ভূত কথা
ভূত কথা
বিস্ময়, ৰহস্য, তদন্তটো বাদেই দিয়ক, শিশু আলোচনী চান্দমামাৰ বিক্ৰমাদিত্য ৰজাৰ পিঠিতো যিসময়ত বেতাল নামৰ ভূত এটাই ওলোমা বাদুলি দি আছিল—সেই তাহানি দিনৰে মানুহ আমি। ভূত-প্ৰেত, আত্মা এইবোৰৰ কাহিনীৰে আমাৰ শৈশৱ-কৈশোৰ তেনেই সংপৃক্ত। বয়সটো তেতিয়া ডেকেৰুৱা। যৌৱনৰ পছোৱাই মন উৰুৱাই নিয়াৰ সময়। তেনেহেন ফৰকাল দিনতে দাইটিৰ ফালৰ পৰা এদিনা প্ৰস্তাৱ আহিল— “এফালৰ পৰা ফুৰি আহোঁগৈ ব’লচোন।” হওঁতে ফুৰিবলৈ সিমান বেয়া নাপাওঁ। কিন্তু গাওঁবোৰত ফুৰিবলৈ গ’লে খেতি-বাতিৰ কথাবোৰ উলিয়ালে মই অস্বস্তিত পৰোঁ। অৱশ্যে এইকণ অজ্ঞতাৰ বাবে পোনপটীয়াকৈ কেৱল মোকে দোষাৰোপ কৰি দিলেও বৰ এটা সজ কৰ্ম নহ‘ব। পিতৃদেৱ নিজে ম’হৰ নাঙলেৰে হাল বোৱা মানুহ আছিল। “আমি তেনেদৰে হাল বাই, কষ্ট কৰি পঢ়িছিলোঁ, তহঁতি আৰামত বিচনাত শুই শুই সাত হাল বোৱাৰ বাদে কিডাল কৰিছ” — বুলি গালি পাৰিবলৈ সুৰুঙা ৰাখি পিতৃদেৱে আমাক সেই অভিজ্ঞতাকণৰ পৰা বঞ্চিত কৰি ৰাখিলে। সেইবাবে আহু-শালিৰ বিষয়ে কোনোবা গঞাই কেতিয়াবা সুধি দিলে বৰ আহুকালত পৰিছিলোঁ। মোৰ ন যযৌ ন তস্থৌ অৱস্থা দেখি দাইটিয়ে ব্ৰহ্মাস্ত্ৰ জুৰিলে— “সেইফালৰ ছোৱালীবোৰ ধুনীয়া বুলি শুনিছোঁ।” “ইস, হ’লেই যেনিবা ধুনীয়া। মোৰনো কি।”— মুখেৰে এইবুলি কৈ, কমোৱা তুলাৰ দৰে মন এটি লৈ মটৰ চাইকেলৰ পিছফালে লাফ্ মাৰি উঠি দিলোঁ। দাইটিৰো তেতিয়া ডেকাকাল পাৰ হ’বৰ নৌ। কাজেই, মটৰ চাইকেলে মাকৰ ঘৰলৈ জীয়েক যোৱাৰ গতি লবলৈনো কেতপৰ। সেইসময়ৰ ঘিলামৰাৰ ৰাস্তা বুলিলে বুলিবৰ নাই। গৰ্তৰ মধ্যে ৰাস্তা আৰু ৰাস্তাৰ মধ্যে এৰাল দিয়া পুথিখাইটি নদীৰ দলং। দলং মানে তেনেই ঢলং পলং। গোগামুখ-ঢকুৱাখনা সংযোগী পথটিৰে আমাৰ মটৰ চাইকেল উফৰি উৰি নোযোৱাৰ বাবে যিমানকণ বেগৰ দৰকাৰ সিমানকণ লৈ হাইজাম্প মাৰি মাৰি গৈ থাকিল। ঘিলামৰাৰ মাজেৰে যোৱা গোগামুখ-ঢকুৱাখনা পথটো ৰাষ্ট্ৰীয় ঘাইপথ নহয়। শাখাহে। কিছুদূৰ এই শাখা পথেৰে গৈ মটৰ চাইকেল শাখা এৰি প্ৰশাখাত সোমাল। উপপথ যদিও বেয়া নহয় ৰাস্তাটো। হাই জাম্পবোৰ অলপ কমিল। মনটোও মুকলি মুকলি লাগিল। কিমানদূৰ এনেদৰে গ’লোঁ মনত নাই। এটা সময়ত মটৰ চাইকেলে প্ৰশাখা এৰি গোবাটৰ দৰে পথত সোমাল। হাবিতলীয়া ৰাস্তা। জয়াল পৰিৱেশ। কিবা এটা যেন ভাল লগা নাই। মনটোও কেনেবা কেনেবা লাগিবলৈ ধৰিলে। আগৰ ফৰকাল ৰোমান্টিক ভাবনাখিনিও কোনোবাফালে নিফুট মাৰিলে। হওঁতে বোকাতেই পদুম ফুলে। কাঁইটৰ মাজতেই গোলাপে টিকটিকিয়া ৰঙা হাঁহি মাৰে। কিন্তু, হাবি বননিৰে ভৰা এইহেন জয়াল পৰিৱেশত কোনো কন্যা ৰত্ন ফুলি ভোমোৰা সদৃশ কোনোবা পিলিঙা ডেকাৰ বাবে অপেক্ষাৰত হৈ থাকিব বুলি মনে ধৰা নাই। যিমানেই মটৰ চাইকেলে হাবিতলীয়া বাটেৰে বাট বুলিবলৈ ধৰিলে সিমানেই ভাল নলগা, সিৰসিৰাই যোৱা শীতল ভাবনা এটাই জুমুৰি দি ধৰিবলৈ আৰম্ভ কৰিলে। ই দাইটিয়ে গাজা মৰা নাইতো…
