মোৰ চুক্তি আছিল যে পৰীক্ষাত প্ৰথম হ’লে ঘৰৰ এৰী চাদৰকেইখন, মাৰ চাদৰকেইখন— এইবোৰ আমাক দিব লাগিব আমাৰ মিনি থিয়েটাৰৰ পেণ্ডেল বনাবৰ বাবে। ওচৰৰ বাবুৱা বিহাৰী, পুতৌ, মুন, সঞ্জয়, প্ৰভাত, খুছবুদ্দিন —ইহঁত আছিল আমাৰ থিয়েটাৰ দলৰ সদস্য। পিছে ঘিলামৰাৰ একমাত্ৰ মিনি থিয়েটাৰখন কেৱল আমাৰখনেই নাছিল। নাতিদূৰৰ ৰমেনৰ আছিল পিউপিল নামৰ এখন থিয়েটাৰ। যোগানন্দ, দুলুমনি তাৰ মূল শিল্পী। আমিও মাজে মাজে তাৰ দৰ্শক হৈছিলোঁগৈ। কেতিয়াবা কেতিয়াবা শনিবৰীয়া বজাৰৰ দিনাখন জিনহঁতৰ(Manabjyoti Hazarika) উদ্যোগত কান্ত খনিকৰ ছোৱালী হাইস্কুলৰ ফিল্ডত যোগানন্দই কলপাত ছিৰিলা ছিৰিলি কৰি ড্ৰেছ পিন্ধি ২৫ পইছাৰ টিকটত নৃত্য প্ৰদৰ্শন কৰা আমাৰ মনত পৰে। এই যোগানন্দই বৰ ধুনীয়াকৈ নাচিব জানিছিল। কালৰ কুটিল গতিত তাহানিৰ যোগানন্দটো হেৰাই থাকিল— কথাবোৰ মনত পৰিলে দুখ অনুভৱ কৰোঁ।

এল.পি. স্কুললৈ চলা আমাৰ নাট্য চৰ্চা হাইস্কুললৈ যোৱাৰ পাছত চেগাচোৰোকা হৈ লাহে লাহে ক্ৰিকেট ফিল্ডলৈ গতি কৰিলে। জিলুৰ(Prakash Dutta) নেতৃত্বত গঠন হোৱা নীহাৰিকা ক্লাৱৰ আমি আছিলোঁ নিয়মীয়া খেলুৱৈ। বাঁহৰ মুঢ়াৰে বনোৱা বল আৰু কেছেৰু কাঠৰ বেটেৰে ক্ৰিকেট খেলা আমিবোৰ এইবাৰ নীহাৰিকাত পেড পিন্ধি চামৰাৰ বলেৰে ক্ৰিকেট খেলা পূৰ্ণাংগ খেলুৱৈ হৈ পৰিলোঁ।

অঞ্চলটোৰ গাওঁবোৰত সময়ে সময়ে ভাওনা হৈ থকাৰ বিপৰীতে বহুদিন ধৰি কোনো নাটক অনুস্থিত হোৱা নাছিল। এইহেন সংস্কৃতিৰ পুণ্যভূমিত নাটকৰ আকাল সহিব পৰা কথা জানো? সেইবাবে আঁৰিয়া ধৰিবলৈ নেদেখাজনাই এজন বিশেষ ব্যক্তিক নিৰ্বাচিত কৰি থৈছিল— আমাৰ মাজতে গা-ঘেলাই থাকিলেও পিছে আমি তেখেতক চিনিবলৈ সক্ষম হোৱা নাছিলোঁ।

সেইসময়তে এটি বিশেষ ক্ষণত অদৃষ্টৰ লিখন মতে আজিৰ কাহিনীৰ প্ৰটাগনিষ্ট Sanjay অৰ্থাৎ গান্ধীৰ মূৰত নাটকৰ পোকটোৱে কামোৰ মাৰি দিলে।

[আগলৈ]

==মাজ নিশাৰ চিঞৰ==

(খণ্ড ২)

সোঁৱৰণীৰ জাহাজ মেলি দিলোঁ যেতিয়া যাওকচোন আৰু অলপ উজাই। স্মৃতিৰ মণিকোঠৰ গহন কোণত লুকাই থকা চিনাকি মুখবোৰ, চেহেৰাবোৰ আজি আকৌ কাষৰ পৰা চাবলৈ মন গৈছে— চুই চাবৰ মন গৈছে তাহানিৰ নিষ্কলুষ মুখবোৰ। ঘূৰি চালে সিহঁতৰ আজিৰ মুখবোৰ দেখা নাপাওঁ। মোৰ মুখৰ আগত ভাঁহি আহে তেতিয়াৰ সৰল মুখবোৰ। কিমান যে কথা, কিমান যে কাহিনী— কৈশোৰ যৌৱনৰ দুৱাৰদলিৰ আকুলতাৰ, আবেগৰ, দুৰন্ত উৎসাহৰে সিক্ত সিবোৰ। কিছু পঠনীয়, কিছু অব্যক্ত কিন্তু অনিৰ্বচনীয়। হীৰু দাই কোৱাৰ দৰে উৰি যাওকচোন আজি স্মৃতিৰ ৰঙীন ৰুমাল; বুকুত লৈ থাকক স্মৃতিবোৰ চিৰদিন চিৰকাল।

অলপ উজাই গৈ সৌৱা বাছ ষ্টেণ্ডৰ সৌটো গলি। গলিটো আমাৰ বৰ আপোন। কাৰণ গলিটোৰে অলপ আগুৱাই গ’লেই মৰমৰ নীহাৰিকাৰ ঘৰখন। সৌৱা জিলু, নিত্যা দা, পিতাই,মোহন দা, জিতেশ্বৰ, আপা, নালিয়া, ফুলেন, ৰাজীৱ, অমৰ, বাবুৱা, প্ৰভাত,সৰল, টুটুমণি, কটচ, বন্তি,শিৱানী বা, মণ্টু, অনিল, নীলমণি, কাঠামণি, প্ৰাণজিৎ, সঞ্জয়, হেমন্ত, কিৰণ, ফুলে বা, তুন,বন, মুনুকন, মিঠু, পিংকি, Daisy, পাপু, Dimpu, কণভাইটি, ৰঞ্জিত দা, দাদু, ৰাজু, নাম্পু, বুধিন, মইনা।

জিলুৰ ঘৰখন আমাৰ ক্লাৱঘৰৰ দৰে আছিল। সিহঁতৰ চুবুৰিটো আমাৰ নীহাৰিকাৰ জন্মস্থলী। এনে লাগে—কথাবোৰ যেন সৌ কালিৰহে। সৌৱা এহাল উজ্জ্বল চকুৰে শীৰ্ণকায় মানুহজন— পিতাই। আমাৰ টিম মেনেজাৰ। এতিয়াও কাণত বাজি থাকে “নীল মাৰিবি, ঠেং ভাঙিম” — ওভত মাতষাৰেৰে সৈতে আমাক দম দি কোৱা পিতাইৰ মাতষাৰ। খেলৰ দিনা আমাৰ লান্সৰ বাবে ব্ৰেড, পানী গোটাই মানুহজন বহি থাকে ফিল্ডৰ বাহিৰত। এমোকোৰা হাঁহিৰে সৌৱা ভৰ বয়সতে ঢুকাই থকা ফুলেবা মানে ফুলেশ্বৰী বড়ো। এনে লাগে যেন এতিয়াও কিৰণহঁতৰ ঘৰলৈ গ’লে তাই মাতিব— অ’ উৎপল, আহিলি। গাঁৱৰ বিয়াত ওজা ঢোল বজোৱা সৌজন চটাই বড়া। আজি খেল কি হ’ল বুলি সোধা সৌৱা জিলুহঁতৰ মাক, দেউতাক— আমাৰ সমজুৱা বৰমা আৰু দত্ত দা।

