গুণনিধি - সম্পাদকীয়
সম্পাদকীয় - প্ৰকাশক: শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, ঘিলামৰা আঞ্চলিক শাখা
সম্পাদকীয়
“মই কোন? মই বা আত্মাৰ অৱস্থিতি ক’ত ?”, “জীৱনৰ উদ্দেশ্যই বা কি?”-প্ৰতিজন ব্যক্তিৰ মনত বোধহয় এনেধৰণৰ প্ৰশ্ন জীৱনত এবাৰলৈও উদয় নোহোৱাকৈ নাথাকে। তাৰ মাজৰ কিছুসংখ্যক চিন্তাশীল ব্যক্তিয়ে উত্তৰৰ সন্ধান কৰাৰ সময়ত দুটা পথৰ আলি-কেঁকুৰিত দ্বিধাগ্রত্ত হৈ থমকি ৰ’বলগীয়া হয়। প্ৰথমটো পথৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে কিছু পূৰ্বপ্ৰসংগৰ অৱতাৰণা প্ৰাসংগিক হ’ব।
সাম্প্ৰতিক সময়ৰ নৃতত্ত্ব বিজ্ঞানৰ অনুপম কৃতি য়ুভাল নোআ হাৰাৰিৰ A brief history of time - শীৰ্ষক গ্ৰন্থৰ মতে যদিও মানৱজাতিৰ সৃষ্টি প্রায় ২.৫ নিযুত বছৰৰ আগেয়ে হৈছিল, ইয়াৰ উত্তৰণ বহু পাছলৈ, ঘাইকৈ তিনিটা পৰিঘটনাৰ ফলশ্ৰুতিত হৈছিল। সেইকেইটা হৈছে--- ৭০ হাজাৰ বছৰৰ পূৰ্বে আৰম্ভ হোৱা বোধশক্তিৰ বিপ্লৱ, ১০ হাজাৰ বছৰৰ পূৰ্বে আৰম্ভ হোৱা কৃষি বিপ্লৱ আৰু ৫০০ বছৰৰ আগেয়ে আৰম্ভ হোৱা বিজ্ঞানৰ জয়যাত্ৰা। বিজ্ঞানৰ জয়যাত্ৰা আৰম্ভ হোৱাৰ বহু শ-বছৰৰ পূৰ্বেই ভাৰতবৰ্ষত খষি-মুনিসকলে আধ্যাত্মিক চিন্তাৰ পাতনি মেলিছিল। আজিৰ আধুনিক যুক্তিবাদী পৰিমণ্ডলৰ প্রভাৱত হোৱা মানসিক চিন্তাৰ একদেশদৰ্শিতা আৰু গৰ্বক একাষৰীয়া কৰি থৈ যদি চোৱা যায়, সেইসময়ৰ খাষি-মুনিসকলৰ চিন্তাৰ গভীৰতা আৰু ব্যাণ্ডি দেখি বিস্মিত নোহোৱাকৈ থাকিব নোৱাৰি।
আজিৰ কোৱাণ্টাম ধাৰণা আৰু প্ৰাচীন যুগতে বিকশিত অদ্বৈতবাদৰ সাদৃশ্য, সমান্তৰাল ব্ৰহ্মাণ্ডৰ ধাৰণা আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ধাৰণা— এইবোৰ মাত্ৰ কাকতালীয় চিন্তা নহয়।
চিন্তাৰ স্বৰূপ কি? মানুহৰ চিন্তা সঞ্চিত তথ্য যাক আমি স্মৃতি বুলি কওঁ তাৰ ভিন্ন ৰূপৰ বিন্যাস আৰু সংযুতিহে। হৰ্ষ-বিষাদ, ত্ৰেপধ, ভয় আদি সকলো ভাবনা স্মৃতিৰ সৈতে মনৰ কুচকাৱাজৰ ফলশ্ৰুতি। স্মৃতি লোপ পালে ভাবনাও লোপ পায়। এই স্মৃতিৰো আছে কেইবাটাও ভাগ। বহুতে ভবাৰ দৰে স্মৃতিৰ বাসস্থান কেৱল