ক্ৰা… ছ… হঠাৎ অনুভূত হোৱা জোকাৰনিত মটৰ চাইকেলৰ গতি আৰু মোৰ ভাবনাৰ যতি পৰিল। অৱধাৰিতভাৱে মোৰ দৈহিক অৱস্থানৰো সূক্ষ্মকোণী পৰিৱৰ্তন ঘটিল। বাহনৰ গতি ইয়াতকৈ কিছু ওপৰৰ হোৱা হ’লেই মৰখক লগা চুবুৰীয়াই মাটিৰ সীমা ঠেলাৰ দৰে মোৰ ঠেলাত দাইটিয়ে তেলৰ টেংকিৰ ওপৰত আৰু মই চালকৰ আসনত উপৱিষ্ট হোৱাটো প্ৰায় খাটাং আছিল। জয়াল পৰিৱেশত, তৃতীয় এটা নৰমনিচৰ দৰ্শন নোহোৱা ঠাইত এনেদৰে ৰ’বলগীয়া হোৱাত মই বৰ সুখী নহ’লোঁ। পিছফালে ষোড়শীক উঠাই মটৰ চাইকেল চফৰত ওলোৱা পিলিঙা ডেকাই বিজ্ঞানৰ কথাবোৰৰ মাজত ৰস পম নাপালেও নিউটনৰ গতিৰ প্ৰথমটো সূত্ৰৰ মাজত হ’লে সৰগী সুখ বিচাৰি পায়। “গৈ থকা বস্তু একে গতিত গৈ থাকিব বিচাৰে”… বিচাৰে, পিলিঙায়ো বিচাৰে এই যাত্ৰাৰ যেন শেষ নহওক, অনন্ত কাললৈ চলি থাকক চাইকেলৰ চকা, অৰ্জুনৰ অক্ষয় তূণৰ দৰে শেষ নহওক টেংকিৰ তেল। এই যে— পিলিঙাৰ সতৰ্ক আৰু পৰিমিতভাৱে ব্ৰেকত দিয়া ভৰিৰ হেঁচা আৰু নিউটনৰ সূত্ৰ মানি গৈ থাকিব বিচৰা অসতৰ্ক ষোড়শীৰ কৃশাঙ্গী দেহা; পিলিঙাৰ আশা— ষোড়শীৰ দেহৰ উৰ্দ্ধাংশত হোৱা সূক্ষ্মকোণী পৰিৱৰ্তনটো আৰু কিছু বাঢ়ি যাওক, বলিছলনৰ সময়ত বামন অৱতাৰে বলিৰ ওপৰত দিয়া হেঁচাৰ দৰে তেওঁৰ পৃষ্ঠদেশৰ ওপৰত ষোড়শীয়ে এৰি দিয়ক দেহৰ সমস্ত ভৰ। সেই ভৰত পাতাললৈ নিৰ্বাসিত হোৱা বলি ৰজাৰ দৰে পিলিঙাও নিৰ্বাসিত হৈ যাওক কোনোবা অজান্তি মুলুকলৈ। মইতো আৰু ষোড়শী নহয়। সেইবাবে মোৰ ভাল নালাগিল। ভাল লগাতো বাদেই, আচলতে টিঙিচকৈ খঙেই উঠিল। কিন্তু কিবা এটা ক’বলৈ মুখ মেলাৰ আগতেই দাইটিয়ে কুকুৰখুজীয়া লৰ ধৰিলে। দাইটিৰ দৰে প্ৰকৃতিৰ আহ্বানৰ সঁহাৰি দিবলৈ মোৰ অৱস্থা তেতিয়া দোধোৰ-মোধোৰ। খং, ভয় সকলোৱে হেঁচা মাৰি ধৰাৰ বাবে আহ্বানটো সৰুবিধৰ নে ডাঙৰবিধৰ থিৰাং কৰিব নোৱৰা হ’লোঁ। “থৰ লাগিলি যে? মোনাটোৰ পৰা তামোল এখন উলিয়া। পকটিয়াই লওঁ। ফৰকাল লাগিব।