ইংগিত - সম্পাদকীয়
সম্পাদকীয় - অসম নাট্য সন্মিলনৰ প্ৰকাশনা ইংগিত
সম্পাদকীয়
উৎপল ফুকন “I can take any empty space and call it a bare stage. A man walks across this empty space, whilst someone else is watching him, and this is all that is needed for an act of theatre to be engaged. ” — Peter Brook.
নাট্যকাৰৰ চিন্তা-স্ৰোত পৰিচালক আৰু অভিনেতাৰ মাধ্যমেৰে বৈ গৈ দৰ্শকৰ মনোজগতত প্ৰৱেশৰ যি ছলনাময়ী প্ৰক্ৰিয়া— যাক বুজিবলৈ যুগে যুগে নাট্যকৰ্মীসকলে অহোপুৰুষাৰ্থ কৰি আহিছে, তাৰ সন্ধানত ১৯৭২ চনত এটি দল লৈ পিটাৰ ব্ৰুকে ছাহাৰা মৰুভূমিৰ মাজেৰে আফ্ৰিকা পৰ্য্যন্ত ৮৫০০ মাইলৰ এক সাহসী যাত্ৰা কৰিছিল। কি এই ভাবনাক বোৱাই নিয়াৰ অনুকূল মাধ্যম? ভাষা? সংস্কৃতি? তেওঁৰ দলে এনে কিছুমান ঠাইত, এনে কিছুমান দৰ্শকৰ আগত নাট প্ৰদৰ্শন কৰিছিল য’ত তেওঁলোকৰ ভাষা কোনেও বুজি পোৱা নাছিল; সংস্কৃতি আছিল তেওঁলোকৰ বাবে আচহুৱা। ব্ৰুকৰ এই যাত্ৰা আছিল এই দুয়োটা সুবিধাজনক স্থিতিৰ বিপৰীতে মূলক (root, essence) উপলব্ধি কৰাৰ এক অসাধাৰণ প্ৰচেষ্টা। ভাষা, সংস্কৃতি আদিৰ ঊৰ্ধ্বত মানুহৰ যি চিৰন্তন অনুভূতি আৰু তাক স্পৰ্শ কৰাৰ যি উপায়ৰ সন্ধান পিটাৰ ব্ৰুকে কৰিছিল ই পৰিচালক হিচাপে তেখেতক অনন্য কৰি তোলাৰ লগতে প্ৰচলিত পৰিস্থিতি নিৰ্ভৰ (context based) যি ধাৰণা তাৰ বিৰুদ্ধাচৰণ কৰি অগণিত নাট্যকৰ্মীলৈ নতুন চিন্তাৰ দুৱাৰ মুকলি কৰিছিল।
নাটক বা থিয়েটাৰ আচলতে কি? সকলোবোৰ সৃষ্টিশীল কলাৰ দৰে ইয়াতো দৰ্শকৰ মনত ভাবনাৰ ৰসায়ন সৃষ্টি নাট্যকৰ্মীৰ উদ্দেশ্য। সুমধুৰ সংগীত, মঞ্চৰ উজ্জ্বল পোহৰ আৰু সেই পোহৰত উজলি উঠা কুশীলৱৰ অভিনয় বৃথা যদিহে ই দৰ্শকৰ মনৰ অনুভূতি জগোৱাত ব্যৰ্থ হয়। কুশীলৱ আৰু দৰ্শকৰ মাজত ইয়েই ব্ৰুকে কোৱা অদৃশ্য Human Connection— যাক গঢ়িবলৈ এজন নাট্যকৰ্মীয়ে অহৰহ সাধনাৰত হোৱা উচিত। পৰিস্থিতি অনুসৰি অভিনেতা একোজনৰ স্বাভাৱিক স্নায়ৱিক উত্তেজনা বা প্ৰতিক্ৰিয়াক বুজি উঠি তাৰ কৰ্ষণ তথা সময় সাপেক্ষে পূৰ্বৰ ধাৰণাক unlearn কৰাটো দৰকাৰী কথা। (শৈশৱৰ পৰা মানুহৰ মনত শিক্ষাৰ জৰিয়তে বা বিভিন্ন উপায়েৰে তিলে তিলে গঢ় লোৱা যি আৰোপিত ধাৰণাৰ আচ্ছাদন থাকে দৰ্শকৰ অনুভূতিৰ কাষ চাপিবলৈ বা তাক বুজিবলৈ এই আচ্ছাদন আঁতৰাই পেলোৱাটো দৰকাৰী হৈ পৰে। ইয়াকে আনলাৰ্নিং বুলি কোৱা হৈছে।) এজন অভিনেতাই তেওঁ অভিনয় কৰা চৰিত্ৰৰ অনুভূতি অনুধাৱন কৰিবলৈ পৰিচালকৰ নিৰ্দেশ অবিহনে নিজ প্ৰচেষ্টাৰে আগবঢ়া উচিত। অভিনেতা একোজনৰ স্বাভাৱিক স্নায়ৱিক প্ৰতিক্ৰিয়াজনিত প্ৰকাশক উৎসাহিত কৰি তাৰ কৰ্ষণ আৰু দিগদৰ্শনৰ এই প্ৰণালীয়েই non-directional directing । পৰিচালকৰ আঙুলিৰ ঠাঁৰত সকলোবোৰ চলিলে ই ডেড্লি থিয়েটাৰৰ স্থিতিশীলতালৈ পৰ্য্যৱসিত হয় আৰু ই উল্লেখিত দৰ্শক আৰু কুশীলৱৰ মাজৰ সংযোগ লেহুকা কৰি দৰ্শকক অভিনেতাৰ ক্ৰিয়াৰ প্ৰতি প্ৰতিক্ৰিয়াহীন কৰি তোলে।
কলাৰ কথা যেতিয়া আহে, ৰসবোধৰ কথাও আহিব। সকলো দৰ্শকৰ ৰসগ্ৰহণ ক্ষমতা একে নহয়। গৰিষ্ঠসংখ্যক দৰ্শক ডেড্লি থিয়েটাৰৰ জাকজমকতাপূৰ্ণ পৰিসীমাত আবদ্ধ; যদিও ই একোজন নাট্যকৰ্মীক ইয়াৰ স্থিতিশীল চৰিত্ৰৰ বাবে নিজৰ সামৰ্থ্যক সীমাৰ বাহিৰলৈ নিয়াৰ ইচ্ছাক অৱদমিত কৰি ৰাখে। হ’লি থিয়েটাৰ বা Theatre of the Invisible-Made-Visible এ দৃশ্যমান পৰিমণ্ডলৰ বাহিৰৰ বিমূৰ্ত জগতখনক মূৰ্ত ৰূপ-প্ৰতিৰূপৰ মাধ্যমেৰে দৰ্শকৰ আগত উন্মুক্ত কৰিবলৈ চেষ্টা কৰে। বাস্তৱৰ অনুকৰণৰ পৰিৱৰ্তে বাস্তৱৰ উপস্থাপনৰ লক্ষ্যৰে, নতুনক সন্ধান কৰাৰ, অজানাক জনাৰ যি উপায় হ’লি থিয়েটাৰে দিয়ে ই একোজন নাট্যকৰ্মী বা দৰ্শকক প্ৰতিবাৰেই আকৰ্ষিত কৰি থাকিবলৈ সক্ষম হয়।
‘কিয়’ আৰু ‘কেনেকৈ’— এজন নাট্যকৰ্মীৰ বাবে মন্ত্ৰসদৃশ হোৱাৰ দৰকাৰ। এই কিয় আৰু কেনেকৈয়ে খুলি দিব পাৰে দৰ্শকৰ মনৰ ভিতৰলৈ যোৱাৰ তমসাচ্ছন্ন সুৰংগৰ দ্বাৰ। ব্ৰুকৰ ভাষাৰে— জীৱনৰ বাবে ‘যদি’ যিদৰে ৰূপ-কথা, নাটকৰ বাবে ‘যদি’ হৈছে পৰীক্ষা; জীৱনৰ বাবে ‘যদি’ যিদৰে ছলনা, নাটকৰ বাবে ইয়েই সত্য। নাটকৰ সত্য গতিশীল। জীৱন ৰথৰ চকৰী আমি ওলোটাকৈ ঘূৰাব নোৱাৰোঁ; কিন্তু নাটকৰ মাধ্যমেৰে আমি জীৱনটোক বাৰে বাৰে জীয়াব পাৰোঁ। অনুভৱ কৰিব পাৰোঁ ‘বৰ্তমান’ৰ সত্য আৰু ‘মুহূৰ্ত’ৰ যন্ত্ৰণা, হাঁহি-কান্দোন, ক্ৰোধ, ঘৃণাৰ দৰে বিচিত্ৰ অনুভূতিবোৰ।
