অণ্ড
ঘৰলৈ যোৱাৰ পথতে তোমাৰ মৃত্যু হৈছিল।
সাধাৰণ যেন লগা গাড়ী দুৰ্ঘটনা এটাই তোমাক তোমাৰ পত্নী আৰু দুটি সন্তানৰ পৰা চিৰদিনৰ বাবে আঁতৰাই আনিছিল। চিকিৎসকসকলে বহুত চেষ্টা কৰিছিল যদিও, বিশ্বাস কৰা তোমাৰ শৰীৰটো ইমান বেয়াকৈ জখম হৈছিল যে তুমি মৰাটো ভালেই হ’ল।
আৰু তেতিয়াই আমাৰ সাক্ষাৎ হ’ল।
“কি…. কি হৈছে? মই আছোঁ ক’ত?”
“তোমাৰ মৃত্যু হৈছে।”— কথা বহলাই থাকিতো আৰু লাভ নাই।
“লৰী এখন চুঁচৰি অহা দেখিছিলোঁ…..”
“ঠিকেই দেখিছিলা।”
“মই সঁচাই মৰিলোঁ নেকি?”
“হয়। পিছে মন বেয়া নকৰিবা। সকলো এদিন মৰেই।”
তুমি চাৰিওফালে চাবলৈ ধৰিলা। তোমাৰ উদগ্ৰীৱ দৃষ্টিত ধৰা দিয়া শূন্যতাৰ মাজত কেৱল তুমি আৰু মই।
“এইখন কি ঠাই? এয়াই পৰকাল নেকি?”
“ক’ব পাৰা, মোটামুটি।”
“তুমিয়েই ঈশ্বৰ নেকি?”
“হয়, ময়েই ঈশ্বৰ।”
“মোৰ পত্নী.. মোৰ ল’ৰা-ছোৱালী, তেওঁলোকৰ কি হ’ল?”
“আহা.. মই ঠিক ইয়াকে তোমাৰ পৰা শুনিব বিচাৰিছিলোঁ। তোমাৰ মৃত্যু হ’ল যদিও পৰিয়ালটোৰ কথা ভাবিছা। এয়া ভাল কথা।”
ময়েই ঈশ্বৰ বোলা কথাষাৰ তোমাৰ যে বৰ এটা মনঃপুত হোৱা নাই মই ধৰিব পাৰিছোঁ। মইতো দেখাত মানুহৰ দৰেই। স্কুল মাষ্টৰ বুলিলেহে বেছি মিলিব।
“পৰিয়ালৰ কথা লৈ বৰ চিন্তা নকৰিবা। তেওঁলোক ঠিকেই আছে। ল’ৰা-ছোৱালীদুটাই তোমাক এজন ভাল দেউতাক হিচাপে সদায় মনত ৰাখিব। তোমাক বেয়া পাব পৰাকৈ সিহঁত ডাঙৰ হ’বলৈকে সময় নহ’ল। পত্নীয়ে মানুহক দেখুৱাই কান্দিব যদিও ভিতৰি ভিতৰি ভালেই পাব। এনেয়েও তোমালোকৰ সংসাৰৰ অৱস্থা বৰ এটা ভাল নাছিলেই।”
“অহ্, এতিয়া পিছে? মোৰ বাবে স্বৰ্গৰ দুৱাৰ খোলা আছেনে, নে নৰকলৈহে পোনাব লাগিব?”
“নাই, এটাও নহয়। তোমাৰ পুনৰ্জন্ম নিৰ্দিষ্ট কৰা আছে।”
“পুনৰ্জ্জন্ম!! অহ্, তাৰমানে হিন্দুধৰ্মত কোৱা কথাবোৰ সঁচা আছিল।”
“সকলো ধৰ্মই নিজৰ মতে সঁচা।”— “মোৰ লগেলগে খোজেৰে আহি থাকা।”
“আমি ক’লৈ গৈ আছোঁ?”
“ক’লৈকো বুলি নহয়। খোজ কাঢ়ি কাঢ়ি কথা পাতিবলৈ ভাল।”
“মই যদি আকৌ জন্ম লওঁ আকৌ উকা ফলিৰ দৰে শিশু হৈয়েই জন্ম ল’ব লাগিব। এইটো জনমত গোটোৱা ইমানবোৰ অভিজ্ঞতা বা জ্ঞান— এইবোৰটো একো কামত নাহিব।”
“ঠিক তেনেকুৱা নহয়। তোমাৰ মাজত সকলোখিনি আছেই। খালি তোমাৰ স্মৃতিয়েহে তোমাক লগ দিয়া নাই।”
“মানুহৰ মনৰ সামৰ্থ্য সীমিত। তোমাৰ বিশালতাৰ এক সামান্য অংশহে ই ধৰি ৰাখিব পাৰে। ই এগিলাছ পানীত আঙুলি এটা ডুবাই গোটেই পানীখিনি গৰম নে ঠাণ্ডা চোৱাৰ দৰে কথা। তুমি দেহৰ সামান্য এটা অংশ পানীত ডুবাই দিয়া অথচ ওলাই আহোঁতে সম্পূৰ্ণ অভিজ্ঞতাৰে পুষ্ট হৈ আহাঁ।”
“মই কিমানবাৰ জন্ম ল’লোঁ এতিয়ালৈকে?”