“ মোনা এটাও যে মটৰ চাইকেলত আমাৰ সহযাত্ৰী হৈ আহি আছিল ইমানপৰে গমেই পোৱা নাছিলোঁ। টুলবক্সটোৰ পৰা মোনাটো উলিয়াই সেইটোৰ অভ্যন্তৰলৈ দৃষ্টি নিক্ষেপ কৰিলোঁ। মোনাৰ ভিতৰত বহুকেইবিধ সামগ্ৰী। ৰসগোল্লা, মিঠাই…গাখীৰৰ বটল!!! আৰে, এইবোৰ আকৌ কিয়? জীয়েকৰ ঘৰলৈ অহা মাকে বিবিধ বস্তুৰে জোঁৱাই টোপোলা বন্ধাৰ দৰে দাইটিয়ে বাৰু এইবোৰ কি ভৰাই আনিছে? ৰসগোল্লা, মিঠাই বাৰু যহন-তহন, কিন্তু গাখীৰৰ বটলটোৰ প্ৰাসংগিকতা কি? “এইসোপা কি ভৰাই আনিছেহে?” “দৰকাৰ আছে ৰ’। গম পাবি। আগতে তামোল উলিয়াচোন।” “সঁচা কথা কওকচোন দাইটি— আমি আচলতে ক’লৈ আহিছোঁ?” ক্ৰিকেটৰ আম্পায়াৰৰ দৰে নীৰৱে দাইটিয়ে তৰ্জনি আঙুলিটোৰে মোক বহিবলৈ ইংগিত কৰি চালকৰ আসনত বহি ল’লে। মটৰ চাইকেলৰ সৰ্পিল আৰু মাজে মধ্যে মৰা উলম্ব জাঁপৰ মাজত হেৰাই থাকিল মোৰ সন্দেহী ঔৎসুক্য। কিছুবেলিৰ পাছততো এনেয়েও গম পাম। দূৰৰ হাবিৰ মাজত ঘৰ এটাৰ অৱস্থিতি মোৰ চকুত পৰিল। যিমানেই ঘৰটো দৃষ্টিৰ পৰিসীমাৰ ভিতৰলৈ সোমাই আহিবলৈ ধৰিলে সিমানেই মনটো উগুল থুগুল লাগিবলৈ ধৰিলে। অলপ আগতে দাইটিয়ে অনা মোনাৰ ভিতৰত গাখীৰৰ বটলৰ আৱিষ্কাৰত যি আশ্চৰ্য্যৰ উন্মেষ ঘটিছিল তাতোকৈ বেছি এক আশ্চৰ্য্যই মোৰ বাবে ৰৈ আছিল সেই হাবিৰ মাজত। পাণ্ডৱবৰ্জিত এই হাবিৰ মাজত, জয়াল পৰিৱেশত এটা পকী ঘৰ! প্ৰকাণ্ড কম্পাউণ্ডটোৰ চাৰিওফালে জেওৰা। মূৰত গামোচাৰে পাগ মাৰি কোনোবা এটাই এফালে জেওৰা মাৰি থকা চকুত পৰিল। মটৰ চাইকেলৰ আৱাজ শুনি মানুহটোৱে এপলকৰ বাবে ওপৰমুৱা হ’ল। কোটৰগত চকুহালিৰে আমাৰ ফালে তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰি পিছমুহূৰ্ততে মানুহটোৱে আকৌ কামত ধৰিলে। মানুহটোৰ ওঁঠৰ ফাঁকেৰে যেন অদ্ভূত হাঁহিৰ ৰেশ এটা সৰি পৰিল। কিয় জানো ভাল নালাগিল। মানুহঘৰ আঢ্যৱন্ত; বাহিৰৰ পৰা দেখাত তেনে যেনেই লাগিল। ঘৰৰ বাকী মানুহবোৰ লগুৱাজনৰ দৰে নহ’লেই হয় আৰু। পদূলিৰ খোলা জপনাখনে কোনোবা দায়িত্বজ্ঞানহীন অভ্যাগতৰ উপস্থিতিৰ ইংগিত দিলে। অভ্যাগত যদি কোনো পদূলিশুঙা পিলিঙা হয়। যাঃ, কিবোৰ ভাবি আছোঁ। দীঘল পদূলিটোৰ এফালে মটৰ চাইকেলখন ৰখাই আমি ঘৰটোলৈ বুলি খোজ ধৰিলোঁ।
চোতালত মটৰ চাইকেল এখনৰ প্ৰায় গাতে গা লগাই চাইকেল দুখন। ঘৰটোৰ মুখামুখিকৈ ওখ এটা ভঁৰাল। ভঁৰালৰ তলত তাঁত এজুঁটিৰ সৈতে তাঁতৰ শাল এখন। পাকৈত শিপিনীৰ পাঁজিসেৰীয়া আঙুলিৰ পৰশত ক্ৰমশঃ ঠন ধৰি উঠা গুটি ফুলৰ গামোচা কেইখনমান। গুটি ফুলৰ ৰঙাখিনিৰ মাজে মাজে বুলাই থকা লিহিৰী আঙুলিৰ গৰাকীৰ সম্ভাব্য ছবি এখন চকুৰ আগত আপোনা-আপুনি ভাহি উঠিল। পোনে পোনে থকা বাৰীখনে কৰ্মঠ গৃহষ্ঠৰ ইংগিত নিদিয়ে। অযত্নপালিত। জেওৰাৰ বাহিৰৰ ফালে তেনেই হাবি। কিবা যাদুৰ বলতহে যেন পকী ঘৰটো কোনোবাই জয়াল হাবিখনৰ মাজত ভৰাই দিলে— মোৰ এনে লাগিল। “ভৰি দুখন তিয়াই ল’”— চোতালৰ এফালে থকা টিউবৱেলটোলৈ ইংগিত কৰি দাইটিয়ে ক’লে। চামৰাৰ চেণ্ডেলযোৰ তিয়াবলৈ মন নাছিল যদিও ভদ্ৰতাৰ খাতিৰত তিয়াবলৈ বাধ্য হ’লোঁ। “বাৰান্দাৰ বেঞ্চখনতে তই অলপ বহচোন। মই ভিতৰৰ পৰা খবৰ এটা কৰি আহোঁ।”