poetry

চালানী মাছৰ পদ্য

#assamese-poetry#poetry#চালানী মাছ

==চালানী মাছৰ পদ্য==

মাত্ৰ দহদিনতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে…..

হেৰৌ ছোৱালীৰ মাক
লৈ আনচোন মোনাটো, বজাৰলৈ যাওঁ
ঘুনুক-ঘানাককৈ গম লওঁগৈ মাছৰ কি ভাও

লোকেলৰ বৰ দাম, টোঁৱাবকে নোৱাৰি
যোৱা দহদিন ঘূৰি আহিছোঁ, চেলেকি কোৱাৰি

চালানী মাছত ফৰ্মেলিন
চকুচৰহাই কয়
ৰজাঘৰে ক্লীনশ্বীট দিছে
শুনা নাইনে তই

ফৰ্মেলিন খালে বোলে হয় কেঞ্চাৰ
তাতে কি হ’ল—
এনেয়েওতো মই মাষ্টৰ, স্কুলখন ভেঞ্চাৰ
ভেঞ্চাৰৰ লাইফটো
কেঞ্চাৰতকৈ কি কম ডেঞ্জাৰ

দেখিছনে নাই, মাছ খাবলৈ নাপাই
দহদিনতে টেমি হেন হ’ল, মুখখনি শুকাই

আইঐ দেহি, বৰ দুখ লাগে—
অন্ধ্ৰৰ বেপাৰী কেইটাৰ কথা পৰিলে মনত
যোৱা দহদিনে সিহঁত যে চলিছে টানত
জ্বলিছেনে বাৰু সিহঁতৰ উধানৰ চৌকা
চলিছেনে বাৰু সিহঁতৰ জীৱনৰ নৌকা
উঃ বৰ যন্ত্ৰণা—
সিহঁতৰ চৌকাৰ দুখে মোৰ বুকুতো মাৰে সৌকা

বন্ধ প্ৰদেশৰ মানুহে, অন্ধ্ৰ প্ৰদেশৰ বাবে
যদিহে অকণো নাভাবে
অকণি সহানুভূতিৰে —
মাছবোৰ জানো পেলনি নাযাব
বেংকৰ একাউণ্টবোৰ জানো ঢুকাই নাযাব
আৰু, মাছবোৰ পেলনি গ’লে
একাউণ্টবোৰ শুকাই গ’লে
ডাঙৰ মানুহবোৰে লোকেল মাছ কেনেকৈনো খাব
কোৱা সমনীয়া—

সেইবাবে —
আহাঁ আমি সৱে মিলি
চালানীৰ জয়গান গাওঁ
গৰৈ, পুঠি খলিহনা পাহৰি যাওঁ
ফিছাৰিনো কেলৈ
মাছ পুহিবলৈ?
মাছ পুহি কিডাল হ’ব
ডোম বুলিহে ক’ব!

তাতকৈ আমি অন্ধ্ৰৰ মুখলৈ চাম
সিহঁতে পুহিব, আমি খাম
খাই উঠি সিহঁতৰ জয়গান গাম
দৰকাৰ হ’লে ডাক্তৰৰ ওচৰলৈ যাম
তথাপি নুপোহোঁ লাজে
নকৰোঁ ডোমৰ কাজে

(লাগিলে কৈৱৰ্তৰ পুতেকে লিখক মহাভাৰত)