কাৰ কথানো পাহৰিম। সকলোবোৰচোন এতিয়া মনৰ মাজত ভিৰ কৰিছেহি। মনত পৰিছে আমাৰ ঘৰৰ পৰা দেৱজিতহঁতৰ ঘৰলৈ বাৰীয়েদি পোনাই দিয়া ৰাস্তাটো। মনত পৰিছে, লেটেকু খাবলৈ বুলি সিহঁতৰ বাৰীৰ গছত উঠি এবেগেতীয়া পৰ্বতীয়া বিছা দেখি গছৰ পৰাই জাপ মাৰি দিয়া কথাটো। মনত পৰিছে, উচ্চ গণিতৰ টিউছন কৰিবলৈ ৰাতিপুৱাতে উঠি চাইকেল মাৰি দেৱজিতৰ দদায়েক Hema ছাৰৰ ঘৰলৈ যোৱাটো। মনত পৰিছে— পদুলিমুখৰ বকুলজোপাৰ পৰা সৰি থকা বকুল ফুলৰ মন আকুলকৰা গোন্ধটো। মনলৈ আহিছে— স্কুলৰ পৰা বাহিৰে বাহিৰে ক্ষীৰানন্দৰ ঘৰত বাহিৰা কিতাপ পঢ়িবলৈ বুলি সোমাই দিয়া কথাটো। মাজে মাজে এনেদৰে কিতাপত ডুব গৈ পৃথিৱীৰ কথা পাহৰি গৈ থাকোঁতে মাই বিচাৰি আহিবলগীয়া হৈছিল।

কথাবোৰ ভাবিলে কিবা লাগে— আজি কিমানদিন হ’ল নিজৰ পেছাৰ লগত জড়িত কিতাপৰ বাদে এখনো গল্প-উপন্যাস নপঢ়া।

মনলৈ আহিছে— পুতুল ছাৰৰ নিৰ্দেশত মিউজিক স্কুলৰ আলমাৰিটোৰ পৰা তবলাকেইটা উলিয়াই তাত ছটিয়াই দিয়া পাউডাৰৰ গোন্ধটো, গোন্ধটো যেন এতিয়াও নাকত লাগিয়েই আছে।

মিউজিক স্কুলৰ নাতিদূৰতে আছিল ৰামকৰণৰ দোকান। ৰামকৰণ— এক অদ্ভুত চৰিত্ৰ, যাক বাদ দি ঘিলামৰাৰ ইতিহাস সম্পূৰ্ণ নহয়। ৰামকৰণ আছিল মূলতঃ উত্তৰ প্ৰদেশৰ মানুহ। তেওঁৰ গোটেই জীৱনটো স্কুলৰ সমীপৰ চাহৰ দোকানখনতে কাটি গ’ল। সেই দোকানখনৰ পৰা কৰা উপাৰ্জনেৰেই ল’ৰা-ছোৱালীকেইটাক পঢ়ুৱালে। এতিয়া সিহঁতৰ চাকৰি-বাকৰিও হ’ল। বুঢ়া বাপেকে এতিয়াও দোকানত চাহ বিক্ৰী কৰি থকা সহিব নোৱাৰি সিহঁতে মাজতে বাপেকক দেশলৈ লৈ গৈছিল। দুদিনমান থকাৰ পিছত বেচেৰাৰ দিন নাযাই নুপুৱাই যেন লাগিল। জীৱনৰ অধিকাংশ সময় কটোৱা চাহৰ দোকানখন এৰি ৰামকৰণ বুঢ়া সৰহদিন পুতেকৰ ঘৰত নাথাকিল, থাকিব নোৱাৰিলে। সৰুতে দেখাৰ দৰে এতিয়াও দেখিবলৈ পাওঁ— বুঢ়া ৰামকৰণে গ্ৰাহকলৈ আগবঢ়াই দিয়া ব’ল্ডাৰৰ সৈতে সেই বিখ্যাত চাহকাপ। ৰামকৰণৰ দৰেই তুলনা নাই এই সোৱাদৰো। সঁচাই বিচিত্ৰ পৃথিৱী, বিচিত্ৰ ইয়াৰ মানুহ।

বুকুত হাৰমণিয়াম বজাব পৰা কামিহাড়েৰে মই আছিলোঁ তেনেই ক্ষীণমিন ল’ৰা। পিছে খঙটো আছিল ডাঙৰ, টিঙিছকৈ উঠা বিধৰ। এবাৰ দীপামণিয়ে সেই খঙৰ এনে সোৱাদ পাই গ’ল যে আজিও পাহৰিব নোৱাৰি সুবিধা পালেই মোক জোকাবলৈ নেৰে। এবাৰ কান্ত খনিকৰ ছোৱালী হাইস্কুলৰ এখন নাটকৰ বাবে আমি আছিলোঁ গাঁত পাৰ্টি— মানে মিউজিকৰ মানুহ। নাটক চলি থকাৰ মাজতে প্ৰকৃতিৰ সৰুবিধ আহ্বান অহাত দীপাক বাঁহীকেইটা চাবলৈ দায়িত্ব দি বাহিৰলৈ যাবলগীয়া হ’ল। বেচেৰীয়ে ইফাল সিফাল কৰোঁতে বাঁহী এটাৰ ওপৰতে কেনেবাকৈ বহি পালে। তাইৰ ভৰনো বাৰু মই আলফুলকৈ ৰখা বাঁহীটোৱে কেনেকৈ সহে। কাজেই— ভৰ পাই দীপাৰ, বাঁহী হ’ল সিপাৰ। বচ্‌, আৰু কোনে পায়— মোৰ খঙটো যি টিঙিছকৈ উঠিল, খঙৰ মিটাৰ ডাওন নোহোৱাই হ’ল। খঙৰ ভমকত উচাট মাৰি আৰু নবজাওঁ যা বুলি বাহিৰলৈ ওলাই আহিলোঁ। বজাই থকা বাদ্যযন্ত্ৰ এৰি ধৰণী দাই মোক বুজাবলৈ বৃথা চেষ্টা কৰি কৰি পাছে পাছে আহিল।

কথাবোৰ মনত পৰিলে এতিয়াও হাঁহি উঠে। সময় সলনি হ’ল। সময়ৰ সোঁতত সেই খং গোট মাৰি বৰফ হ’ল। হ’লে কি হ’ব—জানেই দেখোন, হিমখণ্ডৰ (iceberg) এভাগহে পানীৰ ওপৰত থাকে, সাতভাগেই পানীৰ তলত লুকাই থাকে; কোন টাইটানিক তাত খুন্দা মাৰি সিফলীয়া হ’ব বৰফেও নাজানে।

তাহানি আমি খেলিবলৈ ফিল্ডৰ অভাৱ নাছিল যদিও ক্ৰিকেটৰ দৰে খেলৰ সামগ্ৰী কিনাৰ সামৰ্থ্য নাছিল। ঘৰতটো আৰু ক্ৰিকেট খেলিবলৈ পইছা লাগে বুলি সোধাৰ প্ৰশ্নই নাহে। কিতাপৰ বাদে বেলেগ কামত পইছা? না বাবা না, নৈব নৈব চঃ। আমাৰ ঘৰৰ ওচৰতে গড়কাপ্তানি অফিছৰ ফিল্ডখন। স্কুলৰ পৰা আহি তাতে দৌৰা, কাবাডী,টাং গুটি, পকা, লুকাচুৰি, চোৰ পুলিছ এইবোৰৰ বাদে আন খৰছী খেলৰ সুবিধা আমাৰ নাছিল। ফিল্ডখনৰ ওচৰতে গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কোৱাৰ্টাৰটো। চাৰিওফালে বাঁহৰ চকোৱাৰে বেৰা ঘৰটো আমাৰ বাবে ধনী মানুহৰ ঘৰৰ প্ৰতীক আছিল। ঘৰটোৰ প্ৰায়ভাগ বাসিন্দাই পৰাপক্ষত স্থানীয় মানুহৰ লগত মিলামিছা কৰা নাছিল। ঘৰটোৰ বাৰীত পিছে খাবলৈ বৰ ভাল বিলাতী বগৰীৰ গছ এজোপা আছিল। কিন্তু সন্মুখৰ গেটত চকীদাৰ আছিল বাবে আমি বগৰীৰ সোৱাদ কেতিয়াবাহে পাইছিলোঁ। চকীদাৰে আমাক গেটৰ মুখত পুলুং পালাং কৰি থকা দেখিলে পুতৌ ওপজি মাজে মাজে বগৰী পাৰি আনি দিছিল বা ঘৰৰ মালিক নাথাকিলে আমাক ভিতৰৰ বাৰীলৈ যাবলৈ দিছিল।

কোনোবা এটা ব’হাগত — নীহাৰিকাৰ গোটেইবোৰ মিলি হুঁচৰি গোৱাৰ পৰিকল্পনা কৰি আমাৰ ঘৰৰ পৰাই সেইবাৰ হুঁচৰি আৰম্ভ কৰিছিলোঁ। মণ্টু ঢুলীয়া, নিত্যা দা,সঞ্জয় আৰু প্ৰভাত নামতি, বন্তিহঁত নাচনী। মই আছিলোঁ বৰ লাজকুৰীয়া বিধৰ। চিনাকি মানুহৰ ঘৰলৈ বিহু গাবলৈ গ’লে মানুহবোৰে মই নাচিলে পইছা বেছিকৈ দিম বুলি মোক ফান্দত পেলাবলৈ চেষ্টা কৰে। লগৰ সোপাইয়ো পইছা বেছিকৈ পোৱাৰ আশাত মোক খুঁচি থাকে নাচিবলৈ। খুঁচিলেই নাচিব পাৰি নেকি? মোৰ অৱস্থা তেতিয়া ফাট মেলা বসুমতী পাতালে লুকাওঁৰ দৰে হয়। কিয় যে হুঁচৰি গাবলৈ আহিছিলোঁ যেন লাগে। হাৰে, বেছি দূৰলৈ নাযাওঁৱেই বাৰু— মোৰ দেউতাই নচা নাই, দেউতাৰ দেউতাকে নচা নাই— ফুকন বংশৰ উত্তৰসুৰী মই এই কন্টিনিউটি ব্ৰেক কৰিব পাৰোঁ নেকি?

যি কি নহওক,সেইবাৰ হুঁচৰি গাই, খানা খাই ৰাহি হোৱা পইছাৰে কিনা ক্ৰিকেটৰ সামগ্ৰীৰে নগৰ হাইস্কুলৰ ফিল্ডত দুৰন্ত গতিত চলিবলৈ ধৰিলে আমাৰ ক্ৰিকেটাৰ হোৱাৰ অনুশীলন। সেইসময়তে আমাৰ অগোচৰে ফিল্ডৰ বাহিৰৰ মানুহ গান্ধী অৰ্থাৎ প্ৰবীণ ক্ৰীড়াবিদ শ্ৰীযুত গিৰীশ ফুকনৰ কনিষ্ঠ পুত্ৰ শ্ৰীমান সঞ্জয় ফুকনৰ মূৰত অভিনেতা হোৱাৰ দুৰ্বাৰ বাসনা এটাই খোপনি পুতি বহিল। সঞ্জয়ৰ মূৰৰ নাটকৰ ভাইৰাছটো কোনোবা এদিন সুবিধা বুজি বান্দৰকেঁকোৱা মেলা দি সি আমাৰ গাত মেলি দিলে। বচ্‌, এণ্টিভাইৰাছবিহীন নাট-ভাইৰাছৰ আক্ৰমণত আমিবোৰ জপিয়াই উঠিলোঁ। হয় হয়, এইবাৰ আমি এখন নাটক কৰিব লাগে। বহুদিন হ’ল ঘিলামৰাত নাটক-চাটক নাই।

চনটো বোধহয় ৯৬ মান হ’ব। কথামতেই কাম— সঞ্জয় আৰু ৰুবুলে (Rubul Gogoi) লখিমপুৰলৈ গৈ বিচাৰি বিচাৰি হৰেন শইকীয়া চাৰৰ(Haren Saikia) পৰা নাটক এখন আনিলেগৈ।

নাটকো নাটক একেবাৰে অৰুণ শৰ্মাৰ “উৰুখা পঁজা”। কৃষ্টি ভৱনৰ ভিতৰত ৰাতি ৰাতি গেছ লাইটৰ পোহৰত দুৰন্ত গতিত চলিবলৈ ধৰিলে ৰিহাৰ্ছেল। এই ৰিহাৰ্ছেল যেন কেৱল নাটকৰে নাছিল,আছিল উৰুখা পঁজাৰ মাজেৰে জোন দেখাৰ, সপোন দেখাৰ। সেই সপোনৰ মাজত লুকাই আছিল “ইংগিত”— সোণালী ভৱিষ্যতৰ।

[আগলৈ]

==মাজ নিশাৰ চিঞৰ==

(খণ্ড ৩)

এমাহমান ধৰি চলা নেৰানেপেৰা ৰিহাৰ্ছেলৰ অন্তত অৱশেষত নাট মঞ্চস্থ কৰাৰ নিৰ্দিষ্ট দিনটো চমু চাপি আহিল। যুদ্ধকালীন প্ৰস্তুতিত গোটেইমখা জপিয়াই পৰিল। গোটেইমখা মানে নীহাৰিকাৰ সকলো সদস্য। আনকি ঘৰত কোৰ-কটাৰী ধৰিবলগীয়া নোহোৱা আমিবোৰেও কোৰ-দা লৈ বাঁহ-কাঠ কটাত লাগি গ’লোঁ। নাটক নহয় যেনিবা ঘৰত বিয়াৰহে প্ৰস্তুতি চলিছে।

লাজকুৰীয়া স্বভাৱৰ মই অভিনয় কৰাৰটো আৰু প্ৰশ্নই নুঠে। সেইবাবে ভাবি চিন্তি নাট পৰিচালক সঞ্জয়ে মোক দিলে লাইটৰ দ্বায়িত্ব। লাইট মানে তলৰ মেইন ব’ৰ্ডত বহাজন নহয় দেই— ওপৰৰ চাঙত স্পট লাইট পোনাই থকাজনহে। অৰ্থাৎ পাতৰ আঁৰত লুকাই অমিয়া বিলোৱা কুলিটিৰ দৰে টপ উইংছৰ আঁৰৰ চাঙৰ পৰা লাইট —টিপটাপ টিপটাপ। মোৰ লগতে মাজৰ চাংখনত বহাৰ দ্বায়িত্ব পৰিল কাঠামণি অৰ্থাৎ হোমেনৰ (Mahan Pathak)ওপৰত। হোমেনহঁত অৰিজিনেলি নামনিৰ ফালৰ— ভ্ৰাম্যমানৰ মানুহবোৰ তেতিয়াৰ দিনত প্ৰায়ে নামনিৰ ফালৰ হয় যে, সেইবাবে আমাৰ মনত এটা বদ্ধমূল ধাৰণাই হৈ গৈছিল যে সেইফালৰ মানুহ মাত্ৰেই নাটকৰ কলা-কৌশলৰ বিষয়ে আমাতকৈ বেছি জানিবই। সেইবাবে হোমেনে মাজত থাকি দুইফালে লাইট পোনোৱাৰ দ্বায়িত্বটো অৱধাৰিতভাৱে ন্যস্ত হৈ গ’ল। বাওঁফালৰ ষ্টেজৰ চাঙখন চম্ভালাৰ দ্বায়িত্ব প্ৰভাতৰ ওপৰত পৰিল। তলৰ মেইন ব’ৰ্ডত বহি মণ্টু ঢুলীয়া হ’ল আমাৰ বছ। মোৰ খুওব ফূৰ্তি। ক্ৰিকেট ফিল্ডৰ পৰা চিধাই লাইট বয়লৈ প্ৰমোচন। বিৰাট গধূৰ দ্বায়িত্বৰ দৰে ৰিহাৰ্ছেল চাই চাই প্ৰতিটো দৃশ্য একেবাৰে মুখস্থ কৰি পেলালোঁ। ধেমালি কথা নেকি— নাটক মুখস্থ নাথাকিলে কাৰ মুখত পোহৰ পেলাব লাগিব কেনেকৈ জানিম? উঠি থাকিবলগীয়া চাঙকেইখন হেমন্ত, পিতাই, হোমেন, প্ৰভাত আৰু মই আমাৰ ঘৰৰ পৰা কাটি অনা বাঁহেৰে সাজি ওপৰত বান্ধি পেলালোঁ। গোটেইমখা ল’ৰা-ছোৱালীয়ে লাগি-মেলি গ্ৰাউণ্ড ৱৰ্ক প্ৰায় সম্পূৰ্ণ কৰি তুলিলোঁ।

এইবাৰহে উৎকণ্ঠাৰ অধীৰ মূহুৰ্তবোৰ আৰম্ভ হ’বলৈ ধৰিলে। উৎকণ্ঠা মানে— ৫ আগষ্টৰ চৰম অপেক্ষিত দিনটোৰ কাউণ্টডাওন।

