ভূত
বোকা-পানীৰে ভৰা বা উখোৰা-মোখোৰা শিলগুটি দিয়া ৰাস্তাৰে সমান দক্ষতাৰে যাব পৰা ৰাজদূতখন এসময়ৰ ৰাজসিক বাহন আছিল। চাকৰি জীৱনৰ প্ৰথম এৰিয়াৰৰ টকা পাই দেউতাই কিনা ৰাজদূতখন আমাৰ সৰুকালৰ এছোৱা সময়ৰ লগৰীয়া আছিল। সৰুকালটোলৈ মনত পেলালেই স্মৃতিবোৰক বিয়নী সাৱটা দি ৰাজদূতখনেও আমাৰ চকুৰ আগত ভাহি উঠে; লাইটটো আৰু হেণ্ডেলডালেৰে সৈতে দেখাত হাতদুখন মেলি মোকনো কিয় পাহৰিব খুজিছ বুলি ৰাজদূতখনে ক’বলৈ বিচৰা যেন লাগে। ৰাজদূতখন আচলতে দেউতাৰহে সহচৰ আছিল যদিও ঘৰত থকা সময়ছোৱাত সেইখন আমাৰ লগৰীয়া হৈ পৰিছিল। “সেইখনৰ পৰা নামিলিনে” বুলি মাৰ তীক্ষ্ণ মাতটো ভিতৰৰ পৰা ভাহি আহিলে আমাৰ মটৰ চাইকেল ড্ৰাইভিং ৰাজদূতৰ পৰা সন্মুখৰ কাঠৰ ৰেলিঙলৈ বদলি হৈ যায়। এই ৰাজদূতখনৰ সৈতে জড়িত দুটামান স্মৃতিয়েই আজিৰ লেখাটো।
ঘিলামৰালৈ অহাৰ আগতে বৰদলনিৰ ঘাই-ঘৰত আমি গোটেইবোৰ যৌথ পৰিয়াল হৈ আছিলোঁ। ৰাজদূতখন তেতিয়া আমাৰ ঘৰলৈ অহাই নাই। দেউতাই এম.এ. পাছ কৰি আহি প্ৰথমে অলপ দিন মাজুলীৰ জেংৰাইমুখ কলেজত কাম কৰিছিল। ৰাজদূতবিহীন অৱস্থাত পাতিচাইকেলৰ জেংৰাইমুখ যাত্ৰাৰ তেতিয়াৰ কাহিনীবোৰ দেউতাৰ মুখত প্ৰায়ে শুনা পাইছিলোঁ। কলেজৰ ছাত্ৰ-ছাত্ৰীবোৰে— “আজি আমাৰ ঘৰত এক্ মাৰিছোঁ, আহিবি”— এনেদৰে দেউতাহঁতক প্ৰায়ে নিমন্ত্ৰণ কৰে আৰু দেউতাহঁতেও আপং আৰু গাহৰি মাংসৰ জুতি ল’বলৈ সিহঁতৰ ঘৰলৈ যায়। এনেদৰে আলহী হৈ যোৱাত প্ৰায়ে দেউতাৰ লগৰীয়া আছিল মিছিং সমাজৰ “ঐ আপ্পুন” শিল্পী প্ৰয়াত গণেশ পেগু। তেখেত সদায়েই দেউতাৰ ৰুমলৈ আহিছিল আৰু বিছনাত পেট পেলাই পৰি লৈ— “কিটি কিটি কিটিটাং, কিটি কিটি টাং, মিলিক্কে ব’মটাক ৰাকটুব ডেম্বী”— এনেদৰে এটা ধেমেলীয়া গীত বিছনাখনত টুকুৰিয়াই টুকুৰিয়াই তবলা বজোৱাৰ দৰে কৰি প্ৰায়ে গাইছিল বুলি দেউতাই আমাক কোৱা মনত পৰে।
এবাৰ মই গুৱাহাটীৰ পৰা আহি থাকোঁতে নৈশবাছত তেখেতৰ কাষৰ আসনখনতে বহি আহিছিলোঁ। মই তেখেতক ঠিকেই চিনি পাইছিলোঁ যদিও মাতবোল কৰা নাছিলোঁ। গোটেই বাটছোৱা মই এবাৰলৈও আসনৰ পৰা নমা নাছিলোঁ বা কাৰো লগত মাতবোলো কৰা নাছিলোঁ। মোৰ গতিগোত্ৰ দেখি তেখেতে লগৰ এজনৰ লগত মিছিং ভাষাতে ”বপুৰা, এইটো কি টাইপৰ জিনিছ ৰে”— এনেকুৱা ধৰণৰ মন্তব্য কৰা মই ধৰিব পাৰিছিলোঁ। ৰাতিপুৱা বাছ আহি লখিমপুৰ পোৱাৰ পাছতহে মই ইমানপৰে জপাই থোৱা মুখখন খুলিলোঁ— বোলো আপুনি অমুক নহয় জানো? আপোনাৰ কথা দেউতাই মাজে মাজে কয়। তই কাৰ ল’ৰা বুলি সোধা প্ৰশ্নৰ উত্তৰত দেউতাৰ নামটো কোৱাত, ইমান পৰে কিয় কোৱা নাই বুলি ধমকিৰ লগতে উপহাৰ স্বৰূপে পিঠিত মৰা বাঘ ঢকাটো আজিও মনত পৰে। নামিবৰ সময়ত নিজৰ ঘৰলৈ যোৱাৰ বাটটো আঙুলিয়াই —“আহিবি দেই” বুলি মৰমেৰে মতা কথাষাৰ পিছে ৰখা নহ’লগৈ। কৰিম কৰিম বুলি ভবা বহু কথাই সময়ত কৰা নহয়গৈ— তেখেতৰ ঘৰলৈ যোৱাৰ কামটোও তেনেদৰেই থাকি গ’ল। কথাটো মনলৈ আহিলে বিষাদ অনুভৱ কৰোঁ।
জেংৰাইমুখত অলপ দিন কাম কৰাৰ পাছত উত্তৰ পাৰৰ (মানে লখিমপুৰ, ধেমাজি এই সমগ্ৰ অঞ্চলটোৰ) দ্বিতীয়খন মহাবিদ্যালয়(লখিমপুৰ কলেজ প্ৰথমখন) ঘিলামৰাৰ নৰ্থ বেংক কলেজত দেউতাই যোগদান কৰেহি। প্ৰথমে অলপ দিন দৰমহা নোপোৱাকৈ থকাৰ পাছত এৰিয়াৰৰ টকা অলপ পাই দেউতাই ৰাজদূতখন কিনিছিল। সেইখন প্ৰথম ঘৰলৈ অনা আৰু আগফালৰ ঘৰটো সজোৱাৰ কিছুকথা চেৰেং চেৰেংকৈ মনত পৰে। ঘৰটো সজা কাঠমিস্ত্ৰীজনে টিনেৰে কাটি সৰুকৈ আহঁতৰ পাত এখিলা আগফালৰ কাঠৰ বাটামত লগাই দিয়াৰ কথা আৰু আগফালৰ কাঠৰ ৰেলিঙত আমি গাড়ীচলোৱাৰ কথাও মনত পৰে। নতুনকৈ ৰাজদূতখন কিনা দেখি আমাৰ ঘৰলৈ চি.আই.ডি. এজনো আহি ওলাইছিলহি। আমাৰ ঘৰত থাকিম বুলি অহা অচিনাকি মানুহজনৰ হাৱ-ভাৱ বৰ সুবিধাৰ নেদেখি দেউতাই আলহীক খুৱাবলৈ কুকুৰা এটা অনাৰ চলেৰে থানাত খবৰ দি থৈ আহিল যদিও বতাহত খবৰ পোৱাৰ দৰে কিবা গোন্ধ পাই চি.আই.ডি.জন দেউতা ঘূৰি আহি পোৱাৰ আগতেই অন্তৰ্ধান হ’ল।
ৰাজদূতখন ঘৰত থাকিলেনো কি হ’ব— মটৰচাইকেলত উঠিবলৈ মোৰ বৰ ভয় লাগিছিল। জীৱটো উৰি যোৱা যেন লাগে। এবাৰ মা-দেউতা, ভাইটি আৰু মই ধেমাজিলৈ বজাৰ কৰিবলৈ ওলাবলগীয়া হ’ল। পিছে মটৰ চাইকেলত উঠিবলৈ মোৰ ইমান ভয় লাগিছিল যে মই কোনোপধ্যেই যাবলৈ মান্তি নহ’লোঁ। উপায় নাপাই দেউতাই বুৰুলি খেৰ এডালেৰে ভৰিৰ জোখ লৈ গৈ জোতা কিনি আনিবলগীয়া হৈছিল।
মোৰ তেতিয়া ৪-৫ বছৰমান বয়স হ’ব। পাকঘৰটোৰ লগতে লাগি থকা জুইশালখনতে মই আৰু বত্তা( আচলতে বুঢ়া দ’তা মানে ককা— দেউতাৰ দেউতাক আমি নাতিকেইটাই বত্তা বুলি মাতিছিলোঁ) বহি জুই ফুৱাই আছিলোঁ। হঠাতে বিজুলী গাজনিৰে প্ৰচণ্ড গতিত ধুমুহা বৰষুণ আহিবলৈ ধৰিলে। ধুমুহাৰ প্ৰকোপত পাকঘৰৰ গাতে লাগি থকা