চল আইস যাই বৃন্দাবনে
চল আইস যাই বৃন্দাবনে
বোধহয় হাইস্কুললৈ গৈছোঁ মাত্ৰ। ঘিলামৰা কৃষ্টিভৱনত উন্নয়ন কমিটিয়ে ৰাইজৰে সৈতে মিলি বছৰেকীয়া ৰাসখন পাতি আছে তেতিয়াও। নুমলীয়াটো হৈ থাকোঁতে ৰাসৰ কাৰুকাৰ্যবোৰ চাই পিনপিনাই ফুৰা অভ্যাস এটা আছিল। বঘাসুৰ মানে বগলীটো, অঘাসুৰ মানে অজগৰটো বিয়নী-সাৱটা দি গোট বছৰটো মঞ্চৰ ওপৰৰ চাংখনত ধোবাং জুৰি পৰি থাকে। ৰাস মঞ্চস্থ হ’বলৈ এমাহমান থাকোঁতে সেইকেইটাই কুম্ভকৰ্ণ ঘুমটি এৰি চাঙৰ পৰা ধৰালৈ নামে, ৰং চং ঘঁহি নিৰ্দিষ্ট দিনৰ কাউণ্টডাওন আৰম্ভ কৰে মানে মঞ্চৰ তলৰ প্ৰেক্ষাগৃহত দিনৰ বেলিকা গোপ-বালক আৰু গোপীমখাৰ নৃত্য আৰু ৰাতিৰ বেলিকা কংস আৰু কংসৰ মেইন এছিছটেণ্ট কালকেতুৰ বচনৰ আখৰা আৰম্ভ হৈ যায়।
ঘিলামৰালৈ অহাৰ আগতে আমি বৰদলনিৰ ঘাই ঘৰত আছিলোঁ। ৰিণি ৰিণি মনত পৰে— ৰেল ষ্টেচনৰ ওচৰৰ দেওবৰীয়া বজাৰখনৰ ওচৰৰ পথাৰখনত ৰাস পাতে ৰাইজে। কলপাত, নৰাৰে সজা পেণ্ডেল আৰু সেই পেণ্ডেলত থকা নৰাৰ আসনৰ পৰা দৰ্শকে বিস্ময়াভিভূত হৈ চাই ৰয় কালীনাগৰ মূৰৰ ওপৰত কৃষ্ণই কৰা নৃত্য আৰু নৃত্যৰ তালে তালে কালীনাগৰ মুখেৰে তেজ ওলোৱাৰ প্ৰতীক হিচাপে হোলোকা হোলোকে ওলোৱা জুই। বেকগ্ৰাউণ্ডত খোল, তাল, বাঁহীৰ অপূৰ্ব সুৰ। এতিয়াও মনলৈ আহি থাকে গাঁৱলীয়া অনাখৰী শিল্পীয়ে অপূৰ্ব সুন্দৰ সুৰেৰে বজোৱা বাঁহীৰ তানবোৰ। পাছলৈ জানিছিলোঁ আমাৰে দদাইদেউ এজন( ৰামেশ্বৰ দাইটি) বাঁহী বজোৱা টিমটোৰ সদস্য আছিল। সৰুতে তেওঁ বজোৱা বাঁহীৰ সুৰত মুগ্ধ হৈয়ে বাদ্যটিৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। বছৰেকৰ মূৰত ৰাসখন, ভাওনাখন এইবোৰে বান্ধি ৰাখিছিল গাওঁখনৰ মানুহবোৰক। ভাতৰ আকালটো নাছিলেই, বৰদলনি বুলিলে ধানৰ বাবে বিখ্যাত— ৰাস বা ভাওনাখন হ’লে মানুহবোৰে অসূয়া-অপ্ৰীতি পাহৰি( আমাৰ গাওঁখনৰ আধাখিনি মানুহেই আমাৰ পৰিয়ালৰ, তেতিয়াৰ দিনৰ পৰিয়ালবোৰৰ মাজত কাজিয়া-পেচাল নাছিলেই। ডাঙৰৰ কথা সৰুবোৰে বেদবাক্যৰ দৰে মানিছিল) পেলাইছিল। কৃষিজীৱি, চহা মানুহবোৰৰ মাজত প্ৰজন্মৰ পাছত প্ৰজন্মলৈ অসমীয়া কৃষ্টি-সংস্কৃতিৰ চৰ্চাৰ নিছিগা সুঁতিধাৰ বৈ থাকিছিল। নাৰিকলৰ খোলাৰে সজা বীণখনত, ঘোঁৰা ফানেৰে বেহেলাৰ দৰে ৰেপি ৰেপি তোলা কৰুণ সুৰবোৰ বতাহত ওপঙি ওপঙি আহিছিল গাঁৱৰ ৰাস্তাটোৰ পৰা। আই নাম, বিয়ানাম, নিচুকণী গীত— নিভাঁজ অসমীয়া সুৰবোৰ নিগৰি আহিছিল ককাদেউতাৰ বুকুৰ মাজৰ পৰা। বুকুৰ পৰা টানি অনা উশাহেৰে দাইটিৰ বাঁহীৰ পৰা নিগৰি আহিছিল অনামী সুৰবোৰ। স্তব্ধ হৈ ৰৈছিল জিলিৰ মাত। সময়বোৰো যেন থমকি ৰৈছিল। আৰু — এদিন সঁচাকৈ বীণৰ সুৰবোৰ থমকি ৰৈছিল— ককাদেউতা ঢুকাইছিল সিদিনা।
গাওঁৰ ৰাস, ভাওনাবোৰ চাই আহি বহুদিনলৈ মনৰ ভিতৰত সেইবোৰেই ঘূৰি থাকিছিল। বায়ন দাইটিৰ ল’ৰা দুটাৰ সৈতে তামোলৰ ঢকুৱাৰে কপালি বনাই পিঠিত কাপোৰ বান্ধি ভাওনাৰ আখৰা কৰিছিলোঁ, মুখতে বাজিছিল খোল। ঘিলামৰালৈ আমি একেবাৰে গুচি অহাৰ পাছত কৃষ্টিভৱনৰ ৰাসৰ মাজত অতীতৰ সোঁৱৰণী বিচাৰি ফুৰিছিলোঁ।
ৰাস বুলিলে ডাঙৰ দল এটাৰ প্ৰয়োজন। সৰহভাগেই হ’ল কৃষ্ণৰ লগৰীয়া গৰখীয়া ল’ৰা আৰু মহাৰাসৰ কৃষ্ণৰ লগত নাচিবলৈ গোপীবোৰ। এনেয়ে মই বৰ লাজকুৰীয়া আছিলোঁ যদিও মোৰ সেইবাৰ ৰাসত ওলাবলৈ বৰ মন গ’ল। ভবা মতেই কাম। স্কুল ছুটীৰ পাছত কিতাপ-পত্ৰ টেবুলত দলিয়াই চিধাই দৌৰ মাৰোঁ কৃষ্টিভৱনলৈ বুলি।
“গোটেইগাল লাইন পাত। ঘূৰণীয়া হৈ দে।” “অই সেইটো, লাইন বুজি নাপাৱ। দিম একচাট, লাইনত আহ।” “চাহঁত, বাইদেৱে আগে আগে নাচি নাচি দেখুৱাই যাব, তহঁতি তেনেদৰে নাচি যাবি। বুইছনে নাই?” “বুজিছোঁ, বুজিছোঁ।”
নুবুজাৰ কি কথা আছে। ডেন্স ডাইৰেক্টৰে খোলৰ তালে তালে এবাৰ নাচি দেখুৱাই দিলে কেনেকৈ নাচিব লাগিব। এইবাৰ আমাৰ পাল।
বৰদলনিত থাকোঁতে লগৰকেইটাৰ সৈতে ভাওনাৰ আখৰা কৰোঁতে দৰ্শক বুলিবলৈ কোনো নাছিল। কিন্তু কৃষ্টিভৱনত দেখোন ভাৱৰীয়াৰ উপৰিও এগালমান দৰ্শক। দৰ্শকৰ শাৰীত ভাৱৰীয়াৰ অভিভাৱক আৰু আটাইতকৈ লাজলগা কথাটো হ’ল স্কুলৰ শিক্ষকো আছে চকু থিয় কৰি। মোৰ তামাম লাজ লাগি গ’ল। কিন্তু লাজ-মান কাটি কৰি যি হয় হ’ব বুলি লাইনত আহি গ’লোঁ। লাইন মানে উলামূলা লাইন নহয়— স্বয়ং কৃষ্ণৰ লগৰীয়া গৰখীয়া ল’ৰাৰ লাইন।
“আলো ভাই… চল আইস যাই বৃন্দাবনে…”
ময়ো কৃষ্ণক চিন্তি বিৰিন্দাবনলৈ বুলি আনন্দ নয়নে নৃত্যৰ ছন্দে ছন্দে যাত্ৰা আৰম্ভ কৰি দিলোঁ। বেকগ্ৰাউণ্ডত নিৰ্মল দাৰ খোল আৰু শ্যামল দাৰ বাঁহী। এস্, আগৰ আৰু পাছৰ গৰখীয়াটো অলপ ঝেং দেখোন, বাৰে বাৰে মোৰ নৃত্যৰ ছন্দত ব্যাঘাত জন্মাই খুন্দা মাৰি দিয়ে। এনেয়ে নাচ বুলিলে জ্বৰ উঠে মোৰ। নীহাৰিকা ক্লাৱত লগৰবোৰৰ লগত বিহু মাৰিবলৈ গ’লে চিনাকি গৃহস্থবোৰে মোক নচুৱাব পাৰিলে বেছি