— বুলি দাইটি চিনাকি মানুহৰ দৰে চ’ৰাঘৰলৈ সোমাই গ’ল। কোনোবা দুজন, বোধহয় চাইকেল দুখনৰ গিৰিহঁত হাতত খালি মোনা একোখন লৈ ওলাই আহিল। মোৰ ফালে ক্ষণিকৰ বাবে দৃষ্টি নিক্ষেপ কৰি চাইকেল দুখন লৈ গ’লগৈ। মই সামান্য সৌজন্যসূচক হঁহাৰ দৰে কৰিছিলোঁ যদিও মানুহদুজনে তালৈ ভ্ৰূক্ষেপ নকৰিলে। মানুহদুজনৰ মুখত সন্তুষ্টিৰ নে চিন্তাৰ ৰেশ দেখিলোঁ ঠিক ধৰিব নোৱাৰিলোঁ। মানুহদুজন যোৱাৰ অলপ পাছতেই ছোৱালী এজনী আৰু ডেকা ল’ৰা এটা ওলাই আহিল। পাছে পাছে প্ৰকাণ্ড বপুৰ গৰাকী আদহীয়া ব্যক্তি এজন। চুৰিদ্দাৰ পিন্ধা ছোৱালীজনীক কপালত ফোঁট নাথাকিবলগীয়াকৈ ইমানো কম বয়সীয়া যেন নালাগিল। লগত অহা ল’ৰাজন বোধহয় তাইৰ ভায়েক। ”আমি তেতিয়াহ’লে যাওঁ দেউতা”— এইবুলি ছোৱালীজনীয়ে হঠাৎ আদহীয়া মানুহজনক ভৰিত ধৰি সেৱা কৰিলে। “যা যা মাজনী, সকলো ঠিক হৈ যাব। চিন্তা নকৰিবি। খালি কথাবোৰ নাপাহৰিবি। কোৱা মতে কামবোৰ কৰিবি।” সিহঁতহাল যোৱাৰ ফালে আদহীয়া মানুহজনে ৰৈ একেথৰে চাই থাকিল। মনৰ ভিতৰত চলি থকা শ-টা প্ৰশ্নৰ লগত ‘দেউতা’ সম্বোধনটোৱে আৰু এটা প্ৰশ্নৰ সংযোগ কৰি পেলালে। সমীকৰণ এটা মনৰ ভিতৰতে পাতি পেলালোঁ। মই অংকত বেয়া নহয়; বিশেষকৈ ধৰি ল’বলগীয়া বীজগণিতীয় অংকবোৰত। ধৰা হওক X আৰু Y এটা দূৰ্গত …। X আৰু Yক ঠিক ধৰিছোঁ কি নাই ধৰা, আদহীয়া মানুহজনে ঘূৰি মোৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই ৰোৱাত সমীকৰণটো আধা পতাতে থাকিল। জপনাৰ মুখত দেখা লগুৱাজনৰ দৰে একেই চাৱনি। ঠিক এনেকুৱা এক্সৰে সদৃশ চাৱনি হ’বলগীয়া শহুৰেকে কন্যাপ্ৰাৰ্থী ডেকাৰ প্ৰথম দৰ্শনত নিক্ষেপ কৰেনে নকৰে মই নিশ্চিত নহয় যদিও অনুমান কৰিলোঁ মানুহজনে বোধহয় মোৰ বুকুৰ হাৰমনিয়ামৰ হাড়কেইডাললৈকে হিচাপ কৰি পেলালে। “বোপাই, তয়ো আহিছ হ’ব পায়? ভিতৰলৈ আহ।” গ’লোঁ। চ’ৰাঘৰটোৰ চোফাখনতে দাইটি বহি আছিল। “হেৰা,শুনিছানে— যোগাৰ আনাচোন।”