নাটক বা কলাই কোনো সমস্যাৰ সমাধান দিবই লাগিব বুলি ভবাটো ভুল। চিনাক্তকৰণ, বিৰোধ, বিশ্লেষণ— দৰ্শকৰ মনত ইয়াৰ অনুকূল পৰিবেশ ৰচনা কৰিব পৰাতে কলাৰ সাফল্য। পৰম সত্য বা কোনো সমস্যাৰ এটাই সমাধান হ’ব বুলি ভবাটো স্থিতিশীল চিন্তা; কলাৰ উদ্দেশ্য মানুহৰ মনৰ ৰুদ্ধ কপাট উন্মুক্ত কৰাহে; আৰোপিত সত্য প্ৰতিষ্ঠাপনৰ জৰিয়তে সেই দুৱাৰ বন্ধ কৰা নহয়। বহুসময়ত ইয়াক কৰিবলৈ যাওঁতে দৰ্শকো নাটকৰ এটা অংশ হ’লে সেই থিয়েটাৰী চিন্তা গতিশীল হয়— দৰ্শকৰ বাবেও, নাট্যকৰ্মীৰ বাবেও।
সাম্প্ৰতিক অসমৰ নাট পৰিমণ্ডললৈ যদি চোৱা যায়, প্ৰথমেই আহে ভ্ৰাম্যমাণ থিয়েটাৰৰ কথা। সম্পূৰ্ণ ব্যৱসায়িক দৃষ্টিভংগীৰে নাট মঞ্চস্থ কৰা ভ্ৰাম্যমাণ থিয়েটাৰ সম্প্ৰতি স্থূল ৰুচিৰ চাকনৈয়াত বন্দী। অৱস্থাটো নব্বৈৰ দশকৰ ফৰ্মূলামাৰ্কা বলীউডী চলচ্চিত্ৰৰ অনুমেয়তাৰ (predictability) স’তে একেই। ফৰ্মূলামাৰ্কা বলীউডলৈও আজিকালি এদল নতুন লেখক, পৰিচালক, অভিনেতা তথা চিন্তাৰ আগমন ঘটিল। দৰ্শকে নতুন চিন্তাক আদৰিও ল’লে। সলনি নহ’ল কিন্তু অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহ। দৰ্শকৰ ৰুচিৰ দোহাই দি এতিয়াও তেওঁলোকে ফৰ্মূলামাৰ্কা মেলোড্ৰামাতে নিজকে বন্দী কৰি ৰাখিছে। আমি আশা কৰোঁ— দৰ্শকৰ ৰুচিৰ পৰিৱৰ্তন তথা উন্নীতকৰণত তেওঁলোকৰো কৰণীয়খিনি বুজি উঠক আৰু সেইমতে কাম কৰি অপেছাদাৰী নাট্যকৰ্মীসকলৰ অৰ্থৰ সমস্যাৰ বাবে কৰিব খোজাখিনি কৰিব নোৱৰাৰ যি পৰিস্থিতি তাক নিজ পেছাদাৰীত্বৰে অতিক্ৰম কৰি যাওক। নাটকৰ মান অৱনমিত নকৰাকৈও, ভ্ৰাম্যমাণৰ ঠগত নাট ৰচনা কৰি জনপ্ৰিয় হোৱাৰ উদাহৰণ ভবেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, অৰুণ শৰ্মা আদিয়ে দেখুৱাই থৈ গৈছে। ডিজিটেল যুগে আনি দিয়া আমোদৰ মাধ্যমৰ সহজলভ্যতা আৰু আধিক্যৰ মাজত দৰ্শক শ্ৰোতা এনেয়েও বিমূঢ়। বলীউডী!দক্ষিণ ভাৰতীয় ছিনেমা বা ছিৰিয়েলৰ অনুকৰণত নাট মঞ্চস্থ কৰি, তৃণমূল পৰ্য্যায়ত ভ্ৰাম্যমাণৰ যি সবল উপস্থিতি তাৰ সদ্ব্যৱহাৰ কৰি দৰ্শকক নতুন চিন্তাৰ খোৰাক দিয়াৰ সুযোগৰ অপচয় নকৰাই ভাল।
