assamese essay

ইণ্টাৰনেটঃ গোপনীয়তা উলংঘন আৰু পৰিত্ৰাণ:

#assamese-essay #privacy #internet #ইণ্টাৰনেট

ইণ্টাৰনেটঃ গোপনীয়তা উলংঘন আৰু পৰিত্ৰাণ:

খণ্ড {১}

WhatsApp বৰ্তমান ফেইচবুকৰ অংশ। এই WhatsAppৰ এজন প্ৰতিষ্ঠাতা Brian Acton এ যোৱা ২০ মাৰ্চৰ দিনা #deleteFacebook বুলি টুইট কৰা দেখা গ’ল। ফেইচবুকৰ পৰা আঁতৰি থাকিবলৈ কোৱা তেখেতেই প্ৰথম ব্যক্তি নহয়। ইয়াৰ আগতেও ফেইচবুকৰ কৰ্মচাৰী Chamath Palihapitiya, কাৰ্যবাহী Sean Parker, Justin Rosenstein আৰু বিনিয়োগকাৰী Roger McNamee অনুৰূপ মত প্ৰকাশ কৰিছিল। Chamath Palihapitiya ৰ মতে ফেইচবুকৰ ভিতৰ চ’ৰাত এনেকুৱা সঁজুলি তৈয়াৰ কৰা হৈ আছে যাৰ দ্বাৰা হয়তো সামাজিক পৰিকাঠামো ভাঙি পেলাবও পৰা হ’ব পাৰে।

উল্লেখ্য যে Cambridge Analytica নামৰ ডাটা মাইনিং প্ৰতিষ্ঠানটোৱে প্ৰায় ৫ কোটি ফেইচবুক ব্যৱহাৰকাৰীৰ তথ্য অপ-ব্যৱহাৰ কৰিছিল বুলি সম্প্ৰতি অভিযোগ উত্থাপন হৈছে। বহুতে সন্দেহ কৰিছে যে এই তথ্য ২০১৬ ৰ ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ কামত ব্যৱহাৰ কৰা হৈছিল। প্ৰসংগক্ৰমে Edward Snowden ৰ কথাও উল্লেখ কৰিব পাৰি যি National Security Agency (NSA),Five Eyes Intelligence Alliance য়ে দূৰসংযোগ প্ৰতিষ্ঠান আৰু ইউৰোপিয়ান চৰকাৰৰ সহযোগত বিশ্বব্যাপী অকৰ্তৃত্বশীল ভাৱে ব্যৱহাৰকাৰীৰ তথ্য নিৰীক্ষণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰি আমেৰিকান চৰকাৰৰ ৰোষত পৰিছিল।

এইখিনি কথা টানি অনাৰ কাৰণ হ’ল- আমি আচলতে ছচিয়েল মিডিয়া বা ইণ্টাৰনেটৰ মাধ্যমেৰে তথ্য সৰবৰাহ কৰোঁতে বহু সময়ত ব্যক্তিগত তথ্য কোনো চিন্তা নকৰাকৈ দি দিওঁ। বহু সময়ত আমি চিন্তাই নকৰোঁ এই তথ্যইনো আমাক কি বিপদত পেলাব পাৰে।