পইছা দিব বুলি লোভ দেখুৱায়। মই জানো— এইবোৰ টোপ, পাছত গৃহস্থ আমাৰ ঘৰলৈ আহি মা-দেউতাৰ লগত মিলি মোক হাঁহিয়াতৰ পাত্ৰ কৰিবহি। “বাঁৱে মৌড়… ডাইনে মৌড়”— বুলিলে যে ল’ৰাবোৰৰ দুটামানে ওলোটাফালে ঘূৰি দিয়ে মোৰো তেনেকুৱা হ’ল। নাচোঁতে এবাৰ এফালে আৰু আনবাৰ আনটো ফালে ঘূৰিব লাগে—যিমানদূৰ মনত পৰে এনেকুৱাই কিবা আছিল নৃত্যৰ নিৰ্দেশনাটো। বাওঁফালে ঘূৰিবলগীয়া সময়ত মই ঘূৰি দিলোঁ সোঁফালে। কাজেই—
“অই, কোন সেইটো? ওলা ওলা। কি নাচিছ? বাহিৰ হ’ লাইনৰ পৰা।”— নিৰ্মল দাই হুমকিয়ালে।
কাক কৈছে বাৰু? নিৰ্মল দাই আঙুলিটো দেখোন মোৰ ফালে পোনাই দিছে।
“একো নাই নিৰ্মল দা, সেইটো ছাৰৰ ল’ৰাহে। নাচক দিয়ক, পাৰিব।”— কোনোবা এজনীয়ে কৈ উঠিল।
“নাই নাই, নালাগে। সি নালাগে। সি পৰা নাই।”— নিৰ্মল দা নাচোৰবান্দা। পূৰা কোৱালিটি কনচিয়াছ।
শেষ, সকলো শেষ। মান, ইজ্জত সকলো শেষ। পঢ়া-শুনাত ভাল ল’ৰা বুলি যিকণ সুনাম আছিল সকলো কৃষ্টি ভৱনৰ মাটিত মিহলি হৈ গ’ল। স্কুলৰ লগৰীয়াবোৰ, সন্মুখৰ শিক্ষাগুৰুৰ আগত মোৰ ফাঁট মেলা বসুমতী পাতালে লুকাওঁৰ দৰে অৱস্থা হ’ল। লাজত কাণ-মূৰ গৰম হৈ অধোবদন হৈ ৰ’লোঁ। ঘৰত কি বুলি ক’ম এতিয়া? ঘৰতটো ৰাসত ল’ৰাটোৱে গৰখীয়া ওলাব বুলিয়েই ভাবি আছে। তলমূৰ ওপৰ নকৰাকৈ আখৰাথলীৰ পৰা ঘৰলৈ আহিলোঁ। পাছৰকেইদিন স্কুলৰ পৰা আহি সদায় সদায় আখৰালৈ বুলি ওলাই যাওঁ, আখৰা চাই থাকি সময়ত ঘৰলৈ আহোঁ। নহ’লে ঘৰত সুধিলে কি ক’ম, তাতে ভাইটিৰ আগত লাজ পাব লাগিব। সিটো কৃষ্ণৰ ভাও লৈছে, মই গৰখীয়াহে!!
চাওঁতে চাওঁতে ৰাস অভিনয়ৰ নিৰ্দিষ্ট দিনটো পালেহি। ঘৰৰ গোটেইসোপা ৰাস চাবলৈ ওলাইছে। সৰুটোৱে কৃষ্ণ, ডাঙৰটোৱে গৰখীয়াৰ ভাও লৈছে— গতিকে দেউতাক বাদ দি বাকীবোৰে ৰাতিপুৱাতে টিকট কাটি-মেলি সাজু হৈ আছে। দেউতাৰ কথা সুকীয়া—এইবোৰত তেওঁৰ সিমান ইণ্টাৰেষ্ট নাই। সেইবাবে তেওঁ মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে ভূমুকি এটা মাৰি চাব — কংস বধ হ’লগৈ নে মহাৰাসৰ কৃষ্ণই গোপীৰ লগত নাচিয়েই আছে। সকলোৰে মনত স্ফূৰ্তি যদিও মইহে জানিছোঁ মোৰ মনত কি চলি আছে। কি কৰা যায়—গোটেইখন গোমৰ ফাঁক হ’ব এতিয়া। গোট বছৰটোৰ বাবে হাঁহিয়াতৰ পাত্ৰ হ’ম এতিয়া। যি হয় দেখা যাব সময়ত। “কৃষ্ণ বচাবা আৰু। তুমি নবচালে বচাওঁতা নাই”— মনে মনে ভগৱানক খাটিলোঁ।