আনহাতে, অসমৰ অপেছাদাৰী নাট্যজগতখনত কিছু পৰীক্ষা-নিৰীক্ষা দেখিবলৈ পোৱা যায় যদিও ই সাংঘাতিক কিবা এটা বা দিকনিৰ্ণায়ক মানৰ নহয়। প্ৰায়বোৰ নতুন চিন্তাৰ বাবে আমি এতিয়াও পশ্চিমৰফালে চাবলগীয়া অৱস্থা। এইটো সৰ্বজনবিদিত যে গ্ৰীক আৰু ভাৰতীয় নাটকেই পৃথিৱীৰ প্ৰাচীনতম নাটক। নেমি চন্দ্ৰ জৈনৰ দৰে বিশিষ্ট ভাৰতীয় পণ্ডিতৰ মতে ভৰতৰ নাট্যশাস্ত্ৰ সৃষ্টিৰো আগতে ভাৰতত নাট্যচৰ্চা হৈছিল। তেখেতৰ মতে খ্ৰীষ্টপূৰ্ব ১০০০ বছৰৰ আগতেও ভাৰতত নাটক আছিল। ইমান পুৰণি নাট ঐতিহ্য থকা ভাৰতত নাটক সম্পৰ্কীয় দিগদৰ্শন কিয় হ’ব নোৱাৰে? অসমত হৈ থকা নাট-প্ৰতিযোগিতাসমূহৰ কথাকে যদি চাওঁ তেন্তে অনুভৱ হয় মুষ্টিমেয় কিছু ব্যতিক্ৰম বাদ দি গৰিষ্ঠসংখ্যক নাট পুৰস্কাৰ পাবৰ বাবেই যেন তৈয়াৰ কৰা হয়। সৰহভাগ নাট্যকাৰৰ পুৰস্কাৰ পাব পৰা নাটকৰ উপকৰণ বিদিত আৰু এনে লাগে যেন এই উপকৰণসমূহৰ মিশ্ৰণেৰে নাট এখন তৈয়াৰ কৰি নাট-প্ৰতিযোগিতাসমূহৰ পৰিমণ্ডল সজীৱ কৰি ৰখাটোতেই তেওঁলোকৰ সৃষ্টিশীলতা বন্দী। সৰহভাগ নাট্যকৰ্মীৰ অধ্যয়ন শূন্য, নিৰীক্ষণ ক্ষমতা পঁয়ালগা, সৃষ্টিশীলতা অনুকৰণপ্ৰিয়তাত বন্দী। নতুন চিন্তা জন্ম হ’ব ক’ৰ পৰা? অনুকৰণেৰে নতুনৰ আৰিয়া ধৰা হোৱাৰ আশা অলীক স্বপ্ন মাথোন।
কৰ্মতকৈ ব্যক্তিক পূজাটো অসমীয়াৰ বৈশিষ্ট্য। অতএব— পূজিত বা বন্দিত হোৱাৰ অভিলাষ বা সহজ অৰ্থত জনপ্ৰিয়তাৰ মোহত পৰি প্ৰতিভাসম্পন্ন, সম্ভাৱনাপূৰ্ণ নাট্যকৰ্মীসকল সঠিক দিশৰ পৰা বিচ্যুত হোৱাটো বেদনাদায়ক। জনপ্ৰিয়তা, ব্যক্তিপূজা— এইবোৰ ক্ষণস্থায়ী তথা সময়েও মনত নৰখা বিধৰ। সময়ৰ বালিত বা বিশ্ব সম্প্ৰদায়ৰ চকুত সন্মানীয় স্থান অধিকাৰ কৰিবলৈ কথাবোৰ অসমীয়া খোলাটোৰ বাহিৰলৈ গৈ সৰ্বজনীনভাৱে চিন্তা কৰিব লাগে। আমাৰ চিন্তা বা কৰ্ম এতিয়াও— অসমৰ ভিতৰত প্ৰথম বা একমাত্ৰ —এই গণ্ডীতে ৰৈ গৈছে। আমাৰ চিঞৰবোৰ সীমা পাৰ হৈ বাহিৰলৈ যাব পৰাকৈ ডাঙৰ হৈছেনে নাই অকণমান টং কৰি চোৱাৰো দৰকাৰ। ( তাৰ মাজতো যিসকল নাট্যকৰ্মীয়ে সোঁতত উটি নগৈ সাধনা অব্যাহত ৰাখিছে, নতুনৰ সন্ধান কৰিছে— তেওঁলোকলৈ আমাৰ শুভেচ্ছা।) পিটাৰ ব্ৰুকে যেনেদৰে মূলৰ সন্ধান কৰিছিল, দৰ্শকৰ মনোজগতত প্ৰৱেশ কৰাৰ উপায় চিন্তিছিল আমাৰ অসমীয়া নাট্যকৰ্মীসকলে নোৱৰাৰ কি কথা আছে? যুদ্ধৰ আৰম্ভণি যেনেকৈ মানুহৰ মনতে হয় তেনেকৈ দৰ্শকৰ ৰুচিৰ পৰিৱৰ্তনৰ যুদ্ধখনৰো ক’ৰবাত আৰম্ভণি হোৱা উচিত।