{ আগলৈ…}

{খণ্ড ২}

কেমব্ৰিজ এনালাইটিকাই আচলতে কি কৰিছিল ========+++++========== Aleksandr Kogan নামৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এজন প্ৰবক্তাই thisisyourdigitallife নামৰ মনোবৈজ্ঞানিকসকলৰ বাবে মানুহৰ ব্যক্তিত্ব পূৰ্বানুমান কৰিব পৰা এটা সঁজুলি তৈয়াৰ কৰিছিল। সঁজুলিটো ফেইচবুক এপ হিচাপে তৈয়াৰ কৰা হৈছিল। ফেইচবুক এপ মানে ধৰক ফেইচবুকৰ ভিতৰৰ পৰা ব্যৱহাৰ কৰিব পৰা সঁজুলি বা ফেচবুকৰ authorization service ব্যৱহাৰ কৰা সঁজুলি। আপুনি ফেইচবুকত মাজে মাজে খেলি থকা গেমবোৰ বা আপুনি ছোৱালী হ’লে দেখিবলৈ কেনেকুৱা দেখাব বা আপুনি কেতিয়া ঢুকাব তেনেধৰণৰ আমোদজনক এপবোৰ ফেইচবুক এপ। মন কৰিব আপুনি এইবোৰ ব্যৱহাৰ কৰাৰ আগতে আপোনাৰ প্ৰফাইলৰ তথ্য ব্যৱহাৰ কৰিবলৈ অনুমতি বিচাৰে।( অনুমতি দিয়াৰ অৰ্থ হ’ল আপোনাৰ তথ্য ফেইচবুকৰ বাদে আন তৃতীয় পক্ষক প্ৰদান কৰা) আপুনি অনুমতি প্ৰদান কৰিলেহে এইবোৰ ব্যৱহাৰ কৰিব পাৰে। thisisyourdigitallife ও তেনেধৰণৰ সঁজুলি আছিল। সঁজুলিটোৱে ব্যৱহাৰকাৰীৰ ফেইচবুক প্ৰফাইলৰ তথ্য, তেওঁৰ ভৌগোলিক অৱস্থান, কেনেধৰণৰ বিষয় ভাল পায়(আনকি ব্যৱহাৰকাৰীৰ বন্ধু তালিকাত থকা সকলৰো) —এইবোৰ ওপৰত দিয়াৰ ধৰণেৰে আহৰণ কৰিছিল। কেমব্ৰিজ এনালাইটিকাই Aleksandr Kogan ৰ পৰা উক্ত তথ্য আহৰণ কৰি নিজস্ব তথ্যভাণ্ডাৰ তৈয়াৰ কৰিছিল। ইয়াৰ দ্বাৰা ভোটাৰসকলৰ হাৱ ভাৱ পূৰ্বানুমান কৰি কেনেধৰণৰ প্ৰচাৰৰ দ্বাৰা ভোটাৰসকলক আকৰ্ষণ কৰিব পাৰি তাক কম্পিউটাৰ প্ৰগ্ৰেমৰ দ্বাৰা বাচি উলিয়াইছিল। এক কথাত ব্যৱহাৰকাৰীৰ গোপনীয়তা ভংগ কৰি তেওঁলোকে নজনাকৈয়ে তেওঁলোকৰ সিদ্ধান্ত প্ৰভাৱিত কৰা হৈছিল। অলপমান ভাবি চালেই এয়া কিমান ভয়ংকৰ কথা বুজিব পাৰিব।