— আদহীয়া মানুহ মানে গৃহষ্ঠই যাক উদ্দেশ্যি আটাহ পাৰি উঠিল, পৰ্দা ঠেলি ওলাই অহা সেইগৰাকী সমীকৰণটোত যোগ হ’বলগীয়া আন এটা চলক হৈ মোৰ মূৰত হেঁচা-ঠেলা কৰিবলৈ লওঁতেই পিছে পিছে মানুহজনীৰ চাদৰৰ আঁচলত ধৰি ওলাই অহা শিশুটিয়ে আন এক পয়মালৰ সৃষ্টি কৰি পেলালে। এইটো গতিত চলকৰ বান আহিলে বীজগণিত ভাল পাবানো কেনেকৈ? যোগাৰ মানে আচলতে দুটা কাঁচৰ গিলাচ আৰু এটা পানীৰে ভৰ্তি ঝাৰ। দাইটিয়ে লগত অনা মোনাটোৰ পৰা বিলাতী সুৰাৰ বটল এটা উলিয়াই ল‘লে। টিঙিচকৈ খংটো উঠি আহিল। মুখৰ ৰঙো বটলটোৰ ৰঙাখিনিৰ নিচিনাকৈ সলনি হৈ পৰিল। এইবোৰ কৰিবলৈহে ইমানদূৰ বাটকুৰি বাই আনিছিল মোক। মদ খোৱা মানুহ সিমান এটা বেয়া নাপালেও খোৱাৰ পাছৰ ৰূপটো সহ্য কৰিব পৰা ধৈৰ্য্যৰ অধিকাৰী মই নহওঁ। সিপুৰীলৈ যোৱাৰ খৰখেদা লগাইছা, লগোৱা। এইপুৰীৰ খগেন মাষ্টৰৰ জীয়েকতকৈ সিপুৰীৰ ৰম্ভা মেনকালৈ তোমাৰ টানটো বেছি। নহ’বলৈ নকওঁ, হ’ব পাৰে, দূৰৰ ৰৌ বৰালি ওচৰৰ পুথি খলিহনা। তোমাৰ জীৱন তোমাৰ কথা। কিন্তু প্ৰস্তুতিপৰ্বত মোক অংশীদাৰ কৰি এই পুৰীৰ যাতনাৰ গাথা শুনাই শুনাই মোক অত্যাচাৰ কৰি মাৰা কিয়হে। জীৱনটোৰ তুমি স্বত্বাধিকাৰী হোৱাৰ দৰে যাতনাবোৰৰো মালিকীস্বত্ব নোলোৱানো কিয়? “তই অলপ ৰ‘। কিবা অকণমান ডিঙিত পেলাই লওঁ। চিঞৰি চিঞৰি ডিঙি শুকাই গৈছে একেবাৰে।” দাইটিয়ে মোৰ ফালে চোৱাৰ সলনি বটলৰ ৰঙাখিনিৰ গাঢ়তা নিৰ্ণয়ৰ কামটো লেব‘ৰেটৰীৰ কেমিষ্টৰ দৰে গভীৰ মনোযোগেৰে কৰাত ব্যস্ত হ‘ল। নক‘লেও হয়। অপেক্ষাৰ বাদে কৰিবলৈ মোৰ হাতত কিবা আছে জানো? আগৰ সমীকৰণটো আকৌ কৰিবলৈ সাজু হ‘লোঁ। ধুনীয়া মুখখনেৰে সৈতে তিৰোতাজনী লনী। শিশুটো তিনি চাৰিবছৰীয়ামান হ‘ব লাগে। ‘হেৰা’ বুলি নমতাহ‘লে তিৰোতাজনী নিশ্চয় গৃহস্থৰ বোৱাৰী বুলি ভবাৰ অৱকাশ আছিল। ‘বৃদ্ধস্য তৰুণী ভাৰ্য্যা’— এইহেন ধুনীয়া, কম বয়সীয়া মানুহজনী এই আদহীয়া মানুহজনৰ পত্নী হ‘বলগীয়া কাৰণৰ অলেখ সম্ভাৱনা মনৰ মাজেৰে বাগৰি গ‘ল। “অলপ ৰ‘। বাৰীৰ পৰা আহি চাই আছোঁ।”— গৃহস্থ বাৰীৰ ফালে যোৱাৰ সুযোগ প্ৰহণ কৰি দাইটিলৈ খং মিহলি প্ৰশ্নবোধক দৃষ্টি নিক্ষেপ কৰিলোঁ। “বুঢ়াৰ সৰুজনী ঘৈণীয়েক। সৰু ল’ৰাটো বুঢ়াৰেই।” “সেইবোৰ বাদ দিয়ক। আমি আচলতে কি কৰি আছো ইয়াত?” — বুঢ়াৰ ভাগ্য প্ৰত্যক্ষ কৰি মোৰ ডেকেৰুৱা মন ঈৰ্ষান্বিত হৈ উঠিল। দুনীয়াখনত এনেই অতবোৰ অসমতা। এতিয়া এইটো ক্ষেত্ৰতো অসমতা আহিলে ডেকাৰ মনত ঈৰ্ষা নাজাগিবই বা কিয়? “চোৱাবলৈ আহিছোঁ।“ “কি? কি চোৱাবলৈ আহিছে?” “মানুহজনে ভূত পোহে। মঙ্গল চাই ক‘ব পাৰে বহু কথা। প্ৰমাণী।” ভূত!!! দাইটিয়ে মানে ভূতৰ ঘৰ ফুৰিবলৈহে আহিছিল। এইবাৰটো মোৰ সন্দেহেই উপজিল— দাইটি বুলি যাৰ লগত আহিলোঁ সেইজন দাইটিয়েই নে দাইটিৰ ৰূপধাৰী কোনোবা প্ৰেত। বাঁকে এনেদৰে লগৰীয়াৰ ৰূপ ধৰি মাছমৰীয়াক নি বোকাত ওভোটাকৈ পোতে বুলি সৰুতে শুনা কথাবোৰ এইবাৰ সঁচা যেন লাগিবলৈ ধৰিলে। দাইটিয়েও বোধহয় মোৰ কথা বুজিব পাৰিলে। “ভয় নকৰিবি ৰ‘হ। একো নহয়।”