:নাট মঞ্চস্থ হ’বলৈ মাত্ৰ ৪ দিন বাকী—

বাটমাৰীৰ পৰা অনা কাপোৰ-কানিৰে মঞ্চখন একেবাৰে ন-কইনাৰ দৰে সজাই তোলা হ’ল। ড্ৰ’পচিন ভ্ৰাম্যমানৰ আৰ্হিত ওপৰলৈ উঠিব পৰা কৰা হ’ল। নগৰ হাইস্কুল পাৰ হৈ দিঘলী গাঁৱৰ ফালে পানী হৈ থকাৰ বাবে ছেটিংছবোৰ অনা হ’ল কলৰ ভূঁৰত। উইংছ, লাইট সকলোবোৰ বান্ধি-কুন্ধি সাজু কৰা হ’ল। এতিয়া সকলো ফাইনেল ৰিহাৰ্ছেলৰ বাবে সাজু। সঞ্জয়ৰ পৰিচালনাত মূল চৰিত্ৰত সঞ্জয়, অন্যান্য চৰিত্ৰত প্ৰয়াত পীতাম্বৰ দা, দীপক, উত্তম, ধণ্টু, উপেন দা, ভাস্কৰ(Bhaskar Saikia) , বিপুল(Bipul Bipul), গুণাকান্ত, ৰমেন, বন্তি (Pradip Boruah) আদিয়ে পূৰ্ণ গতিত ফাইনেল ৰিহাৰ্ছেল চলাবলৈ ধৰিলে। মূল নাটৰ সমান্তৰালকৈ চলিবলৈ ধৰিলে ইভাৰাণী বাইদেউৰ ৰচিত নৃত্য-নাটিকা “সমন্বয়ৰ সেন্দুৰীয়া আলি”। হেমকান্ত দাৰ সংগীত, কনকন বৰাৰ নৃত্য পৰিচালনাত বাবু দা, ব্ৰজেন দা, পুতু দা(Hiranya Hazarika) , ধৰণী দা(Dipen Bharali), ৰাজু দাৰ বাদ্যযন্ত্ৰৰ তালে তালে ফুলেন, প্ৰভাত, ধৰিত্ৰী, প্ৰয়াত ফুলেবা, পিংকি আৰু ডেইজী (Daisy Chutia Borah), টুটুমণিয়ে ( Tutu Moni) নৃত্যৰ অনুশীলন চলাবলৈ ধৰিলে। ব্যস্ততাৰে সময়বোৰ বাগৰি গ’ল।

:নাট মঞ্চস্থ হ’বলৈ মাত্ৰ ২ দিন বাকী—

তেনেতে আহিল ভয়ংকৰ খবৰটো।

মথাউৰি চিগিল!!

মথাউৰি চিঙি দোকোলটকা বানে ঘিলামৰাৰ দাঁতি-কাষৰীয়া অঞ্চলবোৰ তেনেই বুৰাই পেলালে। স্থানীয় চাৰ্কোল অফিছৰ পৰা খবৰ আহিল ল’ৰাবোৰ স্বেচ্ছাসেৱক হৈ যাব লাগে বান সাহাৰ্য বিলোৱাৰ কামত সহায় কৰিবলৈ। ৰাইজৰ বিপদৰ সময়ত সহায় কৰিবলৈ নোযোৱাৰ প্ৰশ্নই নুঠে। সকলো স্থানীয় দল-সংগঠন উবুৰি খাই পৰিছে। যুৱজ্যোতি, VOALI, সপ্তৰথী, টাউন ক্লাৱকে ধৰি সকলো আহিছে। নীহাৰিকাই তাত সহযোগ নকৰাৰ কথাই নাই।

এই বিপদৰ সময়তো আমাৰ চেঙেলীয়া নাটবলীয়া মনবোৰ সেমেকি উঠিল। বান সাহাৰ্য বিলাই থাকোঁতে আৰু এটা মন সেমেকা কৰা খবৰ আহিল। প্ৰশাসনৰ তৰফৰ পৰা আমাক জনোৱা হ’ল যে ঘিলামৰাৰ উপকণ্ঠৰ বাসুদেউ, ঘাঁহিবাৰী, মাহতলী, কাঠনী আৰু ৰূপহীৰ বন্যাৰ্তৰ বাবে কৃষ্টি ভৱনটো ঠিক কৰা হৈছে। সৰ্বনাশ— ইমানবোৰ মানুহে তাত শিবিৰ পাতিব লাগিলে তেনেই অৱস্থা নাইকিয়া কৰি পেলাব। তদুপৰি আমি ইতিমধ্যে তৰি থোৱা মঞ্চৰ কাপোৰ কানিবোৰ দেখোন ধোৱা লাগি তেতিয়ালৈ তথৈবচ অৱস্থা হ’ব। আমিও গতি বেগতিক দেখি যুদ্ধকালীন ক্ষীপ্ৰতাৰে মঞ্চৰ কাপোৰ কানিবোৰ খুলি, ছেটিংছবোৰ একাষৰীয়া কৰি থৈ শিবিৰ পাতিবলৈ অহা মানুহবোৰক সেইবোৰ নষ্ট নকৰিবলৈ বুজালোঁ।

সদায় ৰাতিপুৱা শুই উঠি আমাৰ এটাই চিন্তা —বানপানী কেতিয়া শুকাব, কৃষ্টি ভৱনৰ পৰা শিবিৰ কেতিয়া আঁতৰিব। নেদেখাজনকো খাটিবলৈ ধৰিলোঁ— পানী যেন সোনকালে শুকুৱাই নিয়ে। দিনবোৰ নাযায়-নুপুৱাই যেন লাগিবলৈ ধৰিলে।

অৱশেষত প্ৰকৃতিয়েও যেন আমাৰ প্ৰাৰ্থনা শুনিলে। বানপানী থামিল। এমাহমানৰ পিছত পানী শুকাবলৈ ধৰিলে। পিছে জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰাৰ দৰে কৃষ্টিভৱনটো খালি কৰি নিদিয়া হ’ল মাহতলীৰ বিচু, নিতাই, ৰজা শইকীয়া আৰু বিখ্যাত চৰিত্ৰ মালতীৰ পৰিয়ালটোৱে। সিহঁতক গ্ৰেজিঙৰ ফালে সংস্থাপিত কৰাতহে অৱশেষত ছেপ্তেম্বৰ মাহৰ ৫ তাৰিখে আমাৰ অত’দিনৰ কষ্টৰ ফচল “উৰুখা পঁজা” মঞ্চস্থ কৰাৰ সুবিধাটো ওলাল।

নিৰ্দিষ্ট দিনা নাট মঞ্চস্থ হোৱাৰ ২ ঘণ্টামান আগতে নেইম-কাষ্টিঙৰ বাবে ব্যৱহাৰ কৰিবলগীয়া প্ৰজেক্টৰটো বেয়া হৈ থাকিল। আমাৰ আটাইৰে মনবোৰ বেয়া লাগি গ’ল। ইমান কষ্ট কৰি যদি এতিয়া ৰাইজে আমাৰ নামকেইটা পৰ্দাত দেখিবলৈ নাপায়, কিমান বেজাৰৰ কথা হ’ব। নাই নাই, এনে কথা হ’ব নোৱাৰে। সেইবাবে আমাৰ সেমেকা মুখবোৰ দেখি, এই বিপদৰ পৰা বচাবলৈ স্বঘোষিত দ্বায়িত্ব মূৰ পাতি লৈ মূল অভিনেতা সঞ্জয় ওলাল ৰমেনৰ বাইকত উঠি ঢকুৱাখনা অভিমুখে— প্ৰজেক্টৰৰ সন্ধানত।