তাতোকৈ ভয়ংকৰ কথা ক’বলৈ গৈ আছোঁ পৰৱৰ্ত্তী খণ্ডত…

কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ {আগলৈ }…

{খণ্ড ৩}

কৃত্ৰিম বুদ্ধিমত্তা: —++—++—

মানুহৰ মগজুটো প্ৰকৃতিৰ বিস্ময়। ৫০ কোটিতকৈ বেছি অংশৰে গঠিত মানুহৰ মগজুটো মানৱ সৃষ্ট যিকোনো যন্ত্ৰ বা প্ৰকৃতিৰ যিকোনো বস্তুতকৈও বহু বেছি জটিল আৰু কাৰ্যক্ষম। জন্মৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰি( মাতৃগৰ্ভত থকা সময়খিনি ধৰা নাই) আমৃত্যু ই অলপো নোৰোৱাকৈ একে দক্ষতাৰে কাম কৰি যায় (আনকি টোপনি যাওঁতেও মগজুৱে কাম কৰি থাকে)। আনহাতে কম্পিউটাৰ হৈছে দৰাচলতে এক বুদ্ধিহীন( dumb)সঁজুলি যাৰ নিজস্ব কোনো চিন্তা-শক্তি নাই। আমি দিয়া নিৰ্দেশসমূহ নিৰ্ভুলভাৱে পৌনঃপৌনিকভাৱে কৰিব পৰাটোৱেই হৈছে ইয়াৰ উপযোগিতা। বিজ্ঞানীসকলে মানুহৰ মগজুৰ কাম কৰাৰ ধৰণৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰকো তদনুৰূপ বুদ্ধিমান কৰি তুলিব পৰা যায় নেকি তাৰ চেষ্টা কৰাৰ পৰিণতিয়েই হৈছে “কৃত্ৰিম বুদ্ধিমত্তা” নামৰ কাৰিকৰী কৌশল। মানৱ শিশু এটি জন্ম হওঁতে কিছু স্বাভাৱিক প্ৰবৃত্তি(instinct)(যেনে: ভোক লাগিলে কন্দা)লৈ অহাৰ বাদে ই হৈ আহে এখন উকা কাগজৰ দৰেই। লাহে লাহে শিশুটোৱে বিভিন্ন কথা শিকিবলৈ আৰম্ভ কৰে আৰু এই শিকা কথাবোৰৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে অনুৰূপ পৰিস্থিতিত কি প্ৰতিক্ৰিয়া দিব তাক নিজে চিন্তা কৰি সিদ্ধান্ত ল’ব পৰা হয়। মানুহৰ মগজুটোৰ কাম কৰাৰ ধৰণক আৰ্হি হিচাবে লৈ Neural Network (নিউৰন হৈছে মগজুৰ কোষ যি ৰাসায়নিক আৰু বৈদ্যুতিক তৰংগ কঢ়িয়াব পাৰে আৰু আন নিউৰনৰ সৈতে সংযুক্ত হৈ এখন জাল(network)গঠন কৰিব পাৰে। নিউৰনৰ এই জালখনৰ সংযোগবোৰ যিমান শক্তিশালী হয় আমাৰ শিকাটো সিমান ভাল হয়। বাৰে বাৰে অভ্যাস কৰিলে বা ৰিভাইছ কৰিলে জালখন শক্তিশালী হয়। সেইবাবেই আমি পঢ়া কথাবোৰ বাৰে বাৰে অভ্যাস কৰিব লাগে বুলি কওঁ) সদৃশ কম্পিউটাৰ প্ৰগ্ৰেমৰ দ্বাৰা কম্পিউটাৰক কৃত্ৰিম বুদ্ধিমত্তা দিবলৈ চেষ্টা কৰা হয়। সাধাৰণভাৱে বুজিবলৈ এটা উদাহৰণ দিওঁ- ( প্ৰকৃততে উদাহৰণটো সামগ্ৰিক ধাৰণা এটা পাবৰ বাবেহে দিয়া হৈছে। বিষয়টো বুজিবলৈ দৰাচলতে Linear Algebra, Matrix Algebra, Probability & Statistics, Optimization আদিৰ জ্ঞান থকাটো দৰকাৰী যদিও সাধাৰণ ধাৰণা এটা পাবৰ বাবে লেখাটোৱে সহায় কৰিব বুলি ভাবিছোঁ)