মগজু নহয়। পিতৃ-মাতৃৰ দেহৰ কোষৰ মাজৰ জিনত সঞ্চিত হৈ ৰোৱা ব্লু-প্রিণ্টো এক ধৰণৰ স্মৃতিয়েই। ভৌতিক শৰীৰৰ দৰে আধিভৌতিক শৰীৰতো স্মৃতি বিৰাজমান। কোৱা হয় ব্যক্তিৰ কৰ্মফল জন্মান্তৰলৈ সঞ্চিত হৈ থাকে এই আধিভৌতিক শৰীৰত। প্ৰামাণিক তথ্যৰ ওপৰত নিৰ্ভৰশীল আধুনিক বিজ্ঞানে ভৌতিক পৰিমণ্ডলৰ বাহিৰৰ কথা৷ মানি নলয় যদিও ০০৷০10091689- যাক আমি চৈতন্য বুলি কওঁ তাৰ সন্ধানত কিছু বিজ্ঞানীয়ে গৱেষণা চলাই আছে আৰু তেখেতলোকে প্ৰায় এমূৰে বন্ধ আলিৰ দৰে অৱস্থাত উপনীত হৈ অতীন্ধ্ৰিয় চিন্তাৰ সৈতে জড়িত ব্যক্তিৰ সৈতে পথৰ সন্ধানত খোলা মনেৰে আলোচনাত মিলিত হোৱা দেখিবলৈ পাইছোঁ। ই শুভ লক্ষণ। বিজ্ঞানেই হওক, আধ্যাত্মিক চিন্তাই হওক--- সত্যানুসন্ধানৰ পথত ইটোৱে সিটোক নাকচ কৰাৰ চেষ্টা কৰাতকৈ সমিলমিলেৰে গ’লে এদিন হয়তো বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যও উন্মুক্ত হ’বগৈ পাৰে।
আধ্যাত্মিক চিন্তাৰ ক্ষেত্ৰত ভাৰত সদায় ধনী। তাহানিৰ খষি-মুনিসকল আৰু কুৰি শতিকাতো জিড্ডু কৃষ্ণমূৰ্তিৰ দৰে অসাধাৰণ মনীষীৰ জন্ম হৈছে ভাৰতত। ইশ্বৰৰ অস্তিত্বক নস্যাৎ কৰা তাহানিৰ কপিল মুনিৰ দৰে আধুনিক যুগৰ জে. কৃষ্ণমূৰ্তিৰ দৰে লোকে প্রকৃতিপ্রদত্ত অসাধাৰণ বুদ্ধিৰে দুৰ্বোধ্য যুক্তিৰ ব্যৱচ্ছেদ কৰিবলৈ সক্ষম। সৃষ্টিৰ স্বৰূপ, ইয়াৰ উদ্দেশ্য আদিৰ সম্পৰ্কে এওঁলোকৰ দৰে লোকে তীক্ষ প্রজ্ঞাৰে সন্ধানৰত হ’ব পাৰে। অভিজ্ঞতা নোহোৱাকৈ বা সোৱাদ নোপোৱাকৈ এই পথৰ পথিকে কোনো কথা মানি নলয়। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অসংখ্য তৰাৰ মাজৰ মধ্যমীয়া এটি তৰা সূৰ্যৰ আঠোটা গ্ৰহৰ মাজৰ মধ্যমীয়া আকাৰৰ পৃথিৱী নামৰ গ্ৰহটোত থকা কোটি কোটি জীৱৰ মাজৰ মানুহ ৰূপধাৰী এজন লোকৰ মাজৰ ‘মই’ৰ স্থিতি কল্পনা কৰিলে নিজৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ অস্তিত্ব অনুভৱ হয় আৰু তেনে লোকৰ হৃদয়ত দাস্য ভাৱৰ উদয় নোহোৱাকৈ থাকিব নোৱাৰে। অলপ দকৈ গমি চালেই দেখিব যে এই ব্ৰহ্মাণ্ডত আপুনি স্বতন্ত্ৰ নহয়। মানৱশৰীৰ বুলি ভবা আপোনাৰ শৰীৰটোৰ সৰহ অংশই অণুজীৱ যিবোৰে আপোনাৰ খাদ্য জীণ নিওৱাই নহয়, আপোনাৰ চিন্তালৈকে নিয়ন্ত্ৰণ কৰে। আপুনি ভাবি থকা ‘মই’জন আচলতে ‘আমি’হে।