“অগণনবাৰ। এইবাৰ তোমাৰ জন্ম হ’ব ৫৪০ খৃষ্টাব্দৰ চীনৰ এজনী খেতিয়কৰ ছোৱালী হিচাপে।”
“ৰ’বা ৰ’বা.. তুমি কৈছা কি? তুমি মোক অতীতলৈহে ঘূৰাই পঠিয়াবা নেকি?”
“কাৰিকৰীভাৱে সেই বুলিয়েই ধৰিব পাৰা। সময় বোলা বস্তুটো তোমাৰ মহাবিশ্বতহে আছে। মই য’ৰ পৰা আহিছোঁ তাত কথাবোৰ অলপ বেলেগ।”
“তুমি ক’ৰ পৰা আহিছা তেন্তে?”
“মই বেলেগ এখন ঠাইৰ পৰা আহিছোঁ। তাত মোৰ দৰে আন বহুতো আছে। মই জানো কথাবোৰ জানিবলৈ তোমাৰ খুব ইচ্ছা হৈছে। কিন্তু বিশ্বাস কৰা, মই ক’লেও তুমি এতিয়া এইবোৰ বুজি নাপাবা।”
“অহ্…ঠিক আছে বাৰু।”— তোমাৰ মাতত হতাশাৰ সুৰ।
“মই যদি আন এখন ঠাইত অতীতত জন্ম লওঁ তেন্তে মই কোনোবা জনমৰ মোৰ নিজৰে লগত মুখামুখি হ’বলগীয়া নহ’বনে?”
“নিশ্চয়। এয়াটো ঘটিয়েই থাকে। দুয়োটা জন্মই যিহেতু কেৱল নিজৰ জীৱনকালৰ বিষয়েহে জ্ঞাত, মুখামুখি হ’লেও ইজনে সিজনৰ বিষয়ে জনাৰ উপায় নাই।”
“তেনেহ’লে এইবোৰৰ উদ্দেশ্যই বা কি?”
“তোমাৰ পৰিপক্বতাই হ’ল জীৱনৰ অৰ্থ বা এই মহাবিশ্ব সৃষ্টিৰ উদ্দেশ্য।”
“মোৰ মানে মানৱজাতিৰ কথাই কৈছা নিশ্চয়?”
“নহয়। মাত্ৰ তোমাৰ কথা কৈছোঁ।”
“কেৱল মোৰ কথা!!!”— তোমাৰ দৃষ্টিৰ শূন্যতা পৰিষ্কাৰ হৈ পৰিল।
“কিন্তু, পৃথিৱীৰ ইমানবোৰ মানুহ….”
“সকলোবোৰ তুমিয়েই।”
“ৰ’বা, ৰ’বা। সকলোবোৰ কি ময়েই!!”
“সেইয়া..তুমি কথাবোৰ বুজিবলৈ আৰম্ভ কৰিছা।”—লাহেকৈ পিঠিত চপৰিয়াই তোমাক উৎসাহিত কৰিলোঁ।
“পৃথিৱীত যিমানবোৰ মানুহে জন্ম লৈছে সকলোবোৰ ময়েই?”
“হয়.. লগতে যিসকলে ভৱিষ্যতে জন্ম ল’ব সেইসকলো তুমিয়েই।”
“ময়েই কি আব্ৰাহাম লিংকন?”
“তুমিয়েই জন ৱিল্কিছ বুথো।”
“তাৰমানে ময়েই হিটলাৰো?”
“নিশ্চয়। হিটলাৰে হত্যা কৰা লাখ লাখ মানুহো তুমিয়েই।”
“ময়েই যিশু?”
“তেওঁৰ অনুগামীসকলো তুমিয়েই।”
তুমি নীৰৱ হৈ ৰ’লা।
“যিমানবাৰ তুমি আনক অত্যাচাৰ বা হত্যা কৰিছিলা, সেয়া তুমি আচলতে তোমাকেই কৰিছিলা। যিমানবাৰ তুমি আনৰ প্ৰতি কৰুণাৰ দৃষ্টিৰে চাইছিলা, তুমি আচলতে নিজকেই চাইছিলা। মানুহে অনুভৱ কৰা বা কৰিবলগীয়া সকলোবোৰ সুখ, আনন্দ, দুখ, কষ্ট কেৱল তোমাৰ মাজতেই আছিল।”
“তেন্তে? এইবোৰ কৰাৰ কাৰণ কি?”
“কাৰণ কোনোবাদিনা তুমি মোৰ দৰে হ’বা। কাৰণ তুমি ময়েই।”
“তাৰমানে, ময়েই ঈশ্বৰ নেকি?”
“ঠিক এতিয়াই নহয়। তুমি এতিয়াও ভ্ৰূণ হৈয়েই আছা। প্ৰতিটো জনমত তুমি পূৰ্ণতাৰ পিনে ধাৱিত হৈ গৈ আছা।”
“তাৰমানে এই মহাবিশ্ব কেৱল এক…..”
“অণ্ড…” — মই উত্তৰ দিলোঁ।
“বাৰু.. এতিয়া তোমাৰ পৰৱৰ্ত্তী জন্মৰ সময় হৈছে।” — এইবুলি মই তোমাক পুনৰ তোমাৰ পথেৰে আগুৱাই দিলোঁ।
(“The Egg” by American writer Andy Weir, originally published on his website Galactanet on August 15, 2009)[Translated into Assamese with written permission from Andy Weir.]