ধৰা হওক মেকুৰীৰ ছবি এখন কম্পিউটাৰক চিনাক্ত কৰিবৰ বাবে দিয়া হ’ল। এইটো আমাৰ বাবে তেনেই সাধাৰণ কথা, কিন্তু কম্পিউটাৰৰ বাবে এইটো সাধাৰণ কথা মুঠেই নহয়। শিশু এটিক যেনেকৈ মেকুৰীৰ ছবি এখন বা মেকুৰী এটা দেখুৱাই প্ৰথম চিনাকি কৰি দিওঁ তেনেকৈ কম্পিউটাৰকো আমি চিনাকি কৰি দিব লাগিব। কিন্তু কেনেকৈ? কাৰণ আমি আগতেই কৈছোঁ যে মানুহৰ দৰে কম্পিউটাৰ বুদ্ধিমান নহয়। সেইবাবে মানুহৰ মগজুৱে যেনেকৈ নতুন কথা শিকে তাক মোটামুটি অনুকৰণ কৰি কম্পিউটাৰত Artificial Neural Network তৈয়াৰ কৰা হয়। গোটেই ছবিখন মানুহে যেনেকৈ এবাৰতে দেখি বুজিবলৈ সক্ষম হয় কম্পিউটাৰক ছবিখন পিক্সেল পৰ্যায়লৈ ভাঙি দিব লাগে। পিক্সেল মানে কি বুজিবলৈ হ’লে এটা কাম কৰিব পাৰে- বাতৰি-কাকতত থকা ছবি এখন আপুনি আঁতচী কাঁচেৰে চালে দেখিব যে ছবিখন আচলতে সৰু সৰু ফুট ফুট কিছুমানেৰে গঠিত হৈছে। এই ফুটবোৰকে আপুনি ছবিখন গঠন কৰা পিক্সেল বুলি ধৰি থ’ব পাৰে। মেকুৰীৰ ছবিখনৰ প্ৰতিটো পিক্সেল হ’ব আমাৰ Artificial Neural Nework ৰ একোডাল নিউৰন। যদিও আমি কৈছোঁ যে মানুহে একেবাৰতে ছবিখন বুজিব পাৰে আচলতে বিষয়টো বহু বেছি জটিল আৰু ইয়াৰ অন্তৰালত বহু উন্নত পদ্ধতি এটাই কাম কৰে। মগজুৰ সোঁ আৰু বাওঁ ভাগটোত থকা ভিছুৱেল কৰ্টেক্সে(৫ টা ভিছুৱেল কৰ্টেক্স,১৪ কোটি নিউৰন আৰু সিবোৰৰ মাজত হোৱা কোটি কোটি সংযোগৰ দ্বাৰা গঠন কৰা জৈৱিক নিউৰেল নেটৱৰ্কৰ যোগেদি) একে সময়তে বহুকেইটা কম্পিউটাৰে সমান্তৰালভাৱে কাম কৰাৰ দৰে কাম কৰি আমাক ছবিখন বুজিবলৈ সহায় কৰে। পিছে আটাইতকৈ উন্নত মানৱ সৃষ্ট কৃত্ৰিম নিউৰেল নেটৱৰ্ক মগজুৰ এই কৰ্মপদ্ধতি আৰু দক্ষতাৰ তুলনাত দুগ্ধ-পোষ্য শিশুহে।

আলোচনাটো বেছি কাৰিকৰী হোৱাৰ ভয়ত ইমানতে এৰিছোঁ। পাঠকে নিশ্চয় বুজিবলৈ টান পোৱা নাই যে মানুহে যেনেকৈ পূৰ্ব্বৰ সঞ্চিত অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ভবিষ্যতে সিদ্ধান্ত ল’ব পৰাৰ ক্ষমতা অৰ্জন কৰিছে তেনেকৈ কৃত্ৰিম নিউৰেল নেটৱৰ্কৰ যোগেৰে কম্পিউটাৰকো সিদ্ধান্ত ল’ব পৰাৰ ক্ষমতা দিবলৈ চেষ্টা কৰা হৈছে। তাৰ বাবে আমি ওপৰৰ উদাহৰণৰ কৃত্ৰিম নিউৰেল নেটৱৰ্কটো বেলেগ বেলেগ ধৰণৰ মেকুৰীৰ ছবিৰ সৈতে পৰ্যাপ্ত পৰিমানে প্ৰশিক্ষণ দিব লাগিব। তেতিয়া আগতে নিদিয়া নতুন মেকুৰীৰ ছবি এখন কম্পিউটাৰক দিলেও ই ইয়াক দিয়া প্ৰশিক্ষণৰ ওপৰত ভিত্তি কৰি মেকুৰীৰ ছবি বুলি চিনাক্ত কৰিব পৰা হয়গৈ। এয়াই কৃত্ৰিম বুদ্ধিমত্তা। প্ৰকৃততে এয়া মানুহৰ বাবে অতি আশাব্যঞ্জক কথা। কিন্তু পৰমাণু প্ৰযুক্তিৰ দৰে মানৱ কল্যাণৰ বাবে ব্যৱহৃত হ’ব পৰা প্ৰযুক্তিও কাৰোবাৰ হাতত পৰি পৰমাণু বোমালৈ পৰ্যৱসিত হোৱাৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাকো আমাৰ বিপৰীতে কেনেকৈ ব্যৱহাৰ কৰিব পাৰে তাকে চাওঁ আহক।