মধুৰীজোপা ভাগি জুইশাল থকা খেৰী ঘৰটোৰ ওপৰতে পৰিল। ধুমুহা অহা দেখি বত্তাই মোক সাৱটি বুকুৰ মাজত সুমুৱাই লওঁতেই মধুৰীজোপা ভাগি, আমি বহি থকা ঘৰটো ভাঙি পেলালে। আমি দৈৱক্ৰমে বাচিলোঁ— গছজোপা আমাৰ ওপৰত নপৰি এহাতমান আঁতৰত পৰিছিল যদিও ঘৰটো ভাগি আমি ওলাব নোৱাৰা হৈ পৰিলোঁ। পাছত দেউতাই ৰাজদূতখন ষ্টাৰ্ট দি লাইট জ্বলাই তাৰ পোহৰৰ সহায়তহে আমাৰ দুজনক তাৰ পৰা বাহিৰলৈ উলিয়াই আনিব পাৰিছিল।
ৰাজদূতখন দেউতাৰ নতুন সহচৰ হোৱাৰ পাছৰে পৰা ঘৰৰ মানুহবোৰৰ কথা মাজে মাজে দেউতাই পাহৰি থাকিছিল। নতুন লগৰী পাই দেউতাই প্ৰায়ে কলেজৰ পৰা আলহী খাই আহি ৰাতি দেৰিকৈ ঘৰত সোমাইছিলহি। এবাৰ তেনেকৈ ঘূৰোঁতে ৰাতি ভালেমান পৰ হ’ল। ধেমাজিৰ বুটিকোৰৰ পৰা আহি প্ৰথম যিখন কাঠৰ দলং পায় সেইখনৰ ওচৰ পাওঁ পাওঁ হওঁতেই গা-নোম শিয়ৰি উঠা ঘটনাটো ঘটিল। হঠাতে ৰাতি দুপৰত দুজনী ছোৱালী দেউতাৰ মটৰ চাইকেলখনৰ পৰা অলপ দূৰত মাটি ফুটি ওলোৱাৰ দৰে ওলাল। দেউতাৰ গাটো সিৰিক্কৈ উঠিল; গাৰ নোমবোৰ ডাল ডাল হ’ল। ঠাইডোখৰ জয়াল বুলি মানুহে জানে। তাতে ওচৰ-পাজৰৰ গাঁৱত তেতিয়ালৈ কোনো সাৰে থকা নাই, সকলো শুই নিঃপালি দিছে। দেউতা সাহসী মানুহ আছিল বাবে বুকুখন ঢিপ্লিং ঢিপ্লিং কৰিলেও হাৰ্ট ফেইল হৈ থিতাতে টিপ্লিং নকৰিলে। যি হয় হ’ব বুলি ছোৱালী দুজনীক আওকান কৰি পাৰ হৈ যাবলৈ লওঁতেই হঠাৎ সিহঁত নাইকিয়া হৈ শিয়াল এটাই দেউতাৰ বাট ভেটি ধৰিলে। মটৰ চাইকেলৰ পোহৰত শিয়ালটোৰ চকুকেইটা জ্বলি থকা দেউতাই স্পষ্টকৈ দেখা পালে। চাওঁ আঁতৰ হ’— বুলি দেউতাই শিয়ালটো গোৰ মাৰি দিয়াৰ পাছত মটৰচাইকেলৰ ভাৰসাম্য হেৰুৱাই ৰাস্তাৰ পৰা চাইকেলে মানুহে দলঙৰ তলত পৰিলগৈ। ওপৰৰ পৰা তলত পৰাৰ বাবে মূৰত আঘাত লাগি দেউতা অজ্ঞান হৈ পৰিল। কিমান সময় তেনেদৰে পৰি থাকিল দেউতাৰ মনত নাই। হঠাৎ জ্ঞান ঘূৰাই পোৱাত দেখে যে পানী যুঁৱলিৰ পৰা মাত্ৰ কেইহাতমান দূৰত দেউতা আৰু তাৰ ওচৰতে দেউতাৰ লগৰী ৰাজদূতখনে দেউতাক লগ দি ধোবাং জুৰি পৰি আছে। ঘিটমিটীয়া অমাৱশ্যাৰ আন্ধাৰ। ভালদৰে একোকে নমনি। আঘাতপ্ৰাপ্ত অৱস্থাৰেই সেইখন দেউতাই এঢলীয়া ডোখৰেৰে ওপৰলৈ উঠালে। ষ্টাৰ্ট দিওঁ বুলি দেউতাই ৰাজদূতখন কিক্ মাৰিলেহে মাৰিলে; ৰাস্তাৰ পৰা তলত পেলোৱাৰ বেদনাতেই হওক বা ভূতৰ দৰ্শন কৰোৱাৰ বাবেই হওক অভিমানতে সেইখনে