৷ এই ব্ৰহ্মাণ্ডক এক বিশাল তন্ত্ৰ বুলি ধৰিলে আপুনি সেই তন্ত্ৰৰ এক ক্ষুদ্ৰাতিক্ষু্ৰ উডপাংশহে। যোগৰ উদ্দেশ্যও মানুহৰ মনত এই উপলব্ধিৰ উদয় কৰোৱা। উপলব্ধি মানে ইয়াত জনা বা বুজাৰ কথা কোৱা হোৱা নাই; ইয়াক অনুভৱ কৰা বা অভিজ্ঞতা লভাৰ কথাহে কোৱা হৈছে।
এয়া কঠিন জ্ঞান-মাৰ্গ ৷ কিন্ত, এওলোকৰ পথ অনুসৰণ কৰিব পৰাৰ সক্ষমতা থকা ব্যক্তি সংসাৰত ওলাব কেইজন? সেইবাবে, শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহান মনীষীয়ে জ্ঞান-মাৰ্গৰ পৰিৱৰ্তে দ্বিতীয়টো পথ--- ভক্তিমাৰ্গৰ মাধ্যমেৰে জীৱৰ উত্তৰণ তথা মুক্তিৰ পোষকতা কৰিছিল।
এতিয়া আহোঁ৷ লেখাটোৰ আৰম্ভণিৰ মানৱ মনৰ চিৰন্তন প্ৰশ্নটোলৈ৷ আত্মা বা ‘ম্ই’ক বুজিবলৈ মোৰ বোধেৰে মাণ্ডুক্য উপনিষদৰ নিম্নোক্ত শ্লোক বা মন্ত্ৰটো এক শ্রেষ্ঠ উপায়। কোৱা হয়--- মাণ্ডুক্যম একম কেৱলম মুমুক্ষুনাম বিমুক্তয়ে। জীৱৰ মুক্তিৰ বাবে বিস্তৰ শাস্ত্ৰ জনাৰ প্রয়োজন নাই; কেৱল মাণ্ডুক্য উপনিষদেই ইয়াৰ বাবে যথেষ্ট
“নাস্তঃপ্ৰজ্ঞম ন বহিল্প্ৰজ্ঞম নৌভয়তঃপ্রজ্ঞম ন প্ৰজ্ঞানঘনম ন প্রজ্ঞম নাপ্রজ্ঞম। অদৃষ্টম অব্যৱহাৰ্যম অগ্রাহ্যম অলক্ষ্যনম অচিন্তম অব্যপদেশম একাত্মপ্রত্যয়সাৰম প্রপঞ্চৌপশমম শান্তম শিৱম অদন্বৈতম চতুৰ্থম মন্যন্তে চ আত্মা চ বিজ্ঞেয়ঃ।।”
ৰজা জনক আৰু অষ্টাবক্ৰ মুনিৰ এটি অনুপম কাহিনী আছে। নিদ্ৰাৰত জনক ৰজাই যেতিয়া সপোনত তেওঁৰ দেশ আক্ৰমণ কৰা ৰজাৰ সৈতে যুদ্ধত পৰাজিত হ’ল আৰু বিভিন্ন ধৰণৰ দুখ-কষ্টৰ সন্মুখীন হ’ল; সাৰ পোৱাৰ পাছতো জনক ৰজাৰ মনৰ পৰা সপোনৰ অভিজ্ঞতাই লগ নেৰা হ’ল। এখন যুদ্ধত হ’ব পৰা সকলোবোৰ অভিজ্ঞতা স্বপ্নাৱস্থাত তেওঁৰ প্রাপ্ত হ’ল; দুখ-কষ্টই জৰ্জৰিত কৰা মনৰ তথা শৰীৰৰ বেদনাৰো সাক্ষী হ’ল তেওঁ। তেওঁ ভাবি পাৰ নোপোৱা হ’ল যে সপোনত তেওঁৰ যি অভিজ্ঞতা হ’ল সেয়া সত্য নে বাস্তৱৰ অস্তিত্বহে সত্য। এই প্রশ্নৰ সমিধান দি অষ্টাবক্ৰ মুনিয়ে