— গৃহস্থনো কেতিয়া আহি ওলাল ভয়তে মন কৰিবলৈকে নহ‘ল। “সিহঁতো আমাৰ দৰেই। মোৰ ওচৰত দুটা আছে এতিয়া। আগতে আছিল কেইবাটাও। ৰাখিব নোৱাৰিলোঁ। শনিবাৰে শনিবাৰে তেজ দিব লাগে সিহঁতক। নহ‘লে শোৱা-খোৱাত অশান্তি কৰে।” “এটাকটো তহঁতে দেখিছয়েই চাগে”—বিস্ময়ত মেল খাই যোৱা মোৰ মুখখন দেখি গৃহস্থই ক‘লে—“ বাৰীৰ কামত লগাওঁ সিহঁতক। জেওৰা ভেটা কামত আজি লগাই থৈছোঁ এটাক। পদূলিৰ মুখত এটা মানুহক দেখা নাছিলি জানো? ” পদূলিৰ মুখত দেখা লগুৱাটোৰ কোটৰগত চকু আৰু তীক্ষ্ণ দৃষ্টি মনলৈ ভাহি আহিল। গৃহস্থৰ সৈতে একেই সেই চাৱনি। আমাক বহিবলৈ দি মানুহটো ভিতৰলৈ সোমাই গ‘ল। পৰ্দাখন টানি দিয়াত কাষৰ আন্ধাৰ কোঠাটো ধৰিব পাৰিলোঁ। পশ্চিমফালে ক‘লা পৰ্দা এখন তৰি থোৱা আছে। পৰ্দাখনৰ সিফালে কি আছে ইয়াৰ পৰা ধৰিব নোৱাৰি। ক‘লা পৰ্দাখনৰ সন্মুখত কাঠৰ চকী এখন। চকী আৰু পৰ্দাখনৰ মাজতে মানুহজন বহি লৈছে। অৰ্ধ নিমিলীত দুনয়ন। বিৰবিৰকৈ কিবা মন্ত্ৰ মাতিছে। মাজে মাজে বিকটকৈ একোবাৰ চিঞৰি উঠে। হঠাৎ মানুহজনে চকু মেলিলে। চকুহালি টিকটিকিয়া ৰঙা হৈ পৰিছে। মন্ত্ৰোচ্চাৰণ নে বিলাতীবিধৰ ফল— পোনপটীয়া সিদ্ধান্তলৈ আহিব পৰা নগ‘ল। মানুহজনে ইংগিতেৰে দাইটিক কোঠাটোলৈ মাতিলে। মোক বহি থাকিবলৈ নিৰ্দেশ দি দাইটি মোনাটোৰ সৈতে কোঠাটোলৈ সোমাই গ‘ল। দাইটিক চকীখনত বহিবলৈ নিৰ্দেশ দি মানুহজনে মোনাটোৰ পৰা বস্তুবোৰ উলিয়াই ক‘লা পৰ্দাখনৰ ভিতৰলৈ সোমোৱাই দিলে। হাড় এটুকুৰা দাইটিৰ হাতত দি মানুহজনে ক‘লে— “চাবি কিন্তু, সাৱধান। এইডাল মানুহৰ হাড়, টানকৈ ধৰিবি। ঢিলা কৰিবি, আফলিয়াই পেলাব। তেতিয়া মোক দূষিব নোৱাৰিবি হ‘লে। মই মাতিবলৈ লৈছোঁ।” ভূত আহিব!! ক‘লৈ আহিব? ক‘লা পৰ্দাখনৰ পৰা মোৰ দূৰত্ব বেছি নহয়। খুব বেছি ছয় মিটাৰমান। আন্ধাৰ কোঠাটোত তেওঁলোক দুজনৰ বিপৰীতে এইটো কোঠাত মই অকলে। মোৰ ভয় লাগিবলৈ ধৰিলে। তিৰোতাজনী বা শিশুটোক দেখোঁ নেকি বুলি ইফালে-সিফালে চালোঁ। নাই, সিহঁতৰ অস্তিত্বই নাই। ক‘ৰবাত যেন হাৱা হৈহে পৰিল। চাৰিওফাল হঠাৎ নিস্তব্ধ হৈ পৰিল। মাজে মাজে নিস্তব্ধতা ফালি অহা পাৰৰ ৰুণ। কিবা উদাস, উৰুঙা পৰিৱেশ। নীৰৱতা ভাল পোৱা মানুহ মই। কিন্তু সেই মুহূৰ্তত নীৰৱতা মোৰ কাম্য নহয়। ষষ্ঠ ইন্দ্ৰিয়ই যেন কৈ উঠিল— এয়া ধুমুহাৰ আগৰ নীৰৱতা। হঠাৎ ধুমকৈ এটা শব্দ হ‘ল। কিহবাই ঘৰটোৰ টিনবোৰ জোকাৰিবলৈ ধৰিলে। এনে লাগিল যেন টিনবোৰ টানি এৰুৱাইহে পেলাব। ঘিটঘিটকৈ গোটেই ঘৰটোৱেই যেন কঁপিবলৈ ধৰিলে। ধাম..