poetry

যাত্ৰা

#assamese-poetry#poetry#যাত্ৰা

== যাত্ৰা==

শিলে কটা জুৰিৰ দুহতীয়া দেওধনী
নৈত মিলি নাওমান ৰ’ল
জুৰিৰ চঞ্চলতাকন কিছু গহীন হ’ল
ধ্যানস্থ যোগীৰ নিস্তৰংগ ভাবনাই
সামৰে যিদৰে ব্ৰহ্মাণ্ডৰ

জুৰিৰ অশ্ৰু নদী
নদীৰ ক্ৰন্দন সাগৰ
নিৰবধি যাব বৈ
যদিহে নাপায় বাধা
নালাগে ভাগৰ—

যিদৰে—
‘মই’ বওঁ ‘আমি’লৈ
আত্মা পৰমাত্মালৈ
আকাশ শূন্যলৈ আৰু—
কাল মহাকালৰ বুকুলৈ..

কিছু নদী পাছে মৰা সুঁতি হয়
সাগৰৰ হাবিয়াস অলঙি-মলঙি ৰয়
‘মই’ ’মই’তে ঘূৰিলে—
ভূত আৰু ইন্দ্ৰিয়ৰ চাকনৈয়াত পৰিলে
সাগৰৰ হাবিয়াস নদীতেই পায় লয়

জ্ঞান আৰু কৰ্মৰ পকনীয়াও পাছে কম নহয় দেই বাপু—
জগত-প্ৰপঞ্চ সত্য নে মিথ্যা
সপোন সত্য, নে—
দিঠকেই সত্যৰ ব্যাখ্যা
ভাবনাৰ অন্ত হ’লে
সপোন-দিঠক সকলো তেনেই মিছা

তুমি প্ৰভু নিৰ্গুণ গুণেৰ সীমা নাই
অৰুণ চৰণ তলে দিবা মোক ঠাই…….

চৰণেহে জানে মৰণৰ ঠাই
মৰণ মানে শূইন, একোৱেই নাই
শূন্য মানেই সত্য
শূন্যতে বিয়পে আকাশ
শূন্যতে বিলীন মৰ্ত্য

নিস্তৰংগ শূন্য-সাগৰত উঠিব আকৌ
ভাবনাৰ মৃগনাভি তৰংগ
ভাবেই মই, ভাবেই চৰাচৰ
ভাবনাতে ঘূৰে ব্ৰহ্মাণ্ড