যিমানে সময় বাগৰিবলৈ ধৰিলে সিমানেই আমাৰো উচপিচনি আৰম্ভ হ’বলৈ ধৰিলে। প্ৰেক্ষাগৃহৰ ভিতৰত অপেক্ষাৰত দৰ্শকৰ মাজৰ পৰাও লাহে লাহে অধৈৰ্যৰ গুণগুণনি ভাহি আহিবলৈ ধৰিলে। কাৰণ নাট আৰম্ভ হোৱাৰ নিৰ্ধাৰিত সময়ো পাৰ হওঁ হওঁ। আমিও ‘হেম মাইকৰ’ জৰিয়তে “ক্ষন্তেক সময়ৰ পিছতেই নাট আৰম্ভ” হোৱাৰ ঘোষণা দি দি ভাগৰি গৈছোঁ। পিছে তিনিজন মানুহৰ তেতিয়াও দেখা দেখি নাই। প্ৰজেক্টৰৰ সন্ধানত যোৱা সঞ্জয়, ৰমেন আৰু এজন দেৰিকৈ অহাৰ বাবে ঘিলামৰা-বিখ্যাত বাবু দা অৰ্থাৎ Hiranya Kr Gogoi। অৱশেষত শেষ মূহুৰ্তত প্ৰজেক্টৰৰ সৈতে সঞ্জয় আৰু ৰমেন ওলালহি। ইফালে বাবুদাৰ তেতিয়াও দেখাদেখি নাই। আপুনি ক’ত আছে , আপোনাক জৰুৰীভাৱে মিউজিক বক্সত বিচৰা হৈছে বুলি ঘোষণা দিয়াৰ পাছতহে বাবু দা ক’ৰবাৰ পৰা ভুটুংকৈ ওলালহি। আহিয়েই —“ছিছ্‌, দেৰি হৈ গ’ল” বুলি চিৰ পৰিচিত জনপ্ৰিয় ডায়েলগটো প্ৰক্ষেপ কৰি, হেমকান্তদাহঁতৰ গালিকেইটা মিচিকিয়া হাঁহিৰে হজম কৰি গীটাৰখন উলিয়াই ল’লে।

শংখ নিনাদেৰে আৰম্ভ হোৱা নটৰাজ বন্দনাৰ পিছতে অৰ্কেষ্ট্ৰা বাজি উঠিল। ফুলেন, ধৰিত্ৰীহঁতৰ নৃত্যনাটিকা আৰু তাৰপিছতেই সৰু-সুৰা দুই এটা গ্ল’ৰিয়াছ মিছ টাইমিঙ আৰু মোহন দা, জিতেশ্বৰৰ ছেটিংছ সজোৱা টিমৰ কোনোবা এটা ওপৰৰ পৰা সৰি পৰি দুৰ্ঘটনা হোৱাৰ বাদে উৰুখা পঁজাৰ অভিনয় সফলতাৰে সমাপ্ত হ’ল। ৩০ টকা আৰু ১৫ টকীয়া টিকটত হাউছ ফুল দৰ্শকেৰে মুঠ ১৭,৫০০ টকা উৰুখা পঁজাৰ কালেক্‌চন হ’ল। আমাৰ বাবে এটা বিৰাট সফলতা। নাটকৰ অভিনয়ত দেখুওৱা পাৰ্ফ’মেন্সৰ বাবে সঞ্জয়ক ভৱিষ্যত সকলো নাট প্ৰডাক্‌চনৰ বাবে সন্মুখৰ পৰা বেক-ষ্টেজলৈ যাবৰ বাবে টানি অনুৰোধ জনোৱা হ’ল। পিছে এনেদৰে ডিমোট কৰি তাক আচলতে গোৰ মাৰি গংগাত পেলোৱাৰ দৰেহে হ’ল। অভিনয়েৰে নহ’লেও বেক-ষ্টেজৰ পৰা সঞ্জয়ে ঘিলামৰাৰ নাট্য চৰ্চাৰ বাবে বিশেষ অৱদান আগবঢ়াই গ’ল আৰু সহধৰ্মিনী মঞ্জুৰ (Manju Baruah Phukan)সহযোগিতা পালে ভৱিষ্যতেও অৱদান দি গৈ থাকিব বুলি আমাৰ আশা।

উৰুখা পঁজাৰ সফলতাত আপোন পাহৰা হৈ থাকোঁতেই কলিতা গাঁৱৰ পৰা আহি আমাৰ লগত দেহেকেহে খাটি নাটকত অভিনয় আৰু সহায় কৰা দুই নাটক বলীয়া উত্তম (Uttam Dutta) আৰু ধণ্টুৰ মনতো তীব্ৰ হেঁপাহ এটাই পোখা মেলি উঠিল। সিহঁতে ঠিক কৰিলে যে সিহঁতেও নাটক পাতিব। চৰ্ত হ’ল সিহঁতে কৰাৰ দৰে আমিও সিহঁতক সহায় কৰিব লাগিব। যৌৱনৰ অপাৰ উদ্দীপনাৰে ভৰপূৰ আমিবোৰ তেতিয়া নাবা বুলিলেও সাত হাল বোৱা বিধৰ। সহায় নকৰাৰ প্ৰশ্নই নুঠে। নাটক ঠিক হ’ল— মহেন্দ্ৰ বৰঠাকুৰৰ বিখ্যাত নাট “মাজ নিশাৰ চিঞৰ”। আমাক আৰু কোনে পায়। উৰুখা পঁজাৰ পাছত এইবাৰ মাজ নিশাৰ চিঞৰ।

লক্ষ্যস্থান এইবাৰ কলিতা গাওঁ।

(অহা খণ্ডত সমাপ্ত)

=মাজ নিশাৰ চিঞৰ==

(৪ৰ্থ তথা শেষ খণ্ড)

কলিতা গাওঁখন মোৰ তেনেই চিনাকি, আপোন গাওঁ। মানুহবোৰৰ লগত আমাৰ তেজ-মঙহৰ সম্পৰ্ক নাই— আছে এক নিভাঁজ আত্মীয়তাৰ, সহৃদয়তাৰ। তেজ-মঙহৰ সম্পৰ্কতকৈও গভীৰ আত্মীয়তাৰ সম্পৰ্ক, নিভাঁজ মৰমৰ সম্পৰ্ক— যি সেতু বান্ধে হৃদয়ৰ পৰা হৃদয়লৈ।

আমাৰ চুবুৰীয়া বিজুহঁতৰ মোমায়েকৰ ঘৰখন কলিতা গাঁৱত হোৱাৰ সূত্ৰে সৰুৰে পৰা আমাৰ তালৈ সঘন আহযাহ। তেওঁলোকৰ চুবুৰীটোৰ আটাইবোৰ মানুহ আমাৰ চিনাকি। আটাইৰে ঘৰলৈ আমি বিনা দ্বিধাই যাওঁ। বাৰীৰ আম-কঁঠাল পাৰি খাওঁ। আগৰ বহু মানুহ এতিয়া ইহ সংসাৰত নাই। কায়িকভাৱে মানুহবোৰ নাইকিয়া হৈ গ’ল যদিও এতিয়াও চকু মুদিলেই তেওঁলোকৰ মুখবোৰ স্পষ্টকৈ দেখা পাওঁ, মাতকেইষাৰো ৰিণিকি ৰিণিকি শুনা পাওঁ।

ক’লাকৈ ঋজু দেহাৰ চন্দ্ৰ বুঢ়া অৰ্থাৎ চন্দ্ৰ শইকীয়াৰ মুখখন মোৰ এতিয়াও স্পষ্টকৈ মনত আছে। মনত আছে তেওঁৰ শান্ত চাৱনিটো। সন্মুখৰ ফালে হালি সামান্য কুঁজা হৈ, হাত দুখন পাছফালে কেৰেপা মাৰি চন্দ্ৰ বুঢ়াই দিয়া খোজকেইটা মোৰ এতিয়াও মনত পৰে। আমি জীৱনত লগ পোৱা সৎ মানুহৰ এজন আছিল ৺চন্দ্ৰ শইকীয়া।

তেওঁলোকৰ চুবুৰীতে ধণ্টুহঁতৰ ঘৰ। ধণ্টুৰ মাক গোসানী আইৰ তাহানিৰ মুখখনো মোৰ ভালদৰে মনত আছে। মাহেকে-পষেকে আমাৰ ঘৰলৈ তেওঁ আহিবই। মাজে মাজে ধণ্টুৰ বায়েকো লগত আহে। তাই বৰ লেং লেংকৈ ওখ হৈ যোৱাত এবাৰ দেউতাই ধেমালিতে তাইক মূৰত শিলগুটি এটা লৈ মৰ্ণিংৱাক কৰিবলৈ কৈছিল। তায়ো সেইমতে সঁচাসঁচিকৈ কৰাত আমি বৰ হাঁহিছিলোঁ। সঁচাই কিমান যে সৰল আছিল তেতিয়াৰ ল’ৰা-ছোৱালীবোৰ।