ধাম…ধাম… ধাম… ধাম… ধাম…ধাৰাম। অবিৰাম চলি গ‘ল টিনৰ ওপৰত অশৰীৰি অত্যাচাৰ। হঠাৎ সেইবোৰ বন্ধ হৈ নীৰৱ হৈ পৰিল। হুৰুস্কৰে কিবা এটা পৰ্দাখনৰ সিটোপাৰে পৰাৰ শব্দ শুনিলোঁ। কিহবাৰ ওপৰত আচোঁৰাৰ শব্দ ভাহি আহিল। ঢপকৈ কিবা এটা ওপৰৰ পৰা পৰিল। কিহবাই মাটিত গোৰোহনি মাৰি চিৎকাৰ কৰি উঠিল— “মই আ…হি…লোঁ।”— কঁপা কঁপা অদ্ভূত ধৰণৰ মাত সেইটো। সঁচা কথা কৈছোঁ, দিনত নহৈ ৰাতি হোৱা হ‘লে মোৰ সেইফালেই আধ্যা পৰিলেহেঁতেন। বহুত দূৰৰ পৰা ভাহি অহা, কেৰকেৰীয়া মাতটোত বিষাদৰ সুৰ এটা আছে। মোৰ গাৰ নোম শিয়ৰি উঠিল। মানুহজনে শিকাই দিয়া মতে হাড়ডাল টানকৈ মুঠি মাৰি ধৰি দাইটিয়ে কৈ গ‘ল— “আপোনাৰ বাবে কিবা অলপ আনিছোঁ। সেইখিনি গ্ৰহণ কৰক।” কোঁটকোঁটকৈ কিহবাই গাখীৰ পি খোৱাৰ শব্দ ভাহি আহিল। ক্ষন্তেক নীৰৱতা। আকৌ মাটিত মৰা গোৰোহনিৰ শব্দ। মানুহজনে দাইটিক ইংগিত দিলে প্ৰশ্ন সুধিবলৈ। “ওঁ, অলপ সময় লাগিব। মই তাক কওঁ চাই আহিবলৈ।”— ভিতৰৰ পৰা কেৰকেৰীয়া মাতটো ভাহি আহিল। তাক মানে বোধহয় পদূলিৰ মুখত দেখা লগুৱাৰূপী ভূতটোৰ কথা কৈছে। কিছুসময়ৰ পাছত হুউছকৈ কিবা এটা উৰি অহাৰ দৰে শব্দ হ‘ল। “ঘৰৰ আগফালে কৰ্দৈ গছ এজোপা আছে। তাৰ তলতে বেয়া বস্তু পুতি থোৱা আছে। সেইবাবেই ঘৰত অশান্তি হৈ আছে।“ দাইটিৰ ঘৰৰ আগফালে সঁচাকৈ কৰ্দৈ গছ এজোপা আছে। “সেইবোৰ খান্দি আঁতৰাব লাগিব। মানুহে নোৱাৰে। খান্দিলে একো নাপাব।” “কি কৰিব লাগিব, বিধান দিলে উপকাৰ হয়।” “বলি লাগিব। এই কাম আমাৰ সাধ্যৰ নহয়। আমাতকৈ ওপৰৰ এজনক মাতিব লাগিব। ছাগলীৰ বলি দিব লাগিব। শনিবাৰৰ দিনা আহিব। ঈশ্বৰে কৰিলে সকলো ঠিক হৈ যাব।” “মই বেছি দেৰি ৰ‘ব নোৱাৰোঁ। আ… হি…লোঁ।”— আকৌ ঘৰটোৰ টিনবোৰ কঁপিবলৈ ধৰিলে। হুউছকৈ কিবা এটা উৰি যোৱাৰ শব্দ হ‘ল। ক্ষন্তেক নীৰৱতা। মানুহজনে এইবাৰ চকু মেলিলে। “কি ক‘লে মনত ৰ‘ল নহয়? কোনোবা ডাঙৰ বেজে কামটো কৰি থৈছে। ইহঁত দুটাই সেইবাবে আঁতৰাব নোৱাৰে বুলিছে। ইহঁততকৈ ওপৰৰো জিন আছে। তাৰ হতুৱাই কামটো কৰাব লাগিব। শনিবাৰৰ বাদে আন বাৰে কৰিলে ফল নধৰে।” দাইটি আৰু মানুহজন কোঠাটোৰ পৰা ওলাই আহিল। মৰিশালিত মানুহ জ্বলোৱাৰ দিনা উলংগ হৈ হাঁহ নে কুকুৰাৰ কণী পুতি থৈ আহে বেজে। দুদিনমানৰ পাছত সেই কণীকেইটা লৈ আহিলে তাতে ভূতে বাস লয়। পানীপোতাত বোলে সিহঁতক ৰখা হয়। দেখাত হাঁহ পোৱালিৰ দৰেই— কিটকিটকৈ ঘূৰি ফুৰে। সিহঁতক কেৱল বেজেহে দেখা পায়। তেনেদৰে এশটা মৰিশালিৰ ওপৰতহে বোলে কণ নামৰ ভূতৰ জন্ম হয়। এইবোৰ ক‘ৰবাত পঢ়া