poetry

চালানী মনিচৰ পদ্য

#assamese-poetry#poetry#চালানী মনিচৰ পদ্য

==চালানী মনিচৰ পদ্য==

পেটৰ পোৱে খুলিলে যেতিয়া
কেঁকোৰাৰ খোলাটোৰ খোলাই ওলাল
বৰটোপ সাজোঁতেই গ’ল
পিছদুৱাৰেদি কোন সোমাল

এটি সোমালে ঔ বুঢ়া
নাহৰৰ টোকোনডাল ঘূৰা—

ৰ’ হেৰৌ নুঘূৰাবি নাহৰৰ টোকোন
আলহীবোৰ যে আমাৰ বুকুৰ আপোন
আপোনেহে আমাক পাতিব ৰজা
ৰজা হ’ব নোৱাৰিলে কিহৰ দেশ, কিহৰ প্ৰজা
প্ৰজাৰ বাবে ৰজা নহয়, ৰজাৰ বাবেহে প্ৰজা
তেনেহেন ৰজাকে তুমিওচোন ভজা
ৰজাই খুৱায় সপোন মিঠৈ
সিও পানীৰে সজা

দেশ মানে মাটি
ভেটিৰে স্বদেশ
দেশ বুলিলে হেনো
নালাগে আদেশ
আদেশৰ অধিকাৰ
যতমানে হাহাকাৰ
আদেশৰ বাবে সাজে
ক’তনা ভেশ
এই দেশ মোৰ দেশ
হেঁপাহৰ স্বদেশ
য’ত—
পেটৰ পোৱেই কাটে
জননীৰ কেশ—

কৃষ্ণক চিন্তি—

জুই ধৰিলোঁ মোৰ বাৰীত
দিকচৌ বনত ওলালে ধোঁৱা
ভাবি-চিন্তি পোৱা নাই ওৰ
ই কথা কেনেকুৱা—
দিনৰ পাহাৰ ৰাতিৰ জুই
তাক নেদেখি থাকিবা শুই
লাভ নাই ভাই বাখৌখৌ
নালাগে কৰিব ভৌ ভৌ
চৰাইখানাৰ মালিকৰ মন
ৰসে তেনেই চৌ চৌ
হ’লনে নৌ মাণিকী মৌ
আলহীৰে বৰঘৰ ভৰিলগৈ নে নৌ
মাণিকী মৌ নে বেতনিৰ ঔ
বেতনিত পৰিল ঔ বাসুদেৱায় নমঃ

বাসুদেৱক চিন্তি—

বেতনিত ঔ পৰিল বুলি—
শোক কৰি কি ঘটিটো হ’ব
এঘড়ী যুঁজিলে ভাল
ভাবীকালৰ সময়ে ক’ব—

আছে হেংদাং লোৱা নাই
ল’লে হেংদাং ৰইখা নাই…(হয়নে বাপু?)
শাণ নাইকিয়া হেংদাং হৈ আছে ভোদা
ঘূৰাবলৈ সহজচোন কাগজৰ গদা
তাকে উৰাই ঘূৰাই চাওঁ
ছহাত মাটিতে সাতহাল বাওঁ
তবে—
আগফালে দে দুৱাৰত ডাং
পিছফালে লাগিলে ধোবাং বাং

আই, ককাই-ভাই,দদাই আৰু দেউতা
বিয়লিত আওৰোৱা বিয়োগৰ নেওতা
দুকুৰিৰ দুকুৰি গ’লে থাকিলে শূন্য
দুকুৰিৰ দুকুৰি গ’লে থাকিলে শূন্য……