{আগলৈ}…

{খণ্ড ৪}

আধুনিক মানুহে একেসময়তে দুটা অস্তিত্বৰে দুখন জগতত বিচৰণ কৰে। এটা হৈছে বাস্তৱৰ পৃথিৱীৰ কায়িক ৰূপ আৰু আনটো হৈছে ইণ্টাৰনেট বিশ্বৰ ভাৰ্চুৱেল ৰূপ। বাস্তৱ আৰু ভাৰ্চুৱেল পৃথিৱীৰ এই ৰূপ-প্ৰতিৰূপ কিন্তু বিচ্ছিন্ন নহয়- বহু সময়ত এটাৰ আনটোৰ ওপৰত হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়া স্পষ্ট ৰূপত ধৰা দিয়ে যদিও বহু সময়ত দুয়োটাৰ সকালীকৰণ( synchronization) অৰ্থাৎ ইটোৰ পৰা সিটোলৈ তথ্যৰ সৰবৰাহ ধূসৰ হৈ থাকে। বহুলোক কায়িক পৃথিৱীত এটা ৰূপেৰে আৰু ভাৰ্চুৱেল পৃথিৱীত আন এটা ৰূপেৰে জীয়াই থাকে- এক কথাত এয়া যেন split personality। ব্যংগ কৰি ক’ব পাৰি, ষ্টিফেন হ’কিঙে কোৱা সমান্তৰাল ব্ৰহ্মাণ্ডৰ ( Parallel Universe) এয়া যেন মূৰ্ত ৰূপ য’ত একেসময়তে এজন মানুহ দুটা ভিন্ন ৰূপেৰে দুখন সমান্তৰাল বিশ্বত বিৰাজমান।

আপোনাৰ ভাৰ্চুৱেল ৰূপ:

আপোনাৰ ভাৰ্চুৱেল ৰূপৰ এটা খতিয়ান লওঁ আহকচোন। তলৰ তালিকাখন মন কৰক-

১) ব্যক্তিগত প্ৰফাইল: বয়স, লিংগ,শিক্ষা, চাকৰি ইত্যাদি ২) সম্পৰ্ক: পত্নী/পতি, পৰিয়াল, বন্ধু, সহকৰ্মী ইত্যাদি ৩) সতি-সন্ততি: সংখ্যা, লিংগ,বয়স,শিক্ষা ইত্যাদি ৪) আৱাস: ঘৰৰ প্ৰকাৰ, ঘৰৰ আকাৰ ইত্যাদি ৫) কিনা-বেচা: ক্ৰেডিট/ডেবিট কাৰ্ড, কিনা-বেচাৰ ইতিহাস( purchase history) ৬) কাৰ্য্যকলাপ: কেনে ধৰণৰ বিষয় পচন্দ কৰে বা কি কি কৰে ৭) ধৰ্ম/বিশ্বাস: ৮) ৰাজনৈতিক: ৰাজনৈতিক দৃষ্টিকোণ ৯) ৰাপ: ১০) বিত্তীয় প্ৰফাইল: আয়, সম্পত্তি,বেংকিং, বীমা ইত্যাদি ১১) GPS Tracking history: কেতিয়া কোন ঠাইত কিয় আছিল তাৰ ইতিহাস ১২) অপৰাধ: … ইত্যাদি