“আলো ভাই… চল আইস যাই বৃন্দাবনে…”। ভাইটিৰ লগত ৰং-চং সানিবলৈ বুলি আগতীয়াকৈ কৃষ্টিভৱনলৈ বুলি ওলাই গ’লোঁ। গৈ ইফালে সিফালে চালোঁ। নাই, নিৰ্মল দাৰ দেখাদেখি নাই। তেওঁতো গাঁত পাৰ্টি মানে মিউজিকৰহে মানুহ। (তেতিয়াৰ দিনত মিউজিকৰ মানুহবোৰ বহিবলৈ মঞ্চৰ সন্মুখৰ ফালে খাল এটা খান্দি গাঁত কৰি দিয়া যাতে মিউজিচিয়ানবোৰৰ মূৰবোৰে দৰ্শকৰ দেখাত অসুবিধা নকৰে) গতিকে মঞ্চৰ পাছফালে তেওঁৰ সকাম নাই। বেছি দেৰি নালাগিলেই, গৰখীয়াৰ কষ্টিউম-মেক-আপ কমপ্লিট। এবাৰ মেক-আপ হৈ গ’ল যেতিয়া চিন্তা নাই। বাহিৰত ঘূৰি ফুৰিব পাৰোঁ, দৰ্শকৰ মাজত লগৰবোৰক বিচাৰি মাত লগাবগৈ পাৰোঁ। বুকু ফিন্দাই— কেনে লাগিছে মোক বুলি সিহঁতৰ আগত ফিতাহি মাৰিব পাৰোঁ বা মঞ্চৰ পাছফালে এনেয়ে বাকীবোৰৰ কামকাজ চাই থাকিব পাৰোঁ। নাইবা কোনটো ভাৱৰীয়াই কোনজনী গোপীৰ সৈতে লিলিমাই কৰিছে আলেখলেখ চাই থাকিব পাৰোঁ। বহুত অপশ্যন এতিয়া। নৌ টেনশ্যন। তাতে, এশৰো অধিক ভাৱৰীয়াৰ দৰকাৰ হোৱা ৰাসত কোনে কি কৰি আছে চাই থাকিবলৈ কাৰো সময় নাই। গতিকে মই নিৰাপদ বুলি অনুভৱ কৰিলোঁ যদিও মনে মনে নিৰ্মল দাৰ মুখত পৰি যাওঁ নেকি বুলি সাৱধানো হৈ থাকিলোঁ।
“অই, ব’ল ব’ল আমাৰ ওলাবৰ হ’ল।”— কোনোবা এটাই গাত হেঁচুকি দিয়াতহে গম পালোঁ যে মই ইমানপৰে টোপনিয়াই আছিলোঁ।
“আলো ভাই… চল আইস যাই বৃন্দাবনে…”—বেকগ্ৰাউণ্ডৰ পৰা ভাহি আহিল নিৰ্মল দাৰ খোলৰ শব্দ, শ্যামল দাৰ বাঁহীৰ তান। আগে আগে কৃষ্ণ, বলৰাম আৰু সংগে সংগে আমি গৰখীয়াগণ নাচি নাচি মঞ্চত প্ৰৱেশ কৰিলোঁ। আঁৰ চকুৰে চালোঁ, মিউজিক বক্সৰ পৰা নিৰ্মল দাই দেখিছে নেকি মোক? নাই, ধৰিব পৰা নাই হ’বলা! পাৰিলেওনো কি হ’ব—বঘাসুৰৰ ৰূপ ধৰি তেওঁতো মোক মঞ্চৰ পৰা নমাই নিবহি নোৱাৰে। দৰ্শকৰ মাজৰ পৰা মাক-দেউতাকবোৰে নিজৰ নিজৰ গোপ-বালকবোৰ চিনাক্ত কৰাত লাগিছে চাগৈ। মোক বাৰু ঘৰৰ মানুহবোৰে চিনি পাইছে নাই?
এস্, পালে পালে আৰু, নাপালেও নাই। মই আপোনমনে গোপ-বালক হৈ নাচি আছোঁ। কৃষ্টি ভৱনৰ মঞ্চখন যেন সলনি হৈ গৈছে গোকুলৰ বৃন্দাবনলৈ। সৌৱা আপোনমনে চৰি থকা ধেনুৰ জাক। কৃষ্ণৰ ভুৱনভুলোৱা বাঁহীৰ সুৰ, সেই সুৰ যেন আনন্দময় এক ভাবনা হৈ মোৰ আত্মাত বাজি উঠিছে—বৃন্দাবনৰ গছ-লতিকা, তৰু-তৃণৰ দৰে মই আপ্লুত, তৃপ্ত। সংগীতৰ তালে তালে ময়ো গাই উঠিছোঁ— “আলো ভাই… চল আইস যাই বৃন্দাবনে…”