তেনেই নিবোকা চামোনটো হৈ দিলে। সহচৰৰ সহাৰি নাপাই উপায়ন্তৰ হৈ দেউতাই সেইখন ঠেলি ঠেলি ওচৰৰ মানুহৰ ঘৰলৈ বুলি খোজ ললে। কেইবাঘৰতো দেউতাই সহায়ৰ বাবে চিঞৰিলে যদিও কোনো মানুহ ওলাই নাহিল— বোধহয় ইমান ৰাতি এয়া কোনো মানুহৰ মাত নহয় বুলি তেওঁলোকে ভাবিলে। অৱশেষত খুপি খুপি গৈ এঘৰৰ চোতালত চাইকেলখন ৰখাই দেউতাই গৃহস্থক মাতিবলৈ ধৰিলে। দেউতাই মতাৰ পাছতো কিন্তু দুৱাৰ খোল নাখালে। বৰঞ্চ মতাৰ অলপ পাছত ভিতৰৰ পৰা ধুপধাপ শব্দহে ভাহি আহিবলৈ ধৰিলে। মানুহ নহয় কিবা অপদেৱতাহে আহিল বুলি এইঘৰত চাগৈ লাঠি-চাঠি উলিয়াই ল’লে বুলি দেউতাই পলায়ুৰ্দ্ধঙৰ মানসেৰে উভতি খোজ দিবই লৈছিল। তেনেতে দুৱাৰৰ ডাং খুলি লেডী উইথ ডা লেম্প— অৰ্থাৎ চাকিৰ সৈতে গৃহস্থ-গৃহস্থনী দুৱাৰমুখত দণ্ডায়মান হ’ল। আথেবেথে দেউতাক ভিতৰলৈ মাতি বহিবলৈ দিয়াৰ পাছতহে চাকিৰ পোহৰত জিলিকি উঠা মজিয়াত পৰি থকা প্ৰকাণ্ড সাপডাল দেউতাৰ দৃষ্টিগোচৰ হ’ল।
গৃহস্থই মজিয়াতে খেৰৰ বিছনা পাৰি শুইছিল। দেউতাৰ মাতত চাকিটো জ্বলাই বিচনাৰ পৰা উঠিবলৈ লৈয়ে দেখে যে প্ৰকাণ্ড সাপ এটা গাৰ কাষতে পৰি আছে। টোপনিত বাগৰ সলাই তাৰ গাত পৰা হ’লেই সেইফালেই গৃহস্থৰ আধ্যাই পৰিলহেঁতেন। ভয়ত বিতত হৈ মূৰৰ শিতানৰ ফালে থকা লাঠিডাল থাপ মাৰি আনি সেইডালেৰ ধুপধাপ শব্দেৰে বাহিৰত ৰৈ থকা দেউতাৰ মনত ভীতি সঞ্চাৰ কৰি, সাপটো সিফলীয়া কৰিহে গৃহস্থই আহি দুৱাৰৰ ডাং খুলি দিলে। গৃহস্থৰ বাবে সেইদিনা দেউতা সাক্ষাৎ দেৱতা হৈ আহি তেওঁক সম্ভাব্য মৃত্যুৰ মুখৰ পৰা বচালে আৰু গৃহস্থইয়ো দেউতাক আশ্ৰয় দি বিপদৰ পৰা উদ্ধাৰ কৰিলে বুলি দুয়োজনে কথা-বতৰা পাতি ৰাতিটো যেনেতেনে পাৰ কৰিলে।
পুৱা পোহৰৰ ৰেশ জান নিজান দেখা হোৱাত দেউতাই মেকানিকৰ সন্ধানত ওলাল। ৰাজদূতখন এনেয়ে এবাৰ ষ্টাৰ্ট হয়েইবা বুলি কিক্ মাৰি চাওঁতে সেইখনেও কালৰাত্ৰি ভূতৰ ভয়ত হোৱা নিবোকা চামোনটোৰ দৰে থম থম মদন গোপালৰ চং এৰি গৰজনি মাৰি উঠিল। দেউতাইয়ো সহচৰীৰ সহাৰি পাই মনৰ আনন্দত ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিলে।
[ভূত মই দেখা নাই বা অদুৰ ভৱিষ্যতে দেখা পোৱাৰ কোনো হাবিয়াসো নাই। দেউতাৰ জীৱনত ঘটা ঘটনাটো ভূতকালৰ ভূতৰ ভৌতিক ৰস পাবৰ বাবে ৰাইজলৈ আগবঢ়ালোঁ। অন্ধবিশ্বাস বিয়পোৱা বুলি নধৰিব— দহোকুৰি]