সেইদৰে “বাইদেউ” বুলি মাতষাৰেৰে প্ৰায়ে আমাৰ ঘৰলৈ অহা ভোলা বৰ্তা আমাৰ বৰ আপোন আছিল। আমাৰ ককাই-ভাইদুটাক লৱ-কুশ বুলি মতা ভোলা বৰ্তাৰ দৰে শিৱৰ অভিনয় কৰিব পৰা দ্বিতীয় এজন লোক মই আজিলৈ দেখা নাই। জটা, বাঘৰ ছাল, ডম্বৰু সহিতে কষ্টিউম, মেক-আপ ল’লে সাইলাখ শিৱ যেন লগা ভোলা বৰ্তাৰ অবিশ্বাস্য ভয়চ মডুলেশ্যন, দেহ-ভংগিমা, দৃষ্টি নিক্ষেপণ নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। কলিতা গাঁৱত ভাওনা হ’লে লৱ-কুশৰ বাবে ছোৱালীবোৰৰ মাজত সুকীয়া ঠাই ঠিক কৰা আছে বুলি আমাক জোকোৱা বৰ্তা আজি বহুদিন ধৰি অসুখত পৰি থকাৰ কথা শুনি বেজাৰ লাগিছে। এই ভোলা বৰ্তাৰে ল’ৰা উত্তমৰ অভিনয় প্ৰতিভা তেজত প্ৰৱাহমান। “ইংগিত”ৰ মঞ্চত ভৱেন্দ্ৰনাথ শইকীয়াৰ নাট “শতাব্দী”ত উত্তমে কৰা অনবদ্য অভিনয় মোৰ আজিও মনত পৰে।

মোৰ বাবে তেনেই চিনাকি এই ঠাইখনতে নাটক কৰিবলৈ পাম বুলি ভাবি গা সাতখন-আঠখন লাগিছিল। আমি কৰিবলগীয়া সহায়ৰ প্ৰথমটো আছিল অভিনয়ৰ বাবে প্ৰয়োজনীয় মঞ্চ আৰু প্ৰেক্ষাগৃহ সজা কামটো। কুলহঁতৰ বাৰীখনকে থিয়েটাৰৰ বাবে নিৰ্বাচন কৰা হ’ল। আমি আটাইবোৰে মিলি বাঁহ-কাঠ কাটি পেণ্ডেল সাজিবলৈ ধৰিলোঁ। সাজি থকা দুদিনমান হৈছেহে, কিবা কাৰণত তাত থিয়েটাৰ পতাৰ পৰা আমাক বাৰণ কৰা হ’ল। গোটেইমখাই আলোচনা কৰি এইবাৰ গুণা দাইটিৰ ঘৰৰ সন্মুখৰ মাটিডোখৰকে উপযুক্ত স্থান হিচাপে নিৰ্বাচন কৰিলোঁ। আমি আকৌ আগৰ ঠাইৰ পৰা বাঁহ-কাঠবোৰ উঘালি আনি নতুন ঠাইত পেণ্ডেল সাজিবলৈ ধৰিলোঁ। এইবোৰ অদল-বদল কৰি থাকিবলগীয়া হোৱাৰ বাবে আমাৰ মনত কোনো অসন্তোষ, খেদ নাছিল। যৌৱন যে অফুৰন্ত শক্তিৰ উৎস— বাধা-বিঘিনিয়ে কেনেকৈ ৰোধিব যৌৱনৰ ৰণুৱা ঘোঁৰা।

নিৰ্মাণ কাৰ্য্যৰ সমান্তৰালকৈ পেণ্ডেলৰ সন্মুখৰ বগাধৰ দাইটিৰ ঘৰৰ স্কুলখনত সন্ধিয়া-সন্ধিয়া নাটক আৰু নৃত্য-নাটিকাৰ আখৰা চলিবলৈ ধৰিলে। ভূত পোহাৰ বাবে বিখ্যাত ৺বগাধৰ দাইটিয়ে পিছলৈ ভূতৰ উৎপাততে থাকিব নোৱাৰি বোকাজোললৈ উঠি যাবলগীয়া হৈছিল বুলি মানুহবোৰৰ মাজত এতিয়াও বিশ্বাস। আমি স্কুলত পঢ়ি থাকোঁতেও বগাধৰৰ ভূতে মানুহৰ গাত লম্ভাৰ কাহিনী শুনিবলৈ পাইছিলোঁ। ভূতৰ অন্তৰালত আচলতে কি ৰহস্য আছিল সেইবোৰ কথা আজি আলোচনা নকৰোঁ যদিও পিছলৈ তেওঁৰ ঘৰটোত যে এখন স্কুল স্থাপিত হৈছিল এইটো গোটেই কাণ্ডটোৰ এটা পজিটিভ দিশ আছিল।

কলিতা গাঁৱৰ নাট্য-চৰ্চাৰ ইতিহাস আছে। নেত্ৰ গোস্বামী, ভোলা দত্ত, সোণবৰ দত্ত, দেবেন ফুকন(Mintu Phukan ৰ দেউতাক), চন্দ্ৰ শইকীয়া, গুণা শইকীয়া, টিকেন্দ্ৰ শইকীয়া(Jitu Saikia ৰ দেউতাক), দময়ন্তী শইকীয়া, লক্ষী দত্ত আদিয়ে আৰম্ভ কৰা এই চৰ্চা অৰুণোদয় যুৱক সংঘ নামেৰে দূৰ্গা ফুকন(Utpal Kumar Phukan ৰ দেউতাক), চেময়ন্তী ফুকন, ক্ষেমা শইকীয়া, পবিত্ৰ শইকীয়া আদিয়ে সফলতাৰে চলাই ৰাখিছিল। সোণবৰ দাইটিৰ মুখেৰে শুনা পাইছিলোঁ —তেওঁলোকৰ এখন বিখ্যাত নাটক “পৰ্বতৰ মাণিকী লতা”ত চিপজৰী লৈ ওলমি থকা এটা মৃতদেহৰ চৰিত্ৰত কৰা নিৰ্বাক অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ পোৱাৰ কাহিনী। তেওঁলোকৰ এই গৌৰৱৰ আঁৰিয়া ধৰি আগুৱাই আহিছিল নাটক বলীয়া উত্তম(Uttam Dutta), ধণ্টু, দুদু , কুল, ৰঞ্জিত, প্ৰাণজিত(Pranjeet Phukan), দময়ন্তী পেহী,বৰ বিহুৱতী খ্যাত ৰিঞ্জু(Rinju Goswami), বিজু, জিকু(Jiku Goswami), জানটি, পিংকি আদিয়ে। তেওঁলোকক সহায় কৰিবলৈ এইবাৰ আহিল পৰিচালক ৰূপে গিৰিন্দ্ৰ দা, সংগীত পৰিচালকৰূপে ৰঞ্জিত দা(Ranjit Das), অভিনয়ৰ বাবে সুভাষ দা(Aai Teo Pha), ৰাজু কৰ্মকাৰ আৰু আমি নীহাৰিকাৰ দলটো।

উৰুখা পঁজাৰ মুখ্য অভিনেতা সঞ্জয়ৰ এইবাৰ দ্বায়িত্ব পৰিল বেক-ষ্টেজত— দৃশ্যসজ্জাৰ পৰিকল্পকৰূপে। মোৰ এইবাৰ প্ৰমোচন হ’ল লাইট বয়ৰ পৰা টেকনিকেল পাৰ্ছনলৈ। তেতিয়াৰ দিনত ভ্ৰাম্যমাণৰ দৰে নেইম-কাষ্টিঙৰ মাজে মাজে শুভ্ৰ পৰ্দাত যে ওলাই থাকে ডাৱৰবোৰ, বিভিন্ন ধৰণৰ ফুলৰ দৰে চানেকিবোৰৰ এনিমেছনবোৰ— সেইবোৰ গাঁৱৰ নাটকত দেখুৱাব পৰাটো অকল্পনীয় আছিল। এই কামটোকে কৰিম বুলি মই টেকনিকেল পাৰ্ছনৰূপে দ্বায়িত্ব লৈ ল’লোঁ। সঞ্জয়ৰ মোমায়েকৰ ভাল প্ৰজেক্টৰ এটা আছিল। সেইটো ঘৰলৈ লৈ গৈ ঘৰৰ পঢ়া টেবুলৰ তলৰ আন্ধাৰখিনিত তাৰ পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰি দিলোঁ।