কথা বাৰেভচহু বুলি ইমানদিনে উৰুৱাই দি আহিছিলোঁ যদিও সেই মুহূৰ্তত সেইবোৰ সঁচা যেন লাগিবলৈ ধৰিলে। “অলপ বহ। অথনিৰ বস্তুটো শেষ হোৱাই নাই নহয়। সেইটো শেষ কৰি যা।” “দেৰি হ’ব নহয় দৌতি। বহুদূৰ বাট যাব লাগিব। দিনে পোহৰে যাব পাৰিলে ভাল। ইয়াৰ ভয়ো লাগিব পাৰে” — মোলৈ আঙুলি টোঁৱাই দাইটিয়ে কৈ উঠিল। “হেহ, একো নহয়। ভয়ৰ কোনো কথা নাই। মোৰ ঘৰৰ পৰা যোৱা মানুহক কোনেও হানি কৰিব নোৱাৰে। মই এটাক পিছে পিছে পঠিয়াই দিম, চিন্তা নকৰিবি।” চিন্তা নকৰিম? আমাৰ পিছে পিছে ভূত গৈ থাকিব পহৰাদাৰ হৈ আৰু আমি নিশ্চিন্ত হৈ গৈ থাকিম!! বুঢ়াই আচলতে সাহসেই দিলে নে ভয় খুৱাবলৈকে কথাষাৰ ক’লে ধৰিব নোৱাৰিলোঁ। মদাহী মানুহবোৰে আন কাম খৰচি মাৰি কৰক নকৰক মদ খোৱা কামটো হ‘লে নিৰহ-নিপানীকৈ কৰিবই। থাক বহি এতিয়া বোন্দাপৰ দি। ডেৰ ঘণ্টামানৰ মূৰত দোৰোলখোৱা জিভাৰে মানুহজনে আমাক বিদায় দিবলৈ বাহিৰলৈ ওলাই আহিল। দাইটিৰ ওপৰত খং এটা উঠি আছিল যদিও এটা কথাত ভাল লাগিল— ঘৰলৈ ঘূৰি যাওঁতে মটৰ চাইকেল চলাই যাব যে লাগিব সেই কথাটো তেওঁ পাহৰি যোৱা নাছিল। ভাবিছিলোঁ ইমানদেৰি বহি থকা আলহীক বিদায় সম্ভাষণ জনাবলৈ গৃহস্থনীও ওলাবহি। পিছে নাই, মানুহজনীৰ দেখাদেখিয়েই নাই। যিহে পৰিৱেশ দেখিছোঁ, সেইগৰাকীও কোনোবা মানুহৰূপী ভূত হোৱাৰো সম্ভাৱনা নোহোৱা নহয়। বেলি লহিয়াবলৈ যোজা কৰাৰ সময়। পশ্চিম আকাশৰ ৰঙৰ সৌন্দৰ্য্য উপভোগ কৰিব পৰাকৈ মোৰ মন তেতিয়া কাব্যময় হৈ থকা নাই। সোনকালে এই অমঙ্গলীয়া ঠাইৰ পৰা যাব পাৰিলেই যেন বাচোঁ। দাইটিয়ে মটৰ চাইকেলখন ঘূৰাই মানে পদূলিৰ জপনাখন খুলিবলৈ আগবাঢ়ি গ’লোঁ। পাছফালৰ জেওৰাখনৰ পৰা কিবা এটা ঢপকৈ পৰাৰ শব্দ হ’ল। গাটো আকৌ সিৰসিৰাই গ‘ল। হঠাৎ পিছফালৰ হাবি ভাঙি কিবা এটা হুৰুসকৈ বতাহৰ বেগেৰে যোৱা যেন অনুভৱ হ’ল। যিমান পাৰি সোনকালে সেই অমঙ্গলীয়া ঠাইৰ পৰা প্ৰস্থানৰ যোজা কৰি শেষবাৰৰ বাবে ভূতবাংলাটোৰ ফালে চাবৰ বাবে চকু ঘূৰালোঁ। পাকঘৰৰ খিৰিকীখনৰ পৰা এপলক ৰৈ চাৎকৰে আঁতৰি যোৱা চকুযুৰি মোৰ দৃষ্টিৰ পৰা সাৰি নগ‘ল। উজ্জ্বল সেই চকুহালিৰ মাজত সন্তষ্টি নে কাৰুণ্যৰ ৰেশ? কিবা ক‘ব বিচাৰিছিল নেকি বাৰু সেই চকুযুৰিয়ে? কি ক‘ব বিচাৰিছিল বাৰু সেই চকুৰ গৰাকী বুঢ়াৰ সৰুজনী ঘৈণীয়েকে? দাইটিৰ মটৰ চাইকেলৰ পিছফালে বহি আগৰ সমীকৰণটো নতুনকৈ পাতি ল‘লোঁ। ধৰা হওক X আৰু Y থকা দূৰ্গটোলৈ এদিন … দিনটোৰ শেষবাৰৰ বাবে ৰাঙলী হাঁহি মাৰি মুনিচুনি বেলাৰ চকা তেতিয়া পাতত বহিছে। (সত্য ঘটনাৰ ওপৰত আধাৰিত)
উৎপল ফুকন