কৈছিল--- স্বপ্ন বা বাস্তৱ কোনোৱেই সত্য নহয়, কিন্তু স্বপ্ন বা বাস্তৱক প্রত্যক্ষ কৰা সাক্ষী ‘মই’জনহে প্ৰকৃত সত্য। তেন্তে, কি এই ‘মইৰ স্বৰূপ? মাণ্ডুক্য উপনিষদত ইয়াক তুৰীয় বা চতুৰ্থ বুলি কোৱা হৈছে। জাগৃতি, স্বপ্ন, সুষুণ্তি আৰু তুৰীয়— এই চাৰিওটা অৱস্থা আচলতে একেটাৰে ভিন্ন ৰূপ। সোণৰ হাৰ এডাল, সোণৰ খাৰু এপাত বা সোণৰ আঙুঠি এটা মূল উপাদান সোণৰেই ভিন্ন ৰূপ। হাৰ, খাৰু বা আঙুঠিটোকে সোণ বুলি ভাবিলে যেনেকৈ ভুল হ’ব, তেনেকৈ এইবোৰৰ ব্যতিৰেকে সোণ বিচাৰিলেও ভুল হ’ব। সেইদৰে, তুৰীয়কে আত্মা বা সাক্ষীজনৰ আচল স্বৰূপ বুলি ভাবিলেও ভুল হ’ব। জাগৃতি বা সচেতন অবস্থা বা বাস্তৱ, স্বপ্ন বা আভাসী অৱস্থা, সুষুপ্তি বা জাগৃতি আৰু স্বপ্নৰ মাজৰ অৱস্থা য’ত না কোনো স্বপ্নৰ অস্তিত্ব থাকে না কোনো বাস্তৱৰ অস্তিত্ব থাকে-_ এই অৱস্থাবোৰক অহৰ্নিশে প্রত্যক্ষ কৰ থকা নিৰাকাৰ, নিৰ্গুণ, অব্যক্ত সাক্ষীজনেই আত্মা বা মই। কিন্তু এই সাক্ষী তুৰীয় বা চতুৰ্থ অৱস্থা এটা নহয়-_ ই হৈছে জাগৃতি, স্বপ্ন, সুষুণ্ডি ৰূপেৰে জীৱদেহত নিজৰ স্বৰূপ প্ৰকাশ কৰা অমোঘ শক্তি যাৰ কোনো জন্ম নাই, নাই কোনো লয়, যাক কোনো জ্ঞানেৰে ঢুকি পাব নোৱাৰি, না কোনো ভাষাৰে সামৰিব পাৰি---সেই নিৰাকাৰ, নিৰ্গুণ, অব্যক্ত ব্ৰহ্মৰ অংশ। এই ব্ৰহ্মই হৈছে জীৱ-জড় সকলোকে সামৰা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ চালিকা শক্তি। সশোপনিষদৰ- “ঙ্গশা বাস্যম ইদম সৰ্বম যৎ কিঞ্চ জগত্যম জগৎ” বা আমাৰ শংকৰ গুৰুজনাৰ “কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম”ৰ ইয়েই মূল কথা। জ্ঞানমাৰ্গৰ পথিক এজন যোগীয়ে ধ্যানৰ সময়ত এই সাক্ষীৰ স্বৰূপ উপলব্ধি কৰিবলৈ চেষ্টা কৰে ভৌতিক শৰীৰ তথা৷ মনৰপৰা ‘মই’জনক নিলগাই সাক্ষীৰূপে সকলোবোৰ প্ৰত্যক্ষ কৰাৰ অনুশীলনেৰে ৷ তেওঁ পঞ্চভূতেৰে নিৰ্মিত ক্ষুদ্ৰ-ব্ৰহ্মণ্ড শৰীৰটোৰ মাধ্যমেৰে একেই উপাদানেৰে গঠিত বিশ্বব্ৰহ্মাণ্ডৰ স্বৰূপ উপলব্ধি কৰিবলৈ চেষ্টা কৰে। কিন্তু- “অব্যক্ত ইশ্বৰ হৰি কিমতে পূজিবা তাঙ্ক ?”