ওপৰৰ তালিকাখন ছচিয়েল মিডিয়া বা ইন্টাৰনেটৰ অন্যান্য ৱেব-ছাইটৰ যোগেদি এজন ব্যক্তিৰ বিষয়ে জানিব পৰা বিভিন্ন দিশেৰে তৈয়াৰ কৰা হৈছে। অলপ মন কৰিলেই এয়া আপোনাৰ বিষয়ে কিমান বিস্তৃত বিৱৰণ বুজিবলৈ কঠিন নহয়। ফেইচবুকত কৰা প্ৰতিটো লাইক, আপডেট, গুগল চাৰ্ছ, ই-মেইলৰ মাধ্যমেৰে প্ৰতিদিনেই আপুনি নিজৰ বিষয়ে কিমান বিস্তৃত ৰূপত তথ্য যোগান ধৰি আহিছে আপুনি হয়তো কেতিয়াও চিন্তা কৰি চোৱা নাই। আপুনি হয়তো ভাবিছে এইবোৰ তথ্য আনে পালেও কি সমস্যা হ’বনো? আপুনি যদি আগৰ আলোচনাটো (খণ্ড ৩) ভালদৰে পঢ়িছে তেন্তে এটা কথা নিশ্চয় বুজিব পাৰিব যে আপোনাৰ ভাৰ্চুৱেল ৰূপৰ তথ্যৰ ওপৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে কৰিব পৰা আটাইতকৈ সাংঘাটিক কামটো হ’ল- আপোনাৰ ভৱিষ্যত আচৰণৰ পূৰ্বানুমান। কেনে ধৰণৰ পূৰ্বানুমান- চাওঁ আহক।

তলৰ তালিকাখন মন কৰক- ১) আপুনি সমাজৰ প্ৰভাৱশালী ব্যক্তি হয়নে? ২) কোন ৰাজনৈতিক দৰ্শনৰ ফালে ঢাল খোৱাৰ সম্ভাৱনা আছে ৩) সন্তানৰ বাবে পৰিকল্পনা কৰিছে নেকি? ৪) আপোনাৰ বীমা আছেনে নাই? ৫) গাড়ী বা ঘৰ কিনিব পাৰে নেকি? ৬) কেনে ধৰণৰ সামগ্ৰী কিনাৰ প্ৰতি আগ্ৰহী ৭) ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছেনে বা কৰিবনে নাই ৮) ভৱিষ্যতে অপৰাধ সংঘটিত কৰিব নেকি? …ইত্যাদি। এয়া পূৰ্বানুমান কৰিব পৰা এখন বিশাল তালিকাৰ মাত্ৰ কেইটামান দিশহে।

ওপৰৰ তালিকাখন চালে নিশ্চয় বুজিব পাৰিছে যে এই তথ্য কোনে ব্যৱহাৰ কৰিব পাৰে বা ব্যৱহাৰ কৰি পৰ্যায়ক্ৰমে (systematically) আপোনাৰ চিন্তা-ধাৰা প্ৰভাৱান্বিত কৰিব পাৰে। এই প্ৰভাৱান্বিত চিন্তা-ধাৰা ৰাজনীতিৰ দৰে গূৰুত্বপূৰ্ণ বা সামগ্ৰী কিনা-বেচাৰ দৰে দৈনন্দিনো হ’ব পাৰে।( আপুনি পৰীক্ষা এটা কৰি চাব পাৰে। গুগল খুলি যিকোনো সামগ্ৰী এবিধৰ সন্ধান কৰক। তাৰপাছত ফেইচবুক খুলি বহক আৰু আপুনি অলপ আগতে গুগলত সন্ধান কৰা সামগ্ৰীৰ বিজ্ঞাপন স্বয়ংক্ৰিয়ভাৱে আপোনাৰ নিউজ ফিডত আহি থকা লক্ষ্য কৰক। এতিয়া গুগলৰ তথ্য ফেইচবুকে কেনেকৈ পালে বুলি মোক হ’লে নুসুধিব দেই)। আপুনি যদি ৮ নম্বৰটো পূৰ্বানুমান কৰা সম্ভৱ নহয় বুলি ভাবিছে তেন্তে মই ক’ম যে সেয়া মুঠেই অলীক নহয়। কৃত্ৰিম বুদ্ধিমত্তাৰ যিটো হাৰত বিকাশ ঘটিছে তথা কম্পিউটাৰৰ গাণণিক ক্ষমতাৰ যিটো হাৰত উন্নতি হৈছে ভৱিষ্যতে কৰিব পৰা অপৰাধৰ বাবে আপোনাক আগতীয়াকৈ গ্ৰেপ্তাৰ কৰিবলগীয়া দিন এটা দেখিবলৈ হয়তো বৰ বেছি দিন নাই।( পাছত নক’ব কিন্তু মই আগতীয়াকৈ সাৱধান কৰি দিয়া নাছিলোঁ বুলি। গতিকে আপোনাৰ মনত গুপ্ত ৰূপত সুপ্ত হৈ থকা অপৰাধ প্ৰবৃত্তি যিমান সোনকালে পাৰে লুপ্ত কৰিবলৈ চেষ্টা কৰক :) :) )