নাটখনত আছিল এটা এক্সিডেণ্টৰ দৃশ্য। সঞ্জয় আৰু আমি লাইটৰ মানুহকেইটা মিলি দৃশ্যটোৰ পৰিকল্পনা প্ৰস্তুত কৰিলোঁ। নাটকৰ দিনা পৰিকল্পনা মতে আমি দৃশ্যটো দেখুৱাব পাৰিলে সাংঘাটিক কথা হ’ব বুলি মনে মনে তামাম উত্তেজনাত ভুগিবলৈ ধৰিলোঁ।

যি কি নহওক, পূৰ্ণগতিত আখৰা চলি চলি অৱশেষত নাট প্ৰদৰ্শনৰ আকাংক্ষিত দিনটো আহি পালে। গোটেইবোৰ খদমদম লাগি গ’ল। টিকেট বিক্ৰী কৰাই টিকেট বিক্ৰী কৰিছে, ভলণ্টিয়াৰবিলাকে চকীবোৰ সজাই তাত নম্বৰ লগাইছে, দুজনমানে মাইক লৈ গাঁৱত এনাউন্স কৰি ফুৰিছে, নাটক চাবলৈ ওচৰৰ ঘাঁহি গাওঁ, জালভাৰী গাওঁৰ লোক, দূৰৰ বন্ধু-বান্ধৱ তথা মিটিৰ-কুটুম্ব আলহী হৈ আহিছে— মুঠতে সাংঘাটিক উদুলিমুদুলি পৰিবেশ।

ৰাতিলৈ যথাসময়ত মাজ নিশাৰ চিঞৰৰ প্ৰদৰ্শন আৰম্ভ হ’ল। পৰিকল্পনা মতে বাওঁফালৰ ষ্টেজত বাঁহ এডালৰ দুমুৰে চন্দ্ৰেশ্বৰৰ ফটো ষ্টুডিঅ’ৰ পৰা অনা লাইট দুটা বান্ধি গাড়ীৰ হেডলাইটৰ দৰে কৰি, সঞ্জয় বেকগ্ৰাউণ্ডৰ পৰা ভাহি অহা গাড়ীৰ শব্দৰ তালে তালে সাইলাখ গাড়ীখনৰ দৰে ষ্টেজৰ দূৰৰ মূৰটোৰ পৰা বাওঁফালৰ মূৰটোলৈ কোণীয়াকৈ আগুৱাই আহিল। দৰ্শকৰ মাজৰ মৃদু গুণগুণনি সোঁফালৰ ষ্টেজৰ সন্মুখত প্ৰজেক্টৰটো লৈ ৰৈ থকা মই স্পষ্টকৈ শুনা পালোঁ। আৱহ সংগীত উচ্চৰ পৰা উচ্চগ্ৰামলৈ উঠিবলৈ ধৰিলে। লাইট ব’ৰ্ডত বহি থকা ডিম্পুলে ফিউজ ৱায়াৰ দি ফুটাবলৈ ৰেডি কৰি থোৱা ব’মটো ফুটাবলৈ বুলি ছুইছত ভৰি দিলে। পিছে ব’ম দেখোন ফুটা নাই। ব’মটো নুফুটা দেখি উপস্থিত বুদ্ধি খটুৱাই সঞ্জয়ে ছেটিংছৰ গছ এজোপাৰ গাতে খুন্দিয়াই এক্সিডেণ্টটো সম্পূৰ্ণ কৰিলে। ক্ৰেছ মিউজিকৰ তালে তালে দৰ্শকৰ তুমুল হাত-চাপৰি আৰু তাৰ পিছতেই বাওঁফালৰ পটখন পৰি সোঁফালৰ ষ্টেজৰ শুভ্ৰ পৰ্দাত ভাহি আহিল এসোপামান তেজ— আমাৰ টেকনিকেল কামাল। সেই তেজৰ মাজেৰে দেখা গ’ল নেইম কাষ্টিঙৰ প্ৰথমখন শ্লাইড— আজিৰ নিৱেদন মহেন্দ্ৰ বৰঠাকুৰৰ মাজ নিশাৰ চিঞৰ। হৰ্ছ বিট মিউজিকৰ তালে তেলে নেইম কাষ্টিঙ আৰু তাৰ মাজে মাজে মোৰ টেকনিকেল কামাল এনিমেছনবোৰ চলিবলৈ ধৰিলে। তেনেতে দেখোঁ যে কোনোবা এটা মিউজিক বক্সৰ মাজেৰে হাউলি হাউলি উধাতু খাই মোৰ ফালে আহিছে। মোৰ সেইবোৰ চাবলৈ সময় নাই। ল’ৰাটো আহি মোৰ গাত ধৰি জোকাৰি দিওঁতেহে সম্বিত ঘূৰাই পালোঁ।

হেঁফাই-ফোঁপাই সি ক’লে—

: আপোনাক সঞ্জয় দাই মাতিছে। : মই যাব নোৱাৰোঁ। দেখা নাই কাষ্টিং চলি আছে। : এইবোৰ থওক এতিয়া, ভিতৰত সাংঘাটিক কাণ্ড হৈছে। : কি সাংঘাটিক কাণ্ড? : গান্ধী জ্বলিল!!!

কি??? মই যেন আকাশৰ পৰাহে পৰিলোঁ। ঘটনাৰ একো গতি-গোত্ৰ ধৰিব নোৱাৰি দুয়োটা ষ্টেজৰ পাছফালেৰে বাওঁফালৰ ষ্টেজৰ কাষলৈ নিগনি দৌৰ লগালোঁ। গৈ দেখোঁ সঞ্জয় দেখোন চকী দুখন জোৰা লগাই তাতে পৰি চিৎ খাই আকাশৰ তৰা গণিছে। মুখখন গামোছা এখনেৰে মেৰিওৱা। নাটৰ অভিনেতা-অভিনেত্ৰী সকলোৱে তাক বেৰি ধৰি আছে।

মোক দেখি সঞ্জয়ে সেহাই-সেহাই যিখিনি ক’লে তাৰ সাৰমৰ্ম হ’ল এনেকুৱা— এক্সিডেণ্টৰ দৃশ্য ঠিকেই চলি আছিল। সময়ত ব’মটো নুফুটা বাবে সঞ্জয়ে গছত খুন্দিওৱা দেখুৱাই মঞ্চ আন্ধাৰ হোৱাৰ পিছত ঘূৰি ষ্টেজৰ তলত ব’ম ফুটিলে জুই উলিয়াই দেখুৱাম বুলি মুখত কেৰাছিন তেল লৈ থকা ৰাজীৱ আৰু চাকিটো লৈ থকা বাবুৱাক ঘটনাটো কি হ’ল বুলি সুধিবলৈ লৈছিলহে। সেইসময়তে নাটকত হোৱা গ্ল’ৰিয়াছ মিছটাইমিঙ সঞ্জয়ৰ ক্ষেত্ৰত নট’ৰিয়াছ হৈ এক্সিডেণ্টৰ সময়ত ফুটিবলগীয়া ব’মটো ফুটিল। ব’ম ফুটা শুনি আন্ধাৰত একো দেখা নাপাই ৰাজীৱে মুখৰ কেৰাছিনখিনি চাকিটোৰ ফালে ওপৰলৈ মুখকৰি মাৰি পঠিয়ালে—ভুঁ.. উ… ছ আৰু সেই জুইয়ে আহি সঞ্জয়ৰ মুখমণ্ডলত তপত চুমা আঁকি দিলে।

ভিতৰত ইমানবোৰ ঘটি যোৱাৰ পিছতো আচৰিতভাৱে দৰ্শকে এইবোৰৰ একো ভুকে নাপালে।

যিহেতু সঞ্জয় দৃশ্যসজ্জাৰ দ্বায়িত্বত আছিল; ৰিটায়াৰ্ড হাৰ্ট হৈ সাক্ষীগোপাল হ’বলগীয়া হোৱাত মোক লাইটৰ কামৰ পৰা ৱিথ ইম্মেডিয়েট ইফেক্ট ছাচপেণ্ড কৰি ছেটিংছলৈ ডবল প্ৰমোচন দি দিলে।