পৰিশেষত, স্মৃতিগ্ৰন্থ সম্পৰ্কীয় দুটামান কথা উল্লেখ কৰা সজ হ’ব। সাধাৰণতে অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ বুলিলে যি ধাৰণা, সি লেখক একোজনক ভাল লেখা একোটা লিখিবলৈ অনুপ্ৰাণিত নকৰে। লেখকৰ মাননি আৰু লেখকলৈ গ্ৰন্থখন পঠিওৱা কামটো গৰিষ্ঠসংখ্যক উদ্যাপন সমিতিয়ে উপেক্ষা কৰি চলে। অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ ৫৭সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতাৰ স্মৃতিগ্ৰন্থখনিৰ দায়িত্ব আমাৰ কান্ধতে পৰাত পৰিস্থিতি সম্পৰ্কে আমি অৱগত আছিলোঁ আৰু সংৰক্ষণযোগ্য গ্ৰন্থ এখন কৰাৰ উদ্দেশ্য আগত ৰাখি যৎপৰোনাস্তি চেষ্টা কৰাৰ লগতে লেখকৰ মাননি তথা গ্ৰন্থখন যাতে লেখকৰ হাতত পৰেগৈ এই কথাখিনিৰ প্ৰতিও মনোযোগী আছিলোঁ। গ্ৰন্থখনি যাতে নাট্যকৰ্মী, ছাত্ৰ-ছাত্ৰী তথা আগ্ৰহী ৰাইজৰো কামত আহে তাৰ বাবে যথাসম্ভৱ মানসম্পন্ন লেখা (মূলতঃ প্ৰবন্ধ) চয়ন কৰিবলৈ চেষ্টা কৰা হৈছে। লেখাসমূহৰ বৰ্গীকৰণ বিষয়-কেন্দ্ৰিক আৰু কিছু পৰিমাণে সময়ানুক্ৰমিক। লেখা প্ৰকাশৰ ক্ৰমে কোনোপধ্যেই লেখাৰ মান সূচাইছে বুলি ধৰিব নালাগে। গ্ৰন্থখনিৰ ই-সংস্কৰণ এটাৰ কথাও ভবা হৈছে যদিও আশা ৰাখিছোঁ ই মাত্ৰ বছৰচেৰেকৰ বাবে নহৈ সদা উপলব্ধ হ’ব। ঘিলামৰাৰ দৰে সৰু ঠাই এখনত সীমিত পুঁজিৰ আহুকালত মনে ভবামতে কামবোৰ কৰিব পৰা নহয়গৈ যদিও পেচাগত ব্যস্ততাৰ মাজতো সময় উলিয়াই আমাৰ ফালৰ পৰা যথাসম্ভৱ প্ৰয়াস কৰা হ’ল। আমাৰ (সম্পাদনা সমিতিৰ) অনুৰোধ উপেক্ষা নকৰি যিসকল লেখকে তেখেতলোকৰ বহুমূলীয়া সময় খৰচ কৰি লেখা আগবঢ়ালে তেখেতলোকলৈ এই চেগতে অশেষ ধন্যবাদ যাচিলোঁ।
কথাখিনি শেষ কৰাৰ আগেয়ে দুজনমানৰ নাম নল’লে অকৃতজ্ঞতাৰ দোষে চুব। তেওঁলোক হ’ল— চেপন মহাবিদ্যালয়ৰ অধ্যাপক ঘিলামৰাৰে সন্তান অসীম চুতীয়া, নৰ্থ বেংক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক স্বপ্নালী বৰগোহাঁই, সম্পাদনা সহযোগী দীপংকৰ চেতিয়া আৰু ভাতৃপ্ৰতিম আকাশ প্ৰিয়ম। এই চেগতে সম্পাদনা সমিতিৰ সুৰেশ্বৰ বড়া, দীনেশ গগৈ, ড০ নৰেন দাস, ড০ কেশৱ হাজৰিকা, পাপৰি গগৈ, দীপামণি হাজৰিকাৰ লগতে অন্যান্য বিষয়ববীয়া আৰু সদস্যসকল তথা গ্ৰন্থখনিৰ দায়িত্ব ল’বলৈ আমাক উপযুক্ত বিবেচনা কৰাৰ বাবে ইংগিতৰ সমূহ কৰ্মকৰ্তা, সদস্য-সদস্যা আৰু ঘিলামৰাবাসী ৰাইজলৈ মোৰ আন্তৰিক কৃতজ্ঞতা যাচিলোঁ।
জয়তু অসম নাট্য সন্মিলন, জয়তু ইংগিত ঘিলামৰা।