__ তেন্তে সেই নিৰাকাৰ, নিৰ্গুণ, অব্যক্ত ব্ৰহ্মৰ স্বৰূপ পঞ্চেন্দ্ৰিয়ৰ সীমাবদ্ধতাৰে উপলব্ধি কৰাৰ উপায় কি? ইমান কঠিন কাৰ্য সকলোৰে দ্বাৰা সাধিত হোৱা সম্ভৱনে? আৰু সেইবাবেই মহাপুৰুষ খ্ৰীমন্ত শংকৰদেৱে এই সুকঠিন মাৰ্গত খোজ নিদিয়াকৈও একেখিনি উপলব্ধি হ’ব পৰা, সকলোৰে বোধগম্য হোৱা, পালন কৰিব পৰা এক পথৰ পোষকতা কৰিলে। এয়াই তেৰাৰ প্ৰচাৰিত একশৰণ হৰি নাম ধৰ্ম । বেদ-উপনিষদ-গীতা-ভাগৱতৰ গভীৰ জ্ঞান আৰু তাৰ সাৰ অংশ সাধাৰণ লোকৰ বোধগম্য হোৱাকৈ, সকলো মানুহে বুজিব পৰা ভাষাত অনুপম ৰূপত উপস্থাপন কৰা সাধাৰণ লোকৰ কাম হ’ব নোৱাৰে। ভক্তিক মূল উপজীব্য হিচাপে লোৱা এই পথ জ্ঞানমাৰ্গৰ অভিজ্ঞতানিৰ্ভৰ উপলব্ধিৰ বিপৰীতে বিশ্বাসৰ ওপৰত প্রতিষ্ঠিত। বিশ্বাসৰ সাগৰ সংকাশ প্ৰচণ্ড শক্তিৰ বিপৰীতে এক ডাঙৰ দুৰ্বলতাও আছে। ই মানুহৰ জনাৰ ইচ্ছাক অৱদমিত কৰে। বিশ্বাসৰ অৰ্থই হ’ল যিটো আপুনি নাজানে বা যাৰ বিষয়ে প্ৰত্যক্ষ অভিজ্ঞতা লভা নাই সেইসম্পৰ্কে আনে কি কৈছে তাক মানি লোৱাটো। ই জ্ঞানমাৰ্গৰ পৰিপন্থী । জ্ঞানৰ বহুদিশ বস্তুবাচক বা নৈৰ্ব্যক্তিক নহয়, ই ব্যক্তিনিষ্ট বা subjective-হে। অৰ্থাৎ বিষয় সম্পৰ্কে আনে কি কৈছেতকৈ আপুনি কি অভিজ্ঞতা লভিছে সেয়াই আপোনাৰ বাবে সত্য। আনুষ্ঠানিক ধৰ্মই আধুনিক যুক্তিবাদী যুৱজামক আকৰ্ষিত কৰিব নোৱৰাৰ ইও এক কাৰণ।
বিশ্ব-ব্ৰহ্মাণ্ডত বিয়পি থকা জ্ঞানৰ বিশালতাৰ তুলনাত এজন মানুহে আহৰণ কৰিব পৰা জ্ঞান তেনেই সামান্য। সেইবাবে অজ্ঞানতাৰ সৈতে নিজকে অভিন্ন বুলি ধৰিলে জ্ঞানৰ ক্ষুধা প্ৰবল হয়; কিয়নে৷ সাধ্য জ্ঞানৰ পৰিমাণ সীমিত, অজ্ঞানতা অসীম। যৎসামান্য জ্ঞানৰ পৰা উদ্ভূত অহংকাৰে মানুহক কৰি তোলে দিক্বিদিক্শূন্য ৷
এই দিক্বিদিক্শূন্যতাৰ পৰা উদ্ভাসনলৈ, অজ্ঞানতাৰ পৰা জ্ঞানলৈ, সংসাৰবন্ধনৰ পৰা মুক্তিলৈ যি কৃচ্ছসাধ্য যাত্ৰা, পৰমব্ৰহ্মৰ শৰণাগত হৈ, ভক্তিৰ অমোঘ শক্তিৰে সেই যাত্ৰ৷ কৰি তুলিব পাৰে পৰম আনন্দময়। “জ্ঞানে কৰ্মে তাৱে তাৰিতে নপাৰে ভকতি নপাৱে যাৱে”— মাধৱগুৰুজনাৰ এয়ে বাণী।
উৎপল ফুকন সম্পাদক, গুণনিধি
।। জয় গুৰু শংকৰ ।।