মই জপিয়াই উঠিলোঁ। ইমান কম দিনতে তিনিটাকৈ প্ৰমোচন!! পিছে প্ৰমোচন পোৱা কৰ্মচাৰীৰ দৰে দেখোন মই মুঠেও সুখী হ’ব নোৱাৰিলোঁ। সুখী হওঁৱেই বা কেনেকৈ। মইতো নাটকখনৰ বিষয়ে একো নাজানোঁ, কাৰণ মই ৰিহাৰ্ছেল চোৱাই নাই। কিন্তু উপায়ন্তৰ হৈ নাটকখনৰ স্বাৰ্থত অনিচ্ছাস্বত্বেও ছেটিংছৰ দ্বায়িত্ব ল’বলগীয়া হ’ল। প্ৰতিটো দৃশ্যৰ আগতে আমি আহি সঞ্জয়ৰ পৰা পিছৰ দৃশ্যটোৰ বিষয়ে বুজি লওঁ আৰু সেইমতে কৰোঁ। এবাৰ ছেটিংছৰ পাছফালে ঢোকা দি ৰখা বাঁহবোৰ বিচাৰি নাপাই হেমন্ত আৰু মই পাত্তাকেইখন নাটক চলি থাকোঁতে পাছফালৰ পৰা হাতেৰে ধৰি থাকিবলগীয়া পৰিস্থিতিও হৈছিল।

যি কি নহওক, তাৰ পিছৰ কাহিনী চমু। নাটকত সহায় কৰিবলৈ আহি ল’ৰাটোৰ এনেকুৱা হ’ল বুলি গোটেই মানুহবোৰ সঞ্জয়ৰ শুশ্ৰুষাত তেনেই উবুৰি খাই পৰিল। নাটকত অনবদ্য অভিনয় কৰা দময়ন্তী পেহী, ৰিঞ্জুহঁতৰ শুশ্ৰূষাত সি অলপ দিনৰ ভিতৰতে সুস্থ হৈ উঠিল। এনে মৰমী হাতৰ শুশ্ৰূষা পাই স্বৰ্গসুখ পোৱা সঞ্জয়ে আমাক কোৱা মতে এনেকুৱা আদৰ পালে হেনো এক্সিডেণ্ট হৈয়ো বেয়া নালাগে!

চমুতে এইটোৱেই গান্ধী জ্বলাৰ কাহিনী। সেইদিনা সঞ্জয়ৰ মুখৰ পৰা ওলোৱা চিঞৰ মিউজিকৰ শৱদত দৰ্শকৰ কাণত নপৰিলেও বেক-ষ্টেজত থকা বহুতৰে মনত বহুদিনলৈ মাজ নিশাৰ চিঞৰ হৈ বাজি থাকিল।

তাহানিৰ নীহাৰিকাৰ নাট্য-চৰ্চা কালক্ৰমত গৈ আমিয়েই ৰোৱা “ইংগিত” নামৰ পুলিটো হৈ হৰেন শইকীয়া ছাৰ(Haren Saikia), সঞ্জয়, নৱ(Naba Chetia), জয়ন্ত, মেৰীহঁতৰ(Mary Borgohain) প্ৰচেষ্টাত এজোপা বটবৃক্ষ ৰূপে অসমৰ চুকে কোণে সুবাস বিয়পাই ঘিলামৰালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ ধৰিলে।

সাংসাৰিক জঞ্জালত পৰি যদিও মই ঘৰ এৰি অস্থায়ীভাৱে ধেমাজিৰ বাসিন্দা হ’বলগীয়া হৈছে তথাপি মাজে মাজে ঘিলামৰালৈ গৈ থাকিলে আমি সৰুকালৰ বন্ধুকেইটাই লগ হওঁ। সঞ্জয়ৰ দোকানৰ ওচৰৰ “হিউৱেন চাং” খনত বহি পুৰণি, জৰাজীৰ্ণ আমাৰ নাট্য-চৰ্চাৰ সাক্ষী কৃষ্টি-ভৱনটোলৈ চাই চাই বহু কথাই পাতোঁ। কৃষ্টি-ভৱনটো ভাঙি নতুনকৈ সাজি থকা অত্যাধুনিক অডিট’ৰিয়ামটো সম্পূৰ্ণ হ’লে আকৌ নাটক কৰাৰ সপোন দেখোঁ। ঘাঁহি গাঁৱৰ অশীতিপৰ শিল্পী ফটিক চন্দ্ৰ হাজৰিকা প্ৰভৃতিয়ে ভাওনাৰ জৰিয়তে কঢ়িয়াবলৈ আৰম্ভ কৰা সংস্কৃতি-চৰ্চাৰ ভাৰখন অগ্ৰজ ৺তিলেন গগৈ, ৺লক্ষী দিহিঙীয়া(Palash Pratim Patkai ৰ দেউতাক), ৺পূৰ্ণ বৰুৱা, ৺পৰমা গগৈ, ৺ভোগেশ্বৰ সূত, ৺মাধৱ বড়া, তিলক চেতিয়া, গিৰিশ ফুকন, ৺তনু ফুকন(Nilutpal Nilutpal ৰ দেউতাক), ৺মাণিক শইকীয়া, কামাখ্যাপ্ৰসাদ শইকীয়া, কৈলাশ শৰ্মা, ৺প্ৰসন্ন বুঢ়াগোঁহাই, ৺সত্য গগৈ, ৺ডিম্বেশ্বৰ গগৈ, ৺ভদ্ৰেশ্বৰ ৰাভা, ৺যোগেন বৰুৱা, ডাঃ বাগলাৰী, ডাঃ এটম গোঁহাই, লক্ষীমাই হাজৰিকা, ৰূপা দাস, মঞ্জুলা গগৈৰ পৰা ভূপেন দা, প্ৰাঞ্জল দা, জ্যোতি বা, বিজয়া বা, পুলক দা(Pulak Hazarika), জ্যোৎস্না বা(Jyotshna Baruah) আদিয়ে আৰু তেওঁলোকৰ পৰা আমাৰ প্ৰজন্মই যেনেকৈ কান্ধত ললোঁ তেনেকৈ আমাৰ পিছৰ প্ৰজন্ময়ো কান্ধ পাতি ল’বনে?

আমাৰ মনত এতিয়া এইটোৱেই প্ৰশ্ন—

আমাৰ অবৰ্তমানত নিজৰ দোকানখনত বহি সন্মুখৰ ৱাইন শ্বপখনত গধুলি গধুলি ভিৰ কৰা বৰ্তমান প্ৰজন্মক চাই চাই নিতৌ ভাৱনাৰ সাগৰত ডুব যায় গান্ধী ওৰফে সঞ্জয় ফুকন।

★★★★★★★★★★★★★★

[উপসংহাৰ:— চাৰিটা খণ্ডৰ লেখাটো মূলতঃ সঞ্জয়ৰ নাট্য-জীৱনৰ এটি নট’ৰিয়াছ মিছ-টাইমিঙক লৈ আছিল যদিও চাওঁতে চাওঁতে লেখাটোৱে উপস্থাপনৰ খাতিৰত সেইসময়ৰ কিছু ইতিহাসো চুই যাবলগীয়া হ’ল। মাত্ৰ চাৰিটা খণ্ডৰ ভিতৰত সামৰিবলগীয়া হোৱাৰ বাবে বহু চৰিত্ৰক ওচৰৰ পৰা জুমি চোৱাত আৰু বহু কথা বাহুল্যৰ ভয়ত এৰিবলগীয়া হ’ল। স্মৃতিক ভৰসা কৰি লেখিবলগীয়া হোৱা হেতু বহু কথা আৰু চৰিত্ৰ বাদ পৰি যোৱাটো স্বাভাৱিক— তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী। যি কি নহওক মোৰ এই লেখাটোৱে যদি পাঠকসকলক নিজৰ শৈশৱ, কৈশোৰ, যৌৱনলৈ উলটি চোৱাত কিঞ্চিতমানো অণুঘটকৰ কাম কৰিছে, লেখাৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিছোঁ। লেখক হিচাপে এয়াই মোৰ প্ৰাপ্তি। পৰিশেষত অনিচ্ছাকৃত ভুল-ভ্ৰান্তিৰ বাবে মাৰ্জনা বিচাৰি কাহিনীটো ইমানতে সামৰিলোঁ। ধন্যবাদ।]

(সমাপ্ত)