আপোনাৰ ভাৰ্চুৱেল ৰূপৰ ইমান বিশাল তথ্য পোৱাৰ পাছত আপুনি যদি ভৱিষ্যতে সকলো ছচিয়েল মিডিয়াৰ প্ৰফাইল বা বিভিন্ন ৱেব-চাইটৰ একাউণ্টসমূহ মচি পেলাই (delete) বেনামী( anonymous user) ৰূপেৰে ইণ্টাৰনেট ব্যৱহাৰ কৰেও তথাপি আপোনাৰ ইণ্টাৰনেটৰ কাৰ্য্যকলাপ অধ্যয়ন কৰি এয়াযে আপুনিয়েই তাক পূৰ্বানুমান কৰিব পৰা অসম্ভৱ নহ’ব। মনত ৰাখিব ইণ্টাৰনেটৰ এই ভাৰ্চুৱেল বিশ্বত মোহাৰি পেলোৱাৰ কোনো ব্যৱস্থা নাই, আপুনি দেখা ডিলিট বাটনটো মাত্ৰ সাক্ষী-গোপালহে। এক কথাত কায়িক বিশ্বত আপুনি অমৰত্ব লাভ নকৰিলেও ভাৰ্চুৱেল বিশ্বত আপুনি অমৰ। কায়িকভাৱে আপুনি নোহোৱা হৈ গ’লেও থাকি যাব আপোনাৰ ইতিহাস আৰু কৃত্ৰিম বুদ্ধিমত্তাই দি থাকিব সেই ইতিহাসৰ বৰ্তমান আৰু ভৱিষ্যত। কায়িকভাৱে অস্তিত্বহীন আপুনি আৰু মই ভাৰ্চুৱেল বিশ্বত অমৰ হৈ ৰ’ম, আমাৰ উত্তৰসুৰীয়ে আমাক পাব সদায় কাষৰতে, বাৰ্তালাপ কৰিম প্ৰিয়জনৰ সৈতে প্ৰতিনিয়ত এতিয়াৰ দৰেই*- কায়িকভাৱে আমি হয়তো থাকিম ষ্টিফেন হ’কিঙৰ সমান্তৰাল ব্ৰহ্মাণ্ডত অচিন চিনাকি হৈ।

দেউতাৰ মুখত শুনিছিলোঁ- ভাৱেই ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ কাৰণ। এই ভাৱনাই একে উপাদানেৰে গঠিত আপোনাক মোৰ পৰা পৃথক কৰি ৰাখিছে। আমাৰ জীৱিত অৱস্থাৰ ভাৱনাৰ নিউৰেল নেটৱৰ্ক সাঁচতীয়া হৈ ৰ’ব বাইনেৰী ৰূপত অনন্তকাললৈ। হে প্ৰিয় পাঠক- মোৰ বাবে এয়াই হ’ল মানুহৰ অমৰত্বৰ ভাৰ্চুৱেল ব্যাখ্যা।

বিঃদ্ৰঃ- * “বাৰ্তালাপ কৰিম প্ৰিয়জনৰ সৈতে প্ৰতিনিয়ত এতিয়াৰ দৰেই”- এয়া কোনো ভাববিলাস নহয়। এয়া আচলতে Turing Test. Turing Test হৈছে - কম্পিউটাৰ আৰু মানুহৰ মাজত বাৰ্তালাপ হওঁতে(মানুহজনে জানিব নালাগিব যে তেওঁ কম্পিউটাৰৰ লগতহে বাৰ্তালাপ কৰি আছে) যদি মানুহজনে, কম্পিউটাৰ নহয় মানুহৰ লগতহে বাৰ্তালাপ কৰি আছে বুলি অনুভৱ কৰে তেন্তে এই পৰীক্ষাটো সফল হৈছে বুলি ধৰা হয়